ETV Bharat / sports

বিশ্ব লন বল প্ৰতিযোগিতালৈ নিৰ্বাচিত নয়নমণি শইকীয়া-পুতুল সোণোৱাল

অহা ৪ নৱেম্বৰৰ পৰা মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া বিশ্ব লন বল প্ৰতিযোগিতালৈ নিৰ্বাচিত অসমৰ দুগৰাকী খেলুৱৈ ।

selected for the World Lawn Ball Championship
বিশ্ব লন বল প্ৰতিযোগিতালৈ নিৰ্বাচিত নয়নমণি শইকীয়া-পুতুল সোণোৱাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 2, 2025 at 7:48 AM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ : বিশ্বকাপ লন বল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন সৰুপথাৰৰ লন বল খেলুৱৈ নয়নমণি শইকীয়াৰ । প্ৰথমবাৰৰ বাবে নয়নমণি শইকীয়াৰ লগতে অসমৰেই পুতুল সোণোৱালেও যোগ্যতা অৰ্জন কৰিছে । মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ লন-বল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব দুয়োগৰাকী খেলুৱৈয়ে ।

অহা ৪ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব লন বল বিশ্বকাপ প্ৰতিযোগিতা । বিশ্বকাপৰ পূৰ্বেই ১৮ ছেপ্তেম্বৰৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড চেম্পিয়ন অৱ চেম্পিয়নছত অংশ গ্ৰহণ কৰিব সৰুপথাৰৰ নয়নমণি শইকীয়াই । লন বলৰ ৰাষ্ট্ৰীয় খেলুৱৈ সৰুপথাৰৰ বোৱাৰীয় নয়নমণি শইকীয়াই ইতিমধ্যে বিশ্ব ক্ৰীড়া ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । লগতে জয় কৰিছে কেইবাটাও পদক ।

বিশ্ব লন বল প্ৰতিযোগিতালৈ নিৰ্বাচিত নয়নমণি শইকীয়া-পুতুল সোণোৱাল (ETV Bharat Assam)

২০২২ বৰ্ষত অৰ্জুন বঁটাৰে সন্মানিত নয়নমণি শইকীয়াই লাভ কৰিছে কেইবাটাও পদক । নেচনেল চেম্পিয়নশ্বিপ, ২০২৪ ৰ একক শাখাত স্বৰ্ণ পদক অৰ্জন কৰিছিল নয়নমণি শইকীয়াই । একেখন প্ৰতিযোগিতাতে যুটীয়াকৈ লাভ কৰে ৰূপৰ পদক । লায়ন্স চিটি ক্লাব ছিংগাপুৰত অনুষ্ঠিত লন বল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।

LAWN BALL PLAYER NAYANMONI SAIKIA
নয়নমণি শইকীয়াই লাভ কৰা অৰ্জুন বঁটা (ETV Bharat Assam)

আনহাতে, এছিয়ান চেম্পিয়নশ্বিপ থাইলেণ্ডত গ্ৰুপ মহিলা শাখাত স্বৰ্ণ পদক লাভ কৰে । একেখন খেলত চাৰিগৰাকীয়ে গ্ৰুপ মহিলা শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল । ২০২৩ চনৰ ২৫ৰ পৰা ৩০ নৱেম্বৰলৈ নিউজিলেণ্ডত অনুষ্ঠিত ৱৰ্ল্ড চেম্পিয়ন অৱ চেম্পিয়নছত কোৱাৰ্টাৰ ফাইনেলিষ্ট হৈ লন বল বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছিল নয়নমণি শইকীয়াই ।

LAWN BALL PLAYER NAYANMONI SAIKIA
নয়নমণি শইকীয়াই অৰ্জুন বঁটা গ্ৰহণ কৰিছে ৰাষ্ট্ৰপতিৰ পৰা (ETV Bharat Assam)

তেওঁ নতুন দিল্লীত ৩০ ডিচেম্বৰত অনুষ্ঠিত নৱম ৰাষ্ট্ৰীয় লন বল প্ৰতিযোগিতাত অংশগ্রহণ কৰি সোণৰ পদক অৰ্জন কৰিছিল । বিশ্বকাপ লন বল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰা লন বল খেলুৱৈ নয়নমণি শইকীয়াৰ শাহু মাক জ্যোৎস্না ফুকনে এই সন্দৰ্ভত কয়, "নয়নমণি শইকীয়াই বিশ্ব লন বল প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে । গতিকে খবৰটো শুনি খুবেই ভাল লাগিছে । অসমৰ দুগৰাকী খেলুৱৈ নয়নমণি শইকীয়া আৰু পুতুল সোণোৱাল বিশ্ব লন বল প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে । অহা ৪ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া বিশ্ব লন বল প্ৰতিযোগিতাত অংশ ল'বলৈ আগবাঢ়িছে । ৰাইজৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাত কৃতকাৰ্য হৈ অসম তথা ভাৰতলৈ সুনাম অৰ্জন কৰিব পাৰে, আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে তেওঁলোল জয়ী হৈ আহিব পাৰে।"

LAWN BALL PLAYER NAYANMONI SAIKIA
নয়নমণি শইকীয়াই লাভ কৰা সম্বৰ্ধনা পত্ৰ (ETV Bharat Assam)

লগতে তেওঁ কয়, "বিশ্বকাপ খেলৰ পূৰ্বেই ১৮ ছেপ্তেম্বৰৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড চেম্পিয়ন অৱ চেম্পিয়নছত অংশ গ্ৰহণ কৰিবলৈ যাব । গতিকে সেই খেলৰ বাবেও আপোনালোক শুভেচ্ছা প্ৰদান কৰক ।" আনহাতে নয়নমণি শইকীয়াৰ কন্যাই কয়, "মই মাক শুভেচ্ছা জনাইছো । মই All the best কৈছো ।"

লগতে পঢ়ক:২০২৪ বৰ্ষত কি কি সফলতা অৰ্জন ৰাষ্ট্ৰীয় লন বল খেলুৱৈ নয়নমণি শইকীয়াৰ - LAWN BALL PLAYER NAYANMANI SAIKIA

যোৰহাটত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ টুৰ্ণামেণ্ট: অংশগ্ৰহণ দেশী-বিদেশী খেলুৱৈৰ - ASIAN JUNIOR TOURNAMENT