ETV Bharat / sports

সংবাদ শিৰোনামত ভাৰতৰ এগৰাকী তাৰকা ক্ৰিকেটাৰ ! ভাইৰেল হৈ পৰিছে এক বিশেষ ভিডিঅ'

২০০৪ত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ অভিষেক ঘটিছিল এগৰাকী উইকেটকীপাৰৰ । আজি তেওঁক লৈ সকলোৰে মাজত চৰ্চা।

MS Dhoni Celebrate his 44th Birthday with friends
এম এছ ধোনীৰ ৪৪ সংখ্যক জন্মদিনক কেক কটাৰ মুহূৰ্ত (প্ৰতিনিধিত্বমূলক ফটো (IANS))
author img

By ETV Bharat Assamese Team

Published : July 7, 2025 at 4:26 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : ৪৪ বছৰীয়া হ'ল এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ । এইগৰাকী ক্ৰিকেটাৰে বীৰদৰ্পে ইনিংছ খেলি ভাৰতক কেইবাবাৰো নিশ্চিত পৰাজয়ৰ পৰা ৰক্ষা কৰাই নহয়,বিশ্ব চেম্পিয়নৰ খিতাপো আজুৰি আনিছে । 'কেপ্টেইন কুল' নামেৰে পৰিচিত অধিনায়কগৰাকীৰ নেতৃত্বতেই ভাৰতে দখল কৰিছিল প্ৰথম টি ২০ বিশ্বকাপৰ খিতাপ ।

উইকেটৰ পিচফালে অতন্দ্ৰ প্ৰহৰীৰ দৰে থিয় দি এসময়ত প্ৰতিপক্ষৰ ত্ৰাসৰ কাৰণ হোৱা এইগৰাকী উইকেটকীপাৰ বেটছমেনে আজি উদযাপন কৰিলে ৪৪ সংখ্যক জন্মদিন । প্ৰাক্তন অধিনায়কগৰাকীৰ জন্মদিনৰ কেক কাটি থকা এটা ভিডিঅ’ সামাজিক মাধ্য়মত ভাইৰেল হৈ পৰিছে । তেওঁৰ অনুৰাগীসকলে এই ভিডিঅ’টো দেখাৰ পিচতেই আনন্দ প্ৰকাশ কৰিছে । ৪৪ সংখ্যক জন্মদিন উদযাপন কৰা এইগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰ হৈছে এম এছ ধোনী ।

ধোনীৰ ৪৪ সংখ্যক জন্মদিন :

সোমবাৰে (৭ জুলাই) গৃহ চহৰ ৰাঁচীত ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকৰ সৈতে ধোনীয়ে ৪৪ সংখ্যক জন্মদিন উদযাপন কৰে । ইয়াৰ মাজতে ধোনীৰ কেক কটা অনুষ্ঠানটোৰ এটা ভিডিঅ’ সামাজিক মাধ্য়মত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে । এই ভিডিঅ'টোত ধোনীয়ে ক'লা স্লীভলেছ টি-ছাৰ্ট পৰিধান কৰা দেখা গৈছে ।

ভিডিঅ’টোত ধোনীয়ে বন্ধু-বান্ধৱীৰ সৈতে কেক কাটি খুৱাই থকা দেখা গৈছে । কেক কাটোতেই এজন ব্যক্তিয়ে ভিডিঅ’ বনাই এই ব্যক্তিগত মুহূৰ্তবোৰ কেমেৰাত বন্দী কৰি সেইবোৰ সামাজিক মাধ্য়মত পোষ্ট কৰিছে । অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো ।

ঝাৰখণ্ডৰ পৰা ভাৰতীয় ক্ৰিকেটত যাত্ৰা আৰম্ভ কৰা ধোনী পাৱাৰ হিটাৰ হিচাপে পৰিচিত । ধোনীয়ে এগৰাকী ভাল ফিনিশ্বাৰ উইকেটকীপাৰ-বেটছমেন হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যথেষ্ট সফলতা অৰ্জন কৰিছে । তেওঁ ২০০৪ চনত এদিনীয়া ক্ৰিকেটত ভাৰতৰ হৈ অভিষেক ঘটায় । ইয়াৰ পিছত তেওঁ ২০০৫ চনত টেষ্টত অভিষেকৰ সুযোগ লাভ কৰে । ২০০৬ চনত টি-২০ত টিম ইণ্ডিয়াৰ হৈ অভিষেক ঘটাৰ পিছত তেওঁৰ নেতৃত্বতেই ভাৰতে ২০০৭ চনত টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ।

ভাৰতক বিশ্ব চেম্পিয়ন কৰোৱালে ধোনীয়ে :

২০০৭ চনত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে নিযুক্তি লাভ কৰা ধোনীয়ে ২০০৭ চনৰ টি-২০ বিশ্বকাপ, ২০১১ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ৰ চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিবলৈ সক্ষম হয় । তেওঁৰ অধিনায়কত্বতে টিম ইণ্ডিয়াই আই চি চিৰ ৰেংকিঙত শীৰ্ষ স্থানো দখল কৰিছিল।

কেনে আছিল ধোনীৰ কেৰিয়াৰ ?

ধোনীয়ে ৯০খন টেষ্ট মেচত ৬টা শতক আৰু ৩৩টা অৰ্ধশতকৰে ৩৮.০৯ গড়ে ৪,৮৭৬ ৰাণ সংগ্ৰহ কৰিছে । ৩৫০খন এদিনীয়া খেলত ১০টা শতক আৰু ৭৩টা অৰ্ধশতকৰে ১০,৭৭৩ ৰাণ সংগ্ৰহ কৰিছে । এই সংস্কৰণটোত তেওঁ গড়ে ৫০.৫৮ ৰাণ সংগ্ৰহ কৰিছে । আনহাতে ৯৮ খন টি-২০ মেচত ২ টা অৰ্ধশতকসহ ধোনীয়ে সংগ্ৰহ কৰিছে ১৬১৭ ৰাণ ।

লগতে পঢ়ক:আই চি চি হল অৱ ফেমত এম এছ ধোনী: পূৰ্বে এই সন্মান লাভ কৰা ভাৰতীয় ক্ৰিকেটাৰসকলক জানেনে ? - MS DHONI ICC HALL OF FAME

অৱসৰৰ বিষয়ত মৌনতা ভংগ এম এছ ধোনীৰ - MS DHONI ON IPL RETIREMENT