নীৰজ চোপ্ৰাৰ অনন্য সফলতা: প্ৰধানমন্ত্ৰীৰ অভিনন্দন
ডোহা ডায়মণ্ড লীগ, ২০২৫-ত কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ৯০ মিটাৰ থ্ৰ' কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে নীৰজ চোপ্ৰাক অভিনন্দন জনায় ।

Published : May 17, 2025 at 2:34 PM IST
নতুন দিল্লী : দুবাৰৰ অলিম্পিক পদক বিজেতা তথা ভাৰতৰ তাৰকা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই ডোহা ডায়মণ্ড লীগ, ২০২৫ত এক ঈৰ্ষণীয় সফলতা লাভ কৰিছে । তেওঁ নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ৯০ মিটাৰৰ সীমা অতিক্ৰম কৰি সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়ায় । তেওঁৰ এই ৰেকৰ্ড প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰী নাৰেন্দ্ৰ মোদীয়ে নীৰজ চোপ্ৰাক প্ৰশংসাৰে উপচাই দিছে ।
ভাৰতৰ তাৰকা জাভেলিন-থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই ভালা-ফেংক ইভেণ্টত 90 মিটাৰৰ সীমা অতিক্ৰম কৰা প্ৰথমগৰাকী ভাৰতীয় আৰু বিশ্বৰ 25 সংখ্যক এথলীট হিচাপে পৰিগণিত হয় । তেওঁ ষ্ট'কহম ডায়মণ্ড লীগ, 2022ত প্ৰদৰ্শন কৰা নিজৰ 89.94 মিটাৰ থ্ৰ’ক উন্নত কৰি নিজৰ ৰাষ্ট্ৰীয় ৰেকৰ্ডো ভংগ কৰে । নীৰজৰ চতুৰ্থ থ্ৰ'টো আছিল 80.56 মিটাৰ আৰু পঞ্চম থ্ৰ'টো ফাউল হয় ।
THE HISTORIC MOMENT. 🥶
— Mufaddal Vohra (@mufaddal_vohra) May 16, 2025
- Neeraj Chopra breaching the 90m mark with a 90.23m throw. 🔥pic.twitter.com/FFTnyWGaNs
নীৰজে শেহতীয়া কিছুদিনৰ পৰা 90 মিটাৰ সীমা স্পৰ্শ কৰিবলৈ চেষ্টা চলাই আছিল । তেওঁ এই সফলতাৰ বাবে যথেষ্ট কষ্ট আৰু আগ্ৰহ প্ৰকাশ কৰিছিল । ডোহা ডায়মণ্ড লীগত নিজৰ প্ৰথম প্রচেষ্টাত নীৰজ চোপ্ৰাই 88.44 মিটাৰ থ্ৰ’ কৰে । তেওঁৰ দ্বিতীয় প্রচেষ্টা ফাউল হয় । তাৰ পিছত তৃতীয় প্রচেষ্টাত এই ৰেকৰ্ড ভংগ হয় । তেওঁ মুঠ 90.23 মিটাৰ থ্ৰ’ কৰি ৰেকৰ্ড সৃষ্টি কৰে ।
A spectacular feat! Congratulations to Neeraj Chopra for breaching the 90 m mark at Doha Diamond League 2025 and achieving his personal best throw. This is the outcome of his relentless dedication, discipline and passion. India is elated and proud. @Neeraj_chopra1 pic.twitter.com/n33Zw4ZfIt
— Narendra Modi (@narendramodi) May 17, 2025
আনহাতে, নীৰজ চোপ্ৰাৰ এই সফলতাৰ বাবে অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে X-ত লিখিছে, "অসাধাৰণ সফলতা! ডোহা ডায়মণ্ড লীগ, ২০২৫ত ৯০ মিটাৰ সীমা অতিক্ৰম কৰাৰ পিছত নিজৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিগত থ্ৰ'ৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন । এইটো হৈছে তেওঁৰ নিৰন্তৰ উৎসৰ্গা, অনুশাসন আৰু আত্মবিশ্বাসৰ ফল । ভাৰত উৎসাহিত আৰু গৌৰৱান্বিত ।"
𝐓𝐡𝐞 𝐰𝐚𝐢𝐭 𝐢𝐬 𝐨𝐯𝐞𝐫! 🔥
— Olympic Khel (@OlympicKhel) May 16, 2025
Neeraj Chopra finally breaches the 90m mark at the Doha Diamond League, launching a career-best throw of 90.23m!#DohaDL pic.twitter.com/8aQ1kUyVZE
উল্লেখ্য যে তেওঁৰ এই ঐতিহাসিক থ্ৰ' সত্ত্বেও শুকুৰবাৰে ডোহা ডায়মণ্ড লীগত জাৰ্মানীৰ জুলিয়ান ৱেৱাৰৰ চমৎকাৰী থ্ৰ'ৰ কাৰণে স্বৰ্ণ জয়ৰ পৰা বঞ্চিত হয় ।
থ্ৰ'ৰ অন্তিম ছেটত ৱেবাৰে ৯১.০৬ মিটাৰৰ অভূতপূৰ্ব প্ৰদৰ্শন কৰে । যাৰ ফলত নীৰজ দ্বিতীয়স্থানলৈ অৱনমিত হয় । আনহাতে, গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে ৮৫.৬৪ মিটাৰ থ্ৰ' কৰি তৃতীয় স্থান দখল কৰে ।

