ETV Bharat / sports

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত বহিঃৰাজ্য়ৰ তিনিটা দলৰ যোগদান নিশ্চিত

অসম ভলীবল সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অমল বৰুৱাৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ ভলীবল প্ৰতিযোগিতাৰ আয়োজন ।

Jorhat District Sports Association Press Conference
যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 29, 2024 at 8:51 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: যোৰহাটত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । উত্তৰ প্ৰদেশ,হাৰিয়ানা,মণিপুৰ আদি ৰাজ্যই যোগদানৰ নিশ্চিত কৰিলে । অসম ভলীবল সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট ভলীবল ৰেফাৰী আৰু অসমৰ ক্ৰীড়া সংগঠক প্ৰয়াত অমল বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে যোৰহাটত এক সৰ্বভাৰতীয় আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।

যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ৩ আৰু ৪ জানুৱাৰীত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে আয়োজক সন্থাই । যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত দিবা-নৈশ প্ৰতিযোগিতাখনিত দেশৰ মুঠ ৬টা দলে ইতিমধ্যে অংশগ্ৰহণ কৰাটো নিশ্চিত কৰিছে ।

যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সংবাদমেল (ETV Bharat Assam)

আজি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এই প্ৰতিযোগিতাৰ বিষয়ে সদৰী কৰে জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে । তেওঁ কয়,"এই প্ৰতিযোগিতাৰ জৰিয়তে দেশৰ ভলীবল খেলুৱৈসকলৰ মাজত এক সম্প্ৰীতিৰ বতৰা প্ৰসাৰিত হোৱাৰ লগতে ৰাজ্যৰ বিশিষ্ট ক্ৰীড়া সংগঠক অমল বৰুৱাৰ খেলজগতৰ অৱদানক জনসাধাৰণৰ ওচৰলৈ অনাৰ লক্ষ্য আগত ৰখা হৈছে ।"

সম্পূৰ্ণ প্ৰস্তুত হৈছে খেলপথাৰ :

জিলা ক্ৰীড়া সন্থাৰ সভাপতিগৰাকীয়ে পুনৰ কয়," আমাৰ খেলপথাৰ এতিয়া সম্পূৰ্ণ প্ৰস্তুত । খেলুৱৈসকলৰ থকা-খোৱা,চিকিৎসা আৰু অন্যান্য সুবিধাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে । প্ৰতিযোগিতাখনিক এক সফল উদাহৰণ হিচাপে দাঙি ধৰা আমাৰ মূল লক্ষ্য আৰু ভলীবল জৰিয়তে কিদৰে নিজৰ ক্ৰীড়া প্ৰতিভা গঢ়ি তুলিব পাৰি সেই বিষয়বস্তু নৱপ্ৰজন্ম মাজলৈ লৈ যোৱাৰ এক অংশ হিচাপে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।

প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰা দলসমূহ হৈছে হাৰিয়ানা,উত্তৰ প্ৰদেশ, মণিপুৰ,অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ,অসম পুলিচ আৰু বৰপেটা । যোৰহাট জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলে যথেষ্ট উৎসাহ আৰু দায়িত্বৱানভাৱে কাম কৰি যোৰহাটবাসীক এক স্মৰণীয় খেল পৰিৱেশ সৃষ্টিৰ প্ৰদানৰ লক্ষ্য আগত লৈছে। সংবাদমেলত আজি সন্থাৰ অন্যান্য বিষয়ববীয়া সকলো উপস্থিত থাকে । উল্লেখ্য যে খেলপ্ৰেমী দৰ্শকসকলে উক্ত দিবা-নৈশ খেল উপভোগ কৰি দেশৰ বিভিন্ন স্থানৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলৰ দক্ষতা প্ৰত্য়ক্ষ কৰিবলৈ সুবিধা লাভ কৰিব ।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত দেশৰ কেইবাখনো ৰাজ্যৰ অংশগ্ৰহণ - VOLLEYBALL TOURNAMENT IN TINSUKIA

আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাত লাভলীনা বৰগোঁহাই - INTER DISTRICT ATHLETIC COMPETITIO