সমৰকলাৰ চমকনি উঠিব লখিমপুৰত, লাইখুঁটা স্থাপন
প্ৰথমবাৰৰ বাবে লখিমপুৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতা । মাজত মাথোঁ কেইটামান দিনহে বাকী ৷

Published : October 13, 2025 at 5:00 PM IST
|Updated : October 13, 2025 at 5:27 PM IST
লখিমপুৰ: মাজত মাথো কেইদিনমান বাকী । কেইদিনমানৰ পাছতে লখিমপুৰত চমকনি উঠিব সমৰ কলাৰ । দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা সমৰ কলাৰ প্ৰতিযোগীয়ে চমক দিব লখিমপুৰত । তাৰ বাবে আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি ।
লখিমপুৰত পোনপ্রথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন কিক বক্সিং প্ৰতিযোগিতা । প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব লখিমপুৰৰ ত্যাগক্ষেত্রত ।
সদৌ অসম কিক বক্সিং ফেডাৰেছনৰ উদ্যোগত এ এ মাৰ্চেল আর্টছ এণ্ড স্প’র্টছ একাডেমি, আমাছা আৰু লখিমপুৰ জিলা কিক বক্সিং সন্থাৰ সহযোগত ২৬ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে ডব্লিউ কে এফ (WKF) আৰ্টৰ কিক বক্সিং ফেডাৰেছন অৱ ইণ্ডিয়াৰ ১৮ সংখ্যক ছিনিয়ৰ, ১৭ সংখ্যক জুনিয়ৰ আৰু ১৬ সংখ্যক চাব জুনিয়ৰ কিক বক্সিং প্রতিযোগিতাখনি লখিমপুৰৰ ত্যাগক্ষেত্রত অনুষ্ঠিত কৰিবলৈ সকলো প্ৰকাৰৰ আয়োজন কৰা হৈছে । উক্ত প্রতিযোগিতাত ভাৰতবৰ্ষৰ প্রায় ৩০ খন ৰাজ্যৰ অংশগ্রহণ নিশ্চিত হৈছে ।
প্রতিযোগিতাখনিলৈ নির্বাচিত হৈ থকা খেলুৱৈসকলে নিজ নিজ জিলাৰ প্রতিনিধিসকলৰ সৈতে যোগাযোগ কৰি ২৫ অক্টোবৰৰ ভিতৰত পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছে কিক বক্সিং ফেডাৰেছনৰ অসম ৰাজ্যিক সম্পাদক আহমেদ আশ্ৰফে । সোমবাৰে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ স্থান ত্যাগক্ষেত্রত লাইখুঁটা স্থাপন কৰা হয় ।
আয়তীৰ উৰুলি, ৰাইজৰ মংগলধ্বনিৰ মাজত লাইখুঁটা স্থাপন কৰে অভ্যৰ্থনা সমিতিৰ মুখ্য উপদেষ্টা উদয় শংকৰ হাজৰিকাই । বন্তি প্ৰজ্বলন কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ লোহিত হাজৰিকাই । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ইটিভি ভাৰতৰ সাংবাদিক জীৱন গোস্বামীয়েও ৷
অনুষ্ঠানটোত অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি জয়ন্ত বৰা, উপ-সভাপতি বাবুল চুতীয়াৰ উপৰিও হৰিপ্ৰসন্ন বৰুৱা, কপিল ভূঞা, মণি হাজৰিকা, ৰাজীৱ শইকীয়া, নিশা শইকীয়া, প্ৰকাশ লালবেগী আদি বহু লোকে অংশগ্রহণ কৰে । সকলোৱে জিলাখনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন সফল কৰিবলৈ ৰাইজৰ সহযোগিতা কামনা কৰে ।
প্ৰতিযোগিতাখনৰ সন্দৰ্ভত অভ্যৰ্থনা সমিতিৰ মুখ্য উপদেষ্টা উদয় শংকৰ হাজৰিকাই কয়, ‘‘এয়া অতি গৌৰৱৰ কথা । লখিমপুৰত প্ৰথমবাৰৰ বাবে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা হ’বলৈ গৈ আছে । তাৰ বাবে অভ্যৰ্থনা সমিতিয়ে জোৰদাৰ ৰূপত কাম কৰিছে । যিহেতু লখিমপুৰলৈ সমগ্র ভাৰতবৰ্ষৰ অতিথি আহিব, সেয়ে আমি প্ৰতিজনেই লখিমপুৰীয়া গৃহস্থ । আমি সকলো লখিমপুৰবাসী মিলি এই অনুষ্ঠান সফল কৰিম । এই অনুষ্ঠান অহা ২৬ ৰ পৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত হ’ব । লখিমপুৰ তলমল হ’ব সৰ্বভাৰতীয় খেলুৱৈসকলৰ পয়োভৰত । ইয়াৰ কাৰণে পূৰ্ণ প্ৰস্তুতি চলাইছে । ৰাইজৰ সঁহাৰিও অভূতপূর্ব হৈছে । আমি অতি আড়ম্বৰপূর্ণভাৱে সফলতাৰে এই অনুষ্ঠান অনুষ্ঠিত কৰিম ।’’
আনহাতে, সদৌ অসম কিক বক্সিং ফেডাৰেছনৰ সম্পাদক আহমেদ আশ্ৰফে কয়, ‘‘লখিমপুৰত অনুষ্ঠিত হ’বলগীয়া এই ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাখনত ইতিমধ্যে ভাৰতৰ ৩০ খন ৰাজ্যই অংশগ্রহণ কৰাৰ নিশ্চিতি দিছে । প্ৰতিযোগিতাখনত এহেজাৰ খেলুৱৈয়ে অংশগ্রহণ কৰিব বুলি আমি আশা কৰিছো । খেলুৱৈসকলৰ উপৰিও প্ৰতিযোগিতাখনত ১২০ জন ৰেফাৰী আৰু জাজে অংশগ্রহণ কৰিব ।’’
লগতে পঢ়ক: ৰোহিত শৰ্মাৰ ফিটনেছ সন্দৰ্ভত কি ক'লে সঞ্জয় বাংগাৰে ?

