মুম্বাই : আই পি এল ২০২৫ৰ ৪৫ সংখ্যক মেচত মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হোৱা খেলখনত মুম্বাইয়ে লক্ষ্ণৌক ৫৪ ৰাণত পৰাস্ত কৰে । এই জয়ৰ জৰিয়তে মুম্বাই ইণ্ডিয়ানছৰ দলে ১২ পইণ্টেৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থান দখল কৰিছে ।
মুম্বাইয়ে ১০খন খেলৰ ভিতৰত ৬খন খেলত জয়লাভ কৰাৰ বিপৰীতে ৪খন খেলত পৰাজয়ৰ সন্মুখীন হৈছে । লক্ষ্ণৌৰ কথা ক’বলৈ গ’লে এই পৰাজয়ৰ সৈতে লক্ষ্ণৌৰ দলটোৱে ১০খন খেলত ৫খন জয় আৰু ৫খন পৰাজয়ৰ সৈতে ১০ পইণ্ট লাভ কৰি ৬ নম্বৰ স্থানত আছে ৷
- মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৫৪ ৰাণত পৰাস্ত কৰে
এই মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পণ্টে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় । ইয়াৰ লগে লগে তেওঁ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ।
🔥 Performances 👉 5⃣ consecutive wins 😎
— Mumbai Indians (@mipaltan) April 27, 2025
Time to ride the momentum & #StayAhead 👊
Vote for your Castrol Performance of the Day 👉 https://t.co/TNbVd3r5IO#MumbaiIndians #PlayLikeMumbai #CastrolEdge | @Castrol_India | @bp_plc pic.twitter.com/bhuqykRYj8
মুম্বাই ইণ্ডিয়ানছে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২১৫ ৰাণ সংগ্ৰহ কৰে । এই লক্ষ্যৰ খেদি খেদি লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ দলটোৱে ২০ অভাৰত ১৬১ ৰাণ সংগ্ৰহ কৰি মেচখন ৫৪ ৰাণত পৰাস্ত হয় ।
- লক্ষ্ণৌৰ বেটছমেনৰ হতাশাজনক প্ৰদৰ্শন
মুম্বাইৰ পৰা জয়লাভ কৰিবলৈ ২১৬ ৰাণৰ প্ৰত্যাহ্বানমূলক লক্ষ্য খেদি খেদি লক্ষ্ণৌৰ বেটছমেনে হতাশাজনক প্ৰদৰ্শন আগবঢ়ায় । মিচেল মাৰ্ছ (৩৪), নিকোলাছ পুৰাণ (২৭) আৰু আয়ুষ বাডোনি (৩৫) দলৰ মূল গ’লদাতা । জাচপ্ৰিত বুমৰাহ ৪টা উইকেট দখল কৰাৰ বিপৰীতে ট্ৰেণ্ট ব’ল্টে তিনিটা আৰু উইল জেকছে দুটা উইকেট দখল কৰে ।
Tough one to take 💔 pic.twitter.com/3CRdHVg0F4
— Lucknow Super Giants (@LucknowIPL) April 27, 2025
- উইল জেকছ মেন অৱ দ্য মেচ হিচাপে পৰিগণিত হয়
ইয়াৰ পূৰ্বে মুম্বাইৰ হৈ ৰিয়ান ৰিকেলটনে ৩২টা বলত ৫৮টা ৰাণ সংগ্ৰহ কৰি ৬টা চাৰি আৰু ৪টা ছয় ৰাণ কৰে । আনহাতে সূৰ্যকুমাৰ যাদৱে ৪টা চাৰি আৰু ৪টা ছয়ৰে ২৮টা বলত ৫৪ ৰাণৰ ইনিংছ খেলিছিল ।
Always special to win in front of our little Paltan 💙@ril_foundation | #ESADay #EducationAndSportsForAll #MumbaiIndians #PlayLikeMumbai #TATAIPL #MIvLSG https://t.co/12QR7eUFEl
— Mumbai Indians (@mipaltan) April 27, 2025
দলটোৰ হৈ উইল জেকছে ২১টা বলত ৩টা চাৰি আৰু ১টা ছয়ৰ সৈতে ২৯ ৰাণৰ অৱদান আগবঢ়ায় । লগতে লক্ষ্ণৌৰ ইনিংছত ২ অভাৰত ১৮ ৰাণ দি ২ উইকেট দখল কৰে, যাৰ বাবে তেওঁ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে । লক্ষ্ণৌৰ হৈ মায়ংক যাদৱ আৰু আবেশ খানে সৰ্বাধিক ২-২ উইকেট লাভ কৰে ।