ঈশান কিষাণ নহয়, এইজন উইকেটকীপাৰ-বেটছমেনেহে ল’ব ঋষভ পন্তৰ স্থান
ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঋষভ পন্তৰ স্থান কোনে ল’ব সেয়া নিশ্চিত হৈছে । জানো আহক কোনে ল’ব পন্তৰ স্থান...


Published : July 24, 2025 at 11:23 PM IST
হায়দৰাবাদ : পাঁচখন টেষ্ট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছে । এই মেচখনৰ প্ৰথম দিনাই ভাৰতৰ উইকেটকীপাৰ বেটছমেন তথা উপ-অধিনায়ক ঋষভ পন্ত ভৰিত আঘাতপ্ৰাপ্ত হৈছে । যাৰবাবে তেওঁ কেৱল চতুৰ্থ টেষ্ট মেচত বেটিঙহে কৰিবলৈহে আহিব, তেওঁ ফিল্ডিং কৰিব নোৱাৰিব । এনে পৰিস্থিতিত তেওঁ হয়তো ৩১ জুলাইৰ পৰা অ’ভালত অনুষ্ঠিত হ’বলগীয়া পঞ্চমখন টেষ্টৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হ’ব ।
এনে সময়তে পোহৰলৈ আহিছে ঋষভ পন্তৰ স্থান ল’বলগীয়া খেলুৱৈগৰাকীৰ । ইয়াৰ পূর্বে পন্তৰ ঠাইত ঈশান কিষাণ আহিব বুলি খবৰ ওলাইছিল ৷ কিন্তু এতিয়া তেওঁৰ সলনি পোহৰলৈ আহিছে উইকেটকীপাৰ-বেটছমেন এন জগদীশনৰ নাম । আই এন এছৰ এটা প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে ।
প্ৰতিবেদন অনুসৰি, আঘাতপ্ৰাপ্ত ঋষভ পন্তৰ ঠাইত ইংলেণ্ডৰ বিৰুদ্ধে এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীৰ পঞ্চমখন খেলৰ বাবে ভাৰতীয় টেষ্ট দলত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে উইকেটকীপাৰ-বেটছমেন এন জগদীশন । শীঘ্ৰে বি চি চি আইৰ পৰা আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা আছে । ভাৰতৰ বাবে এয়া হ’ব জগদীশনৰ প্ৰথম আহ্বান ।

সূত্ৰটোৱে আই এন এছক জনাইছে যে জগদীশনে নিজৰ গৃহ চহৰ কইম্বাটুৰৰ পৰা চেন্নাইলৈ গৈ ভিছা প্ৰক্ৰিয়া আৰম্ভ কৰি ইংলেণ্ডত থকা ভাৰতীয় টেষ্ট দলত অতি সোনকালে যোগদান কৰিব । আনহাতে শেহতীয়াকৈ বাওঁহাতৰ উইকেটকীপাৰ-বেটছমেন ঈশান কিষাণে নটিংহামশ্বাৰৰ সৈতে কাউন্টি চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল । তেওঁক দলত অন্তৰ্ভুক্ত কৰাৰ বাবে যোগাযোগ কৰা হৈছিল যদিও বাওঁ ভৰিৰ গোৰোহাৰ আঘাতৰ বাবে কিষাণে এই টেষ্ট দলৰ অংশ হ’ব নোৱাৰিব ।
একাংশৰ মতে কে এছ ভাৰতকো দলটোত অন্তৰ্ভুক্ত কৰিব পাৰি, তেওঁ বৰ্তমান ২০২৫ চনৰ ছাৰে চেম্পিয়নশ্বিপ অভিযানৰ বাবে ডালৱিচ ক্ৰিকেট ক্লাবৰ সৈতে খেলিবলৈ ইংলেণ্ডত আছে আৰু অতি সোনকালে দ্য অ’ভাললৈ আহিব পাৰে যদিও তেওঁৰ উভতি অহাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে শেষ হোৱা যেন লাগে । কাৰণ ভাৰতীয় দলটোৱে ভৱিষ্যতে যুৱ খেলুৱৈৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।
প্ৰথম দিনাই ভৰিত আঘাত পোৱাৰ পিছত ৩৭ ৰাণত অৱসৰপ্ৰাপ্ত – আঘাতপ্ৰাপ্ত লয় পণ্টে । ইয়াৰ পিছত দ্বিতীয় দিনা বেটিং কৰিবলৈ আহি ৫৪ ৰাণৰ অৰ্ধশতক অৰ্জন কৰে, যাৰ বাবে ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ৩৫৮ ৰাণ সংগ্ৰহ কৰে । ইফালে ইংলেণ্ডে কোনো উইকেট নেহেৰুৱাকৈ ৯২ ৰাণ সংগ্ৰহ কৰে ।
লগতে পঢ়ক : টীম ইণ্ডিয়াত বৃহৎ আঘাত হানি টেষ্ট শৃংখলাৰ পৰা বাহিৰ ঋষভ পন্ত !

