চেন্নাই: চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীক লৈ বিতৰ্কিত মন্তব্য এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ ৷ আই পি এল ২০২৩ ত জয়ী হোৱাৰ পিছত ধোনীয়ে অৱসৰ গ্ৰহণ কৰিব লাগিছিল বুলি মন্তব্য কৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ৷
- আই পি এল ২০২৫ ত ধোনীৰ দুৰ্বল প্ৰদৰ্শন
ভাৰতীয় প্রাক্তন অধিনায়ক এম এছ ধোনীৰ আই পি এলত দুর্বল প্রদর্শনৰ বিষয়তো এই ছিজনৰ আৰম্ভণিৰে পৰাই সমালোচনাৰ সন্মুখীন হৈ আহিছে ৷ দিল্লী কেপিটেলছৰ বিৰুদ্ধে শেহতীয়াকৈ অনুষ্ঠিত এখন মেচত ধোনীয়ে ২৬ টা বলত এটা ছয় আৰু এটা চাৰিৰ সহায়ত অপৰাজিত ৩০ ৰাণ সংগ্ৰহ কৰে ।
The MS Dhoni Debate@TiwaryManoj & @rohangava9 discuss on, Cricbuzz Live Hindi#IPL2025 #CSK pic.twitter.com/20v2mgYtkC
— Cricbuzz (@cricbuzz) April 5, 2025
ধোনীয়ে বিজয় শংকৰৰ সৈতে ষষ্ঠ উইকেটৰ যুটিত ৮৪ ৰাণৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল যদিও দলটোৰ জয়ত সেয়া সহায়ক নহ’ল ৷ কাৰণ সেই সময়ত দলটোক জয়ী হ’বলৈ প্ৰয়োজন আছিল ২৫ ৰাণৰ ৷ এই পৰ্যন্ত চাৰিখন মেচত দলটোৰ এয়া তৃতীয়টো পৰাজয় আৰু চলিত ছিজনত একেৰাহে দ্বিতীয়টো পৰাজয় ।
- ধোনীয়ে হেৰুৱাইছে সন্মান
ধোনী সন্দৰ্ভত এই মন্তব্য কৰা প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ নাম হৈছে মনোজ তিৱাৰী ৷ তিৱাৰীয়ে ধোনীৰ দীৰ্ঘদিনীয়া কেৰিয়াৰ সন্দৰ্ভতো নিজৰ মতামত ব্যক্ত কৰি কয় যে, ২০২৩ চনৰ আই পি এলত দলটোৱে খিতাপ জয় কৰাৰ পিছত ক্ৰিকেটাৰগৰাকীয়ে নিজৰ কেৰিয়াৰৰ অন্ত পেলাব লাগিছিল ।
তিৱাৰীয়ে ক্ৰিকবাজক কয়, ‘‘মই যদি অলপ কঠোৰ হৈছো, তেন্তে মোক ক্ষমা কৰিব । ২০২৩ চনৰ আই পি এলৰ পিছত তেওঁ (ধোনী) অৱসৰ ল’ব লাগিছিল ৷ এইটোৱেই আছিল তেওঁৰ বাবে আটাইতকৈ পাৰফেক্ট সময় ৷ বছৰ বছৰ ধৰি তেওঁ যিমান সন্মান অৰ্জন কৰিছে, তাৰপিছতো যোৱা দুবছৰত অনুৰাগীয়ে তেওঁৰ খেল উপভোগ কৰিব পৰা নাই ৷ তেওঁ নিজকে হেৰুৱাই পেলোৱা অনুভৱ কৰিছো । চাওকচোন চেন্নাইৰ অনুৰাগীসকলে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, ৰাজপথলৈ ওলাই আহিছে আৰু সাক্ষাৎকাৰ দিছে ।’’
Stephen Fleming on Retirement rumours of MS Dhoni. [Cricbuzz]
— Johns. (@CricCrazyJohns) April 5, 2025
" i have no idea, i am just enjoying working with him - he is still going strong". pic.twitter.com/zztTAK6YMd
- ধোনীৰ পক্ষত মুখ্য প্ৰশিক্ষক
অৱশ্যে চি এছ কেৰ মুখ্য প্ৰশিক্ষক ষ্টিফেন ফ্লেমিঙে মেচৰ পিছৰ এক সংবাদমেল সম্বোধন কৰি কয় যে, ৪৩ বছৰীয়া খেলুৱৈগৰাকী এতিয়াও শক্তিশালী ।
ফ্লেমিঙে লগতে এনেদৰে কয়, ‘‘নাই, ইয়াক শেষ কৰাটো মোৰ কাম নহয় । মোৰ কোনো ধাৰণা নাই । মাত্ৰ তেওঁৰ লগত কাম কৰি ভাল পাইছো । এতিয়াও তেওঁ শক্তিশালী । আজিলৈকে তেওঁৰ অৱসৰৰ কথা মই সোধাও নাই । কেৱল আপোনালোকেহে সুধিছে ।’’