ETV Bharat / sports

মিউনিখ বিমান দুৰ্ঘটনা; ৮ জন ফুটবলাৰকে ধৰি ২৩ গৰাকীয়ে হেৰুৱাইছিল প্ৰাণ - AIR INDIA PLANE CRASH

১৯৫৮ চনত সংঘটিত হৈছিল এই ভয়ংকৰ বিমান দুৰ্ঘটনা ৷

AIR INDIA PLANE CRASH
মিউনিখৰ বিমান দুৰ্ঘটনাটোৰ ফাইল ফটো (Getty Images)
author img

By ETV Bharat Assamese Team

Published : June 13, 2025 at 5:26 PM IST

3 Min Read

মিউনিখ: ১৯৫৮ চনৰ ৬ ফেব্ৰুৱাৰীত সংঘটিত এক বিমান দুৰ্ঘটনাই কঁপাই তুলিছিল ফুটবল জগত । মানচেষ্টাৰ ইউনাইটেডৰ খেলুৱৈ কঢ়িয়াই অনা এখন বিমান মিউনিখ বিমানবন্দৰৰ ডাঠ বৰফত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হৈছিল ৷ বিমান দুৰ্ঘটনাটোত মানচেষ্টাৰ ইউনাইটেডৰ আঠজন ফুটবলাৰকে ধৰি মুঠ ২৩ জন খেলুৱৈয়ে হেৰুৱাইছিল প্ৰাণ ।

ইউৰোপীয় কাপ সামৰি ঘৰলৈ উভতি অহাৰ সময়তে এই শোকাৱহ বিমান দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছিল ফুটবলাৰসকলে ৷ খেলুৱৈসকলৰ সৈতে আছিল ক্লাবটোৰ একাংশ কৰ্মচাৰী আৰু সাংবাদিক ৷

মিউনিখ বিমান দুৰ্ঘটনা, কি হৈছিল সেই ক’লা দিনটোত ?

১৯৫৮ চনৰ আৰম্ভণিতে মানচেষ্টাৰ ইউনাইটেডে ৰেড ষ্টাৰ বেলগ্ৰেডক পৰাস্ত কৰি ইউৰোপীয় কাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে । তাৰপিছত খিতাপ জয় কৰি গৌৰৱান্বিত দলটো ঘৰলৈ উভতি আহিবলৈ সাজু হৈছিল ।

পিছদিনা দলটো, ক্লাবৰ কৰ্মচাৰী, সাংবাদিক আৰু আন কেইবাজনো যাত্ৰী বেলগ্ৰেড বিমানবন্দৰত ব্ৰিটিছ ইউৰোপীয়ান এয়াৰৱেজৰ এখন বিমানত উঠি মানচেষ্টাৰলৈ ওভতে ।

AIR INDIA PLANE CRASH
এই শোকাৱহ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা মানচেষ্টাৰ ইউনাইটেডৰ দলটোৰ খেলুৱৈসকল (Getty Images)

দুপৰীয়া প্ৰায় ১.১৫ বজাত ছয় বছৰীয়া এয়াৰস্পীড এম্বেছাদৰ ২ নামৰ বিমানখনে ইন্ধন ভৰোৱাৰ বাবে মিউনিখত অলপ সময় ৰৈছিল । তেতিয়ালৈকে সকলো ঠিকেই আছিল যদিও লাহে লাহে পৰিস্থিতি বেয়ালৈ আহে আৰু দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় ।

ইন্ধন ভৰোৱাৰ পিছত ক্ৰুৱে দুবাৰকৈ বিমানখন উৰণৰ চেষ্টা চলাই যদিও ইঞ্জিনৰ সমস্যাৰ বাবে বাৰে বাৰে উৰণত ব্যৰ্থ হয় । তৃতীয় প্ৰচেষ্টাৰ সময়লৈকে বিমানবন্দৰটোত প্ৰচণ্ড তুষাৰপাত হ’বলৈ ধৰে ৷

বতৰৰ কালৰূপ দেখি এনে অনুভৱ হৈছিল যে বিমানখনৰ উৰণ পিছুৱাব লাগিব পাৰে ৷ কিন্তু বিমানখনৰ ক্ৰুৰ প্ৰচেষ্টাত তৃতীয়বাৰৰ বাবে উৰণৰ চেষ্টা চলোৱা হয় । তেতিয়ালৈকে ধাৰাবাহিকভাৱে হোৱা তুষাৰপাতৰ বাবে ৰাণৱেত এটা ডাঠ তৰপ পৰি গৈছিল ৷ যাৰ বাবে বিমানখনৰ উৰণৰ গতি লেহেমীয়া হৈ পৰে আৰু মাটিৰ পৰা উৰা মাৰিব পৰাকৈ গতি লাভত ব্যৰ্থ হয় ৷

শেষত বিমানখনে উৰণৰ চেষ্টা কৰাৰ সময়তে ৰাণৱেৰ পৰা পিছলি গৈ সমীপতে থকা এখন দেৱালৰ কাষৰ এটা ঘৰত খুন্দা মাৰে আৰু দুৰ্ঘটনাত পতিত হয় ৷ মুহূৰ্ততে ঘৰটোত জুই লাগি যায় আৰু কিছু সময়ৰ ভিতৰতে বিমানখনত থকা ২০ জন যাত্ৰীৰ থিতাতে মৃত্যু ঘটে ৷ লগতে আন ৩ জন যাত্ৰীৰ মৃত্যু হয় চিকিৎসালয়ত ।

এই মৃত লোকসকলৰ ভিতৰত ইউনাইটেডৰ ৭ জন খেলুৱৈ আছিল ৷ ডানকান এডৱাৰ্ডছ নামৰ আন এজন খেলুৱৈৰ ঘটনাৰ ১৫ দিন পিছত চিকিৎসালয়ত মৃত্যু ঘটে ।

যাত্ৰীসকলক ৰক্ষা কৰা জীৱিত লোকসকলৰ কাহিনী

এই বিমান দুৰ্ঘটনাত ২৩ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে ২১ জন লোকৰ প্ৰাণৰক্ষা পৰে । জীৱিত যাত্ৰীসকলৰ ভিতৰত আছিল ক্ৰমে- ববি চাৰ্লটন, ডেনিছ ভায়’লেট আৰু গ’লৰক্ষক হেৰী গ্ৰেগ ৷

AIR INDIA PLANE CRASH
ইংলিশ প্ৰিমিয়াৰ লীগৰ বিষয়াসকলে মিউনিখৰ বিমান দুৰ্ঘটনাত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ মুহূৰ্তত (Getty Images)

বিমানখনৰ পাইলট জেমছ থাইনৰো প্ৰাণৰক্ষা পৰে যদিও সহ-পাইলট কেপ্তেইন কেনেথ ৰেমেণ্টৰ এই দুৰ্ঘটনাত মৃত্যু ঘটে । দলীয় সতীৰ্থ ছাৰ ববি আৰু ভায়’লেটক জ্বলি থকা ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰাৰ বাবে গ্ৰেগ হৈ পৰে সকলোৰে প্ৰশংসাৰ পাত্ৰ ৷ আনকি তেওঁ ২০ মহীয়া এটি শিশু আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী গৰ্ভৱতী মহিলাৰো প্ৰাণৰক্ষা কৰে ৷

এই দুৰ্যোগৰ পিছত ইউনাইটেডৰ মেনেজাৰ মেট বাছবিয়ে অতি কম সময়ৰ ভিতৰত পুনৰ দলটো গঠন কৰে ৷ মাত্ৰ পাঁচ বছৰৰ ভিতৰতে তেওঁৰ দলটোৱে এফ এ কাপত জয়লাভ কৰে আৰু ৬০ ৰ দশকত সফলতাৰ এক আকৰ্ষণীয় দৌৰ অব্যাহত ৰাখি দুটামান লীগ খিতাপো দখল কৰে ৷

লগতে পঢ়ক: ৰাখে হৰি মাৰে কোনে ! ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যুক জিনাসকলৰ কাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.