নতুন দিল্লী: অচিৰে আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক সংস্কৰণ ৷ ২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া ক্ৰিকেটৰ এই মেগা ইভেণ্টৰ উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) ৰ মাজত ৷
প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ লগে লগে ক্ৰিকেট অনুৰাগীসকলৰ দৃষ্টি আৱদ্ধ থাকিব পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ (চি এছ কে) ৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ ওপৰত ।
Waited a year to see this frame recreated! 📸💛#WhistlePodu #Yellove 🦁💛 pic.twitter.com/Ne6RjPvacl
— Chennai Super Kings (@ChennaiIPL) March 3, 2025
আই পি এল ২০২৫ ত ধোনীৰ ওপৰত থাকিব সকলোৰে দৃষ্টি
বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট লীগ আই পি এলৰ অন্যতম সফল দল চি এছ কেয়ে আগন্তুক ছিজনত উন্নত প্ৰদৰ্শন কৰিবলৈ বিচাৰিব ৷ দলটোৱে নিজৰ সংগ্ৰহত আন এক ট্ৰফী সংযোজন কৰাৰ আশা কৰিছে ।
হালধীয়া দলটোৰ অধিনায়কত্বৰ ভাৰ অৰ্পণ কৰা হৈছে সোঁহতীয়া তাৰকা বেটছমেন ঋতুৰাজ গাইকোৱাড়ৰ হাতত । উইকেটৰ পিছফালে থাকি ৭ নম্বৰ স্থানত বেটিং কৰা এম এছ ধোনীৰ পৰা আগন্তুক ছিজনত লক্ষাধিক অনুৰাগীয়ে বৃহৎ প্ৰদৰ্শনৰ আশা কৰিছে ।
২০২৫ চনৰ আই পি এলত প্ৰাক্তন ভাৰতীয় অধিনায়কগৰাকীয়ে ভংগ কৰিব পৰা কেইবাটাও অভিলেখ আছে ।
New Blade, Same power!🦁💥#WhistlePodu #Yellove pic.twitter.com/V2el9liRVq
— Chennai Super Kings (@ChennaiIPL) March 1, 2025
আই পি এল ২০২৫ ত এই ৩ টা অভিলেখ ভংগ হোৱাৰ সম্ভাৱনা
- এই টুৰ্ণামেণ্টৰ আগন্তুক সংস্কৰণত যদি ধোনীয়ে অৰ্ধশতক অৰ্জন কৰে, তেন্তে তেওঁ আই পি এলৰ ইতিহাসত অৰ্ধশতক অৰ্জন কৰা সৰ্বাধিক বয়সৰ খেলুৱৈ হিচাপে পৰিগণিত হ’ব ।
- আই পি এলত চেন্নাই ছুপাৰ কিংছৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হ’বলৈ ধোনীক মাত্ৰ ১৯ ৰাণৰ প্ৰয়োজন ৷ আই পি এলৰ ইতিহাসত চি এছ কেৰ হৈ বৰ্তমানলৈকে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে নাম লিপিবদ্ধ আছে সুৰেশ ৰাইনাৰ ৷ ৰাইনাই ৪,৬৮৭ ৰাণ সংগ্ৰহ কৰিছে । ফ্ৰেঞ্চাইজিটোৰ হৈ এই পৰ্যন্ত ৪,৬৬৯ ৰাণ সংগ্ৰহ কৰিছে ধোনীয়ে ।
- আই পি এলত ধোনীয়ে মুঠ ১৯০ গৰাকীক নিজৰ চিকাৰ কৰিছে ৷ ইতিমধ্যে তেওঁ আই পি এলৰ ইতিহাসত সৰ্বাধিক সফল উইকেটকীপাৰ হিচাপে পৰিগণিত হৈছে । অৱশ্যে যদি তেওঁ আৰু ১০ জন বেটছমেনক আউট কৰে, তেন্তে তেওঁ প্ৰতিযোগিতাখনৰ ইতিহাসত ২০০ উইকেট দখল কৰা একমাত্ৰ উইকেটকীপাৰ হিচাপে পৰিগণিত হ’ব ।
মুম্বাই ইণ্ডিয়ানছৰ সৈতে চেন্নাই চুপাৰ কