নতুন দিল্লী: জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নীৰজ চোপ্ৰাৰ দেশপ্ৰেমক লৈ উত্থাপন হৈছে প্ৰশ্ন ৷ কিয়নো সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ পিছতো ভাৰতীয় খেলুৱৈগৰাকীয়ে পাকিস্তানী খেলুৱৈ আৰ্শ্বাদ নদীমক নীৰজ চোপ্ৰা ক্লাছিকলৈ আমন্ত্ৰণ জনাইছিল ৷
ইয়াৰ পিছত দুবাৰৰ অলিম্পিক পদক বিজয়ীগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি নিজৰ দেশপ্ৰেমৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাত দুখ প্ৰকাশ কৰে ।
তীব্ৰ সমালোচনাৰ সন্মুখীন নীৰজ চোপ্ৰা
২৪ মে’ত বেংগালুৰুৰ শ্ৰীকান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া অনুষ্ঠান নীৰজ চোপ্ৰা ক্লাছিকলৈ আৰ্শ্বাদক আমন্ত্ৰণ জনোৱাৰ বাবে খেলুৱৈগৰাকীৰ লগতে তেওঁৰ পৰিয়াল তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷
— Neeraj Chopra (@Neeraj_chopra1) April 25, 2025
অৱশ্যে ভাৰতীয় খেলুৱৈগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই নিমন্ত্ৰণ পত্ৰ আক্ৰমণৰ পূৰ্বে প্ৰেৰণ কৰা হৈছিল ৷ আৰ্শ্বাদ পেৰিছ অলিম্পিক ২০২৪ ৰ স্বৰ্ণপদক বিজয়ী আৰু বিশ্বৰ শ্ৰেষ্ঠ প্ৰতিভাগৰাকীক নিজ দেশলৈ আনিব বিচাৰে বুলিও মনৰ কথা ব্য়ক্ত কৰে নীৰজে ৷
নীৰজ চোপ্ৰাই উল্লেখ কৰে যে এই মৰ্মান্তিক ঘটনাৰ পিছত আৰ্শ্বাদৰ অংশগ্ৰহণ সম্পূৰ্ণ অসম্ভৱ হৈ পৰে ৷
নীৰজ চোপ্ৰাৰ দেশপ্ৰেমৰ ওপৰত প্ৰশ্ন
নীৰজে নিজৰ পোষ্টত লিখিছে, ‘‘মই সাধাৰণতে কম কথা কোৱা ব্যক্তি, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই ভুল বুলি ভবা কথাৰ বিৰুদ্ধে মাত নামাতো । বিশেষকৈ আমাৰ দেশৰ প্ৰতি মোৰ প্ৰেম আৰু পৰিয়ালৰ সন্মান আৰু মৰ্যদাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ ক্ষেত্ৰত ।’’
‘‘নীৰজ চোপ্ৰা ক্লাছিকত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আৰ্শ্বাদ নদীমক নিমন্ত্ৰণ কৰাৰ সিদ্ধান্তক লৈ ইতিমধ্যে বহু চৰ্চা হৈছে আৰু ইয়াৰ বেছিভাগেই ঘৃণা আৰু গালি-গালাজ । মোৰ পৰিয়ালকো এইবোৰৰ পৰা আঁতৰাই ৰখা নাছিল’’ বুলি নীৰজে দুখ প্ৰকাশ কৰে ৷
‘‘মই আৰ্শ্বাদক দিয়া নিমন্ত্ৰণ আছিল এজন খেলুৱৈৰ পৰা আন এজন খেলুৱৈলৈ, তাতকৈ বেছিও একো নাছিল আৰু কমো নাছিল’’- ভাৰতীয় খেলুৱৈগৰাকীয়ে কয় ৷
এন চি ক্লাছিকৰ লক্ষ্য আছিল শ্ৰেষ্ঠ খেলুৱৈসকলক ভাৰতলৈ অনা আৰু আমাৰ দেশক বিশ্বমানৰ ক্ৰীড়া প্ৰতিযোগিতাৰ ঘৰ হিচাপে গঢ়ি তোলা । পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ দুদিন পূৰ্বে অৰ্থাৎ সোমবাৰে আটাইকেইজন খেলুৱৈলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হয় ।
পহলগাম আক্ৰমণৰ পিছত আৰ্শ্বাদৰ উপস্থিতি সম্পূৰ্ণ অসম্ভৱ হৈ পৰে
নীৰজে আৰু লিখিছে, ‘‘যোৱা ৪৮ ঘণ্টাত যি ঘটিল, তাৰপিছত এন চি ক্লাছিকত আৰ্শ্বাদৰ উপস্থিতি সম্পূৰ্ণ অসম্ভৱ আছিল ।’’
পেৰিছ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী জেভেলিন থ্ৰ’ৱাৰগৰাকীয়ে পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত আপোনজনক হেৰুৱাই পেলোৱা পৰিয়ালসমূহৰ প্ৰতি শোকপ্ৰকাশ কৰে ।
‘‘মোৰ দেশ আৰু ইয়াৰ সৈতে জড়িত স্বাৰ্থ সদায়ে প্ৰথম স্থানত ৷ আপোনজনক হেৰুৱাই শোকপ্ৰকাশ কৰাসকলৰ বাবে মোৰ সমবেদনা আৰু প্ৰাৰ্থনা । সমগ্ৰ জাতিটোৰ লগতে যি হৈছে, তাত মই আঘাত পাইছো আৰু মোৰ খং উঠিছে ৷ মোৰ বিশ্বাস যে আমাৰ দেশে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দি আমাৰ শক্তি প্ৰকাশ কৰিব আৰু ন্যায় প্ৰদান কৰিব ৷’’
দেশপ্ৰেমক লৈ উত্থাপন কৰা প্ৰশ্নত নীৰজৰ উত্তৰ
দেশৰ প্ৰতি থকা প্ৰেমক লৈ সন্দেহৰ অৱতাৰণা কৰা লোকসকললৈ দিয়া এটা স্পষ্ট বাৰ্তাত নীৰজে কয় যে বছৰ বছৰ ধৰি তেওঁ ত্ৰিৰংগাক গৌৰৱেৰে কঢ়িয়াই লৈ ফুৰিছে ৷ সকলো মিছা বক্তব্য শুনাৰ পিছত তেওঁ মনত আঘাত পাইছে ৷
‘‘ইমান বছৰে মই গৌৰৱেৰে মোৰ দেশক আগুৱাই লৈ গৈছো, গতিকে মোৰ সততাক লৈ প্ৰশ্ন উত্থাপন হোৱা দেখি দুখ লাগিছে । মোৰ দুখ লাগে যে কোনো সুনিৰ্দিষ্ট কাৰণ নোহোৱাকৈ মোক আৰু মোৰ পৰিয়ালক টাৰ্গেট কৰা মানুহৰ বাবে মই নিজকে বুজাব লগা হৈছে’’ নীৰজে কয় ।
লগতে কয় ‘‘আমি সহজ-সৰল মানুহ, অনুগ্ৰহ কৰি আমাক আৰু একো বুজাব নালাগে । সংবাদ মাধ্যমৰ কিছুমান শিতানে মোৰ বিষয়ে বহু মিছা কাহিনী ৰচনা কৰিছে ৷ কিন্তু মই মাত মাতিব নোৱাৰাৰ বাবেই সেয়া সঁচা নহয় ।’’
পেৰিছ অলিম্পিকত স্বৰ্ণপদক লাভ কৰাৰ বাবে মাতৃয়ে আৰ্শ্বাদক প্ৰশংসা কৰি তেওঁৰ পুত্ৰ বুলি কোৱা ঘটনাটোৰ কথা মনত পেলাইছিল ২৭ বছৰীয়া নীৰজে, যিটোৱে সেই সময়ত ব্যাপক প্ৰশংসা লাভ কৰিছিল ।
নীৰজে কয় ‘‘মানুহে নিজৰ মতামত কেনেকৈ সলনি কৰে, সেয়াও বুজিবলৈ টান পাওঁ । এবছৰৰ আগতে যেতিয়া মায়ে নিজৰ সৰলতাত নিৰ্দোষী মন্তব্য কৰিছিল, তেতিয়া তেওঁৰ চিন্তাবোৰৰ বাৰুকৈয়ে শলাগ লোৱা হৈছিল । আজি একেখিনি মানুহেই তেওঁক একেটা বক্তব্যৰ বাবে টাৰ্গেট কৰিছে । ইয়াৰ মাজতে মই আৰু অধিক কষ্ট কৰিম যাতে সমগ্ৰ বিশ্বই ঈৰ্ষাৰ সলনি শ্ৰদ্ধাৰে ভাৰতক চাবলৈ আৰম্ভ কৰে ৷
লগতে পঢ়ক: "I KILL YOU"- এইদৰে মৃত্যুৰ ভাবুকি আহিল টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰলৈ