ETV Bharat / sports

ৰোহিত শৰ্মাক মুম্বাই টি-২০ লীগ ছিজন ৩ৰ মুখ হিচাপে ঘোষণা মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰ - MUMBAI T20 LEAGUE

এমচিএই আয়োজন কৰা লীগখন ছয় বছৰৰ ব্যৱধানৰ পিছত পুনৰ আৰম্ভ হৈছে । ইতিমধ্যে ছিজন ৩য়ে ২৮০০ৰো অধিক খেলুৱৈয়ে পঞ্জীয়ন কৰি ব্যাপক সঁহাৰি লাভ কৰিছে ।

Etv BharatMUMBAI T20 LEAGUE
ৰোহিত শৰ্মাক সম্বৰ্ধনা মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰ (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : April 18, 2025 at 11:46 PM IST

4 Min Read

মুম্বাই : বহু প্ৰত্যাশিত টি-২০ মুম্বাই লীগে গ্ৰেণ্ড প্ৰত্যাৱৰ্তন কৰাৰ লগে লগে মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনে আজি ভাৰতৰ অধিনায়ক তথা মুম্বাইৰ বাসিন্দা ৰোহিত শৰ্মাক ছিজন ৩ৰ মুখ হিচাপে ঘোষণা কৰে ।২৬ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখন ভাৰতৰ অন্যতম প্ৰিমিয়াৰ ঘৰুৱা ফ্ৰেঞ্চাইজি ভিত্তিক টি-২০ লীগ আৰু ইয়াত হাই অক্টেন একচন আৰু তীব্ৰ প্ৰতিযোগিতাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ।

ৰোহিত শৰ্মা আৰু এপেক্স কাউন্সিল আৰু লীগ গভৰ্নিং কাউন্সিলৰ সদস্য আৰু টীম মেনেজাৰসকলৰ উপস্থিতিত মুম্বাইত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰে এম চি এৰ সভাপতি অজিংক্য নাইকে । এম চি এই দুটা নতুন দলৰ সংযোজনৰ কথাও ঘোষণা কৰে, য’ত ৰ’ডৱে ছলিউচনছ ইণ্ডিয়া ইনফ্ৰা লিমিটেড আৰু ৰয়েল এজ স্প’ৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্টক ফ্ৰেঞ্চাইজি অপাৰেটৰ হিচাপে লোৱা হৈছে । ৰোহিত শৰ্মাই ছিজন ৩ৰ আকৰ্ষণীয় ট্ৰফীও উন্মোচন কৰে ।

এম চি এৰ দ্বাৰা আয়োজিত এই লীগে ছবছৰৰ বিৰতিৰ পিছত ঘূৰি আহিছে আৰু ইতিমধ্যে ছিজন ৩য়ে ২৮০০ৰো অধিক খেলুৱৈৰ পঞ্জীয়নৰ সৈতে ব্যাপক সঁহাৰি লাভ কৰিছে, যিয়ে মুম্বাইত উদীয়মান ক্ৰিকেট প্ৰতিভাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে লীগৰ উল্লেখযোগ্য ভূমিকাক প্ৰতিফলিত কৰিছে ।

মুম্বাইৰ আইকনিক খেলপথাৰৰ পৰা উঠি ভাৰতৰ বিশ্বকাপ বিজয়ী অধিনায়ক হোৱা ৰোহিত শৰ্মাই চহৰখনৰ চহকী ক্ৰিকেট উত্তৰাধিকাৰক নিখুঁতভাৱে মূৰ্ত কৰি তুলিছে । স্থানীয় খেলপথাৰৰ পৰা বিশ্ব মঞ্চলৈ তেওঁৰ যাত্ৰাই বিশ্বৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে আৰু মুম্বাই ক্ৰিকেটৰ সংজ্ঞা দিয়া প্ৰতিভা আৰু মনোভাৱৰ প্ৰমাণ হিচাপে কাম কৰে ।

"আমি ৰোহিত শৰ্মাক টি-২০ মুম্বাই লীগৰ মুখ হিচাপে ঘোষণা কৰি গৌৰৱ অনুভৱ কৰিছো । তেওঁৰ উল্লেখযোগ্য কৃতিত্ব আৰু যাত্ৰাই মুম্বাই ক্ৰিকেটৰ মূল মূল্যবোধ - ধৈৰ্য, দৃঢ়তা, কঠোৰ পৰিশ্ৰম আৰু উচ্চাকাংক্ষাক প্ৰতিফলিত কৰিছে । লীগৰ সৈতে তেওঁৰ সংযোগে কেৱল উচ্চাকাংক্ষী ক্ৰিকেটাৰসকলক অনুপ্ৰাণিত কৰাই নহয়, লীগৰ উচ্চতাও বৃদ্ধি কৰিব । ষ্টকহোল্ডাৰসকলৰ আগ্ৰহ বৃদ্ধিৰ লগে লগে আমি মুম্বাইৰ প্ৰতিভাৱান খেলুৱৈসকলৰ বাবে এক বৃহৎ মঞ্চ প্ৰদান কৰাৰ লক্ষ্য ৰাখিছো আৰু ভাৰতৰ পৰৱৰ্তী ক্ৰিকেট নায়ক সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছো,” এম চি এৰ সভাপতি অজিংক্য নাইকে কয় ।

