ETV Bharat / sports

পোলেণ্ডত ত্ৰিৰংগ উৰুৱালে নীৰজ চোপ্ৰাই; অৱশ্যে বঞ্চিত হ'ল স্বৰ্ণ পদকৰ পৰা

ভাৰতৰ স্বৰ্ণপুত্ৰ নীৰজ চোপ্ৰাই পোলেণ্ডত ৰূপৰ পদক অৰ্জনেৰে চলিত ছিজনত তৃতীয়টো পদক হস্তগত কৰে ।

Neeraj Chopra win silver in Poland
নীৰজ চোপ্ৰা (AFP)
author img

By ETV Bharat Assamese Team

Published : May 24, 2025 at 11:36 AM IST

2 Min Read
Choose ETV Bharat

চোৰজোভ (পোলেণ্ড) : ভাৰতৰ দ্বৈত অলিম্পিক পদক বিজেতা তথা দেশত স্বৰ্ণপুত্ৰ নামেৰে প্ৰখ্যাত নীৰজ চোপ্ৰাই শুকুৰবাৰে পোলেণ্ডত অনুষ্ঠিত জনুছ কুচছিনস্কি সোঁৱৰণী প্ৰতিযোগিতাত পুৰুষৰ জেভলিন থ্ৰ'ত দ্বিতীয় স্থান দখল কৰে । এই পদকৰ সৈতে নীৰজে চলিত ছিজনত তৃতীয়টো পদক অৰ্জন কৰে । কিন্তু তেওঁ ডোহাৰ ডায়মণ্ড লীগত প্ৰদৰ্শন কৰা তেখতৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন পুনৰাবৃত্তি কৰাত অক্ষম হয় আৰু ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগা হয় ।

ভাৰতৰ তাৰকা জেভলিন থ্ৰ'ৱাৰগৰাকীয়ে সম্পূৰ্ণ প্ৰতিযোগিতাখনত তীব্ৰ সংগ্রাম কৰিবলগা হয় আৰু কেইবাবাৰো ফাউল কৰে । অৱশ্যে ষষ্ঠ ৰাউণ্ডত ৮৪.১৪ মিটাৰৰ থ্ৰ' তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে পৰিগণিত হয় । কিন্তু ৮৪ মিটাৰৰ থ্ৰ' অতিক্ৰম কৰাৰ পিছতো নীৰজ চোপ্ৰাই ছয় ৰাউণ্ডৰ অন্তত প্ৰথম স্থান দখল কৰাত বিফল হয় ।

আনহাতে, জাৰ্মানীৰ তাৰকা খেলুৱৈ জুলিয়ান ৱেবাৰে ৮৬.১২ মিটাৰৰ থ্ৰ'ৰে প্ৰথম স্থান দখল কৰি স্বৰ্ণ পদক অৰ্জন কৰে । ইফালে তেওঁৰ ষষ্ঠ আৰু অন্তিম প্ৰয়াসত ৮৪.১৪ মিটাৰ থ্ৰ' কৰি নীৰজ চোপ্ৰাই গ্ৰেনাডাৰ দুবাৰৰ বিশ্ব চেম্পিয়ন এণ্ডাৰছন পীটাৰ্ছক অতিক্ৰম কৰে । তেওঁৰ সৰ্বশ্ৰেষ্ঠ দূৰত্ব ৮৩.২৪ মিটাৰ অতিক্ৰম কৰি ব্ৰঞ্জৰ পদক দখল কৰে ।

উল্লেখ্য যে, বিগত সপ্তাহত ডোহাত প্ৰথমবাৰৰ বাবে ৯০ মিটাৰ অতিক্ৰম কৰা ২৭ বছৰীয়া নীৰজ চোপ্ৰাই এই প্ৰতিযোগিতাত নিজৰ ছন্দলৈ উভতি আহিব পৰা নাছিল । প্ৰথমটো থ্র' ফাউল হোৱাৰ পাছত তাৰকা ভাৰতীয় এথলীটগৰাকীয়ে ৮১.২৮ মিটাৰৰ দ্বিতীয়টো থ্ৰ' কৰে । কিন্তু তেওঁ নিজৰ এই প্ৰয়াসৰ পাছত সুখী নাছিল । ইয়াৰ উপৰিও চোপ্ৰাৰ বাবে পৰিস্থিতি সিমান এটা ভাল নাছিল । কিয়নো তেওঁৰ তৃতীয় আৰু চতুৰ্থ থ্ৰ'ও ফাউল হৈছিল ।

ইফালে জাৰ্মানীৰ জুলিয়ন ৱেবাৰে নিজৰ শক্তিশালী ফৰ্ম অব্যাহত ৰাখি পুনৰবাৰ নীৰজ চোপ্ৰাক পৰাস্ত কৰি ৮৬.১২ মিটাৰ বিজয়ী থ্র'ৰে প্ৰথম স্থান লাভ কৰে । ৱেবাৰে ডোহাত ৯১.০৬ মিটাৰ নিক্ষেপ কৰি স্বৰ্ণ পদক লাভ কৰিছিল, যিটো তেওঁৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ৯০ মিটাৰৰ সীমা অতিক্ৰম কৰাৰ সুযোগো আছিল ।

লগতে পঢ়ক :বাংলাদেশক পৰাস্ত কৰি ইতিহাস ৰচিলে UAE দলে - UAE VS BAN
লগতে পঢ়ক :নীৰজ চোপ্ৰাৰ অনন্য সফলতা: প্ৰধানমন্ত্ৰীৰ অভিনন্দন - NEERAJ CHOPRA BREACH 90M MARK