ETV Bharat / sports

তিনিচুকীয়াত ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত বিজয়ী হাৰিয়ানা: বিধায়ক বলীন চেতিয়ালৈ বিশেষ সন্মান

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্ৰণমূলক দিবা-নৈশ ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণি ।

Tinsukia volleyball competition
বিধায়ক বলীন চেতিয়াক জননেতা ৰমাকান্ত শইকীয়া বঁটা প্ৰদান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 30, 2024 at 10:38 AM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া : অসম ভলীবল সন্থাৰ তত্বাৱধানত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সহযোগত বৃহত্তৰ নতুন ৰঙাগড়া, গুইজান আঞ্চলিক সমিতিৰ আতিথ্যত নতুন ৰঙাগড়া মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়াকৈ আয়োজন কৰা হয় তৃতীয় বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্ৰণমূলক দিবা-নৈশ জননেতা ৰমাকান্ত শইকীয়া কাপ-২০২৪ ।

চূড়ান্ত খেলত হাৰিয়ানা দল বিজয়ী

বিধায়ক বলীন চেতিয়াক জননেতা ৰমাকান্ত শইকীয়া বঁটা প্ৰদান (ETV Bharat Assam)

দেওবাৰে নিশা এই ভলীবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন হাৰিয়ানা ভলীবল দল আৰু উত্তৰ প্ৰদেশৰ ভলীবল দলৰ মাজত অনুষ্ঠিত হয় । প্ৰতিকূল বতৰৰ মাজতে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই শুভ উদ্বোধন কৰা চূড়ান্ত খেলখনত অৱশেষত হাৰিয়ানাৰ ভলীবল দল বিজয়ী হয় । পৰৱৰ্তী সময়ত উদ্যোক্তাই হাৰিয়ানাৰ ভলীবল দলক নগদ ২৫ হাজাৰ টকাসহ ট্ৰফী, মানপত্ৰ আৰু উত্তৰ প্ৰদেশৰ ভলীবল দলক নগদ ১০ হাজাৰ টকাসহ ট্ৰফী, মানপত্ৰ প্ৰদান কৰে ।

বলীন চেতিয়াক জননেতা ৰমাকান্ত শইকীয়া বঁটা

আনহাতে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা প্ৰতিবছৰে জননেতা ৰমাকান্ত শইকীয়াৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ লগতে জননেতা ৰমাকান্ত শইকীয়াৰ নামত এটা বঁটাও প্ৰদান কৰি আহিছে । এইবাৰ এই বঁটা প্ৰদান কৰা হয় শদিয়া সমষ্টিৰ বিধায়ক তথা নৱগঠিত মাকুম সমষ্টিৰ তত্বাৱধায়ক বলীন চেতিয়াক । মটক আৰু মৰাণ জনগোষ্ঠীক বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাই অহা হেতুকে বিধায়ক চেতিয়াক এটা মটক জনগোষ্ঠীৰ পাগুৰি, জনগোষ্ঠীয় চোলা, এখন এৰী বস্ত্ৰ, এটা জাপি আদিৰে জননেতা ৰমাকান্ত শইকীয়া বঁটাটো প্ৰদান কৰা হয় । বঁটা গ্ৰহণ কৰি বিধায়ক বলীন চেতিয়াই সংগঠনটোৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ক্ৰীড়াৰ জৰিয়তে সমাজখন আগুৱাই লৈ যাবলৈ সকলোকে আহ্বান জনায় ।

সমান্তৰালভাৱে জননেতা ৰমাকান্ত শইকীয়া কাপ-২০২৪ ভলীবল প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে মটক স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোঁহায়ে আৰু তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ এখন কেলেণ্ডাৰ উন্মোচন কৰে অসম মটক সন্মিলনৰ সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱাই ।

লগতে পঢ়ক :ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত বহিঃৰাজ্য়ৰ তিনিটা দলৰ যোগদান নিশ্চিত - NATIONAL LEVEL VOLLEYBALL