ETV Bharat / sports

বিয়াত বহিব নেকি মনু ভাকৰ-নীৰজ চোপ্ৰা ? বিষয়টোত ষ্টাৰ শ্বুটাৰৰ পিতৃয়ে প্ৰথমবাৰৰ বাবে খুলিলে মুখ - rumours of Manu and Neeraj Affair

Manu bhaker neeraj chopra marriage: তাৰকা শ্বুটাৰ মনু ভাকৰৰ পিতৃ ৰামকিষণ ভাকৰে মনু ভাকৰ আৰু নীৰজ চোপ্ৰাৰ বিবাহ সম্পৰ্কে তেওঁৰ নীৰৱতা ভংগ কৰি এক ডাঙৰ ইংগিত দিছে । জানো আহক অলিম্পিক পদক জয়ী দুই ক্ৰীড়াবিদৰ বিয়াৰ সন্দৰ্ভত কি ক’লে শ্বুটাৰগৰাকীৰ দেউতাকে ৷

Etv Bharat
মনু ভাকৰ - নীৰজ চোপ্ৰাই (IANS)
author img

By ETV Bharat Sports Team

Published : August 13, 2024 at 2:27 PM IST

2 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক, 13 আগষ্ট: পেৰিছ অলিম্পিক ২০২৪ ৰ সমাপ্তিৰ পিছত নীৰজ চোপ্ৰা আৰু মনু ভাকৰৰ এটা ভিডিঅ' দেশত আটাইতকৈ চৰ্চাৰ বিষয় হৈ পৰিছে । য'ত পেৰিছ অলিম্পিকৰ দুয়োগৰাকী পদক বিজয়ীক হাঁহি থকা আৰু ইজনে সিজনৰ সৈতে কথা পাতি থকা দেখা গৈছে । ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । অনুৰাগীসকলে এই ভিডিঅ'টোত মন্তব্যও কৰিবলৈ আৰম্ভ কৰিছে যে 'দুয়ো বিবাহ কৰিবলৈ গৈ আছে', 'সম্পৰ্ক ঠিক হ’ল' আৰু ক’ত যে কি কি ।

মনুৰ মাকৰ সৈতে নীৰজৰ ভিডিঅ'ও ভাইৰেল

অনুৰাগীসকলৰ মাজত দুয়োৰে বিবাহৰ বিষয়টো অধিক চৰ্চা লাভ কৰিছে কাৰণ ইতিমধ্যে মনু ভাকৰৰ মাতৃ সুমেধা ভাকৰ আৰু নীৰজ চোপ্ৰাৰ সাক্ষাতৰ আন এটা ভিডিঅ' ইণ্টাৰনেটত আলোচনাৰ বিষয় হৈ পৰিছে । মানুহে ভিডিঅ'টোক লৈ কৌতুক কৰিব ধৰিছে যে, মনুৰ মাকে জেভলিন থ্ৰ’ৱাৰগৰাকীৰ সৈতে কথা পাতি আছিল এই কথা জানিবলৈ যে তাৰকাগৰাকী তেওঁৰ জীয়েকৰ বাবে উপযুক্ত সংগী নেকি ।

মনুৰ দেউতাক ৰাম কিষাণ ভাকৰে মুখ খুলিলে বিষয়টোত

সামাজিক মাধ্যমত ভাইৰেল মিম আৰু পোষ্টৰ জোৱাৰৰ মাজত, এতিয়া মনু ভাকৰৰ দেউতাক ৰামকিষণ ভাকৰে দুয়োৰে বিবাহৰ বিষয়ে মুকলি কৈছে আৰু কৈছে যে তেওঁৰ জীয়েক ' এতিয়া বহুত সৰু' আৰু তেওঁ 'তাইৰ বিয়াৰ বিষয়ে এতিয়াই চিন্তা কৰা নাই'।

দৈনিক ভাস্কৰৰ সৈতে হোৱা কথা-বতৰাত মনু ভাকৰৰ দেউতাক ৰামকিষণ ভাকৰে কৈছে, 'মনু এতিয়াও বহুত সৰু । তাই আনকি বিবাহযোগ্য বয়সৰো নহয় আৰু এতিয়ালৈকে আমি এই বিষয়ে চিন্তাও কৰা নাই ।’ পত্নী আৰু নীৰজ চোপ্ৰাৰ ভাইৰেল ভিডিঅ'টোত মন্তব্য কৰি ৰামকিষণে কয়, "মনুৰ মাকে নীৰজক নিজৰ পুত্ৰৰ দৰে গণ্য কৰে"।

দুয়োৱে পেৰিছ অলিম্পিকত কৰিছিল দৰ্শনীয় প্ৰদৰ্শন

ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰে শেহতীয়াকৈ সমাপ্ত হোৱা পেৰিছ অলিম্পিক ২০২৪ ত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্ট আৰু ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্ট দুয়োটাতে ২ টা ব্ৰঞ্জৰ পদক জিকিছিল । একে সময়তে, টকিঅ' অলিম্পিক 2020 চেম্পিয়ন তথা তাৰকা জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই এই অলিম্পিকত 89.45 মিটাৰ থ্ৰোৰে ৰূপৰ পদক অৰ্জন কৰে ।

লগতে পঢ়ক: পদক অবিহনে অলিম্পিক ভিলেজ ত্যাগ বিনেশ ফোগাটৰ - Paris Olympics 2024

প্ৰেমৰ ডোলেৰ বান্ধ খাইছে নেকি মনু ভাকৰ আৰু নীৰজ চোপ্ৰা ? ছ'চিয়েল মিডিয়াত তীব্ৰ চৰ্চা - Paris Olympics 2024

পেৰিছ অলিম্পিকত ভাৰতীয় খেলুৱৈৰ এই বিতৰ্কই লজ্জিত কৰিছিল দেশক - Paris Olympics 2024