নতুন ভূমিকাটোৰ বাবে উৎসাহ প্ৰকাশ কৰি ৰোহিত শৰ্মাই কয়, "আমাৰ ঘৰুৱা গাঁথনি সদায় ভাৰতীয় ক্ৰিকেটৰ সফলতাৰ ভেটি হৈ আহিছে । টি-২০ মুম্বাইৰ দৰে লীগে সেই যাত্ৰাত উল্লেখযোগ্য ভূমিকা পালন কৰে । এইটোৱে নতুন প্ৰতিভাক উলিয়াই অনা আৰু যুৱ খেলুৱৈসকলক প্ৰয়োজনীয় এক্সপ’জাৰ প্ৰদান কৰা মঞ্চ হিচাপে কাম কৰে । মুম্বাইৰ ক্ৰিকেটৰ এক চহকী উত্তৰাধিকাৰ আছে আৰু আমি ইয়াৰ পৰা কিছুমান অবিশ্বাস্য খেলুৱৈৰ উত্থান হোৱা দেখিছো । লীগ পুনৰ আৰম্ভ হোৱা দেখি মই অতি উৎফুল্লিত হৈছো আৰু মই প্ৰতিজন যুৱ খেলুৱৈক এই সুযোগৰ সুবিধা লৈ নিজৰ চিনাকি দিবলৈ উৎসাহিত কৰিম । মই নিশ্চিত যে তৃতীয় ছিজনটো এক স্মৰণীয় অভিজ্ঞতা হ’ব – কেৱল খেলুৱৈসকলৰ বাবেই নহয়, অনুৰাগীৰ বাবেও ।”

ছিজন ৩ ত আঠটা দল থাকিব যদিও এম চি এই দুটা নতুন টিম অপাৰেটৰক অনব’ৰ্ড কৰিছে । ৰোডৱে ছলিউচনছ ইণ্ডিয়া ইনফ্ৰা লিমিটেডে ৮২ কোটি টকাত টীম ছ’বো মুম্বাই ফেলকনৰ পৰিচালনাৰ অধিকাৰ লাভ কৰাৰ বিপৰীতে ৰয়েল এজ স্প’ৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্টে মুম্বাই দক্ষিণ মধ্য অঞ্চলক প্ৰতিনিধিত্ব কৰা দলটোক ৫৭ কোটি টকাত অধিগ্ৰহণ কৰে ।

ইতিমধ্যে নৰ্থ মুম্বাই পেন্থাৰ্ছ (হৰাইজন স্প’ৰ্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড), এ আৰ চি এছ আন্ধেৰী (আৰ্কছ স্প’ৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড), ট্ৰাইমফ নাইটছ মুম্বাই নৰ্থ ইষ্ট (ট্ৰেন্সকন ট্ৰাইমফ নাইটছ প্ৰাইভেট লিমিটেড), নমো বান্দ্ৰা ব্লাষ্টাৰছ (পি কে স্প’ৰ্টছ ভেঞ্চাৰছ প্ৰাইভেট লিমিটেড), ঈগল থান ষ্ট্ৰাইকাৰছ (ঈগল ইনফ্ৰা ইণ্ডিয়া লিমিটেড) আৰু আকাশ টাইগাৰ্ছ মুম্বাই পশ্চিম উপকণ্ঠ অঞ্চল (ৱৰ্ল্ড ষ্টাৰ প্ৰিমিয়াৰ লীগ এল এল পি)।

বহু প্ৰত্যাশিত তৃতীয় সংস্কৰণৰ জৰিয়তে লীগে পৰৱৰ্তী প্ৰজন্মৰ ভাৰতীয় ক্ৰিকেট ছুপাৰষ্টাৰৰ বাবে মঞ্চ তৈয়াৰ কৰাৰ লগতে ঘৰুৱা টি-২০ ক্ৰিকেটৰ পৰিৱেশত নতুন মাপকাঠী স্থাপন কৰিবলৈ সাজু হৈছে ।

লগতে পঢ়ক : মুম্বাইৰ বিৰুদ্ধে অৱৰ্তীণ হোৱাৰ পূৰ্বে এজন বিস্ফোৰক বেটছমেনক দলত অন্তৰ্ভূক্ত চি এছ কেৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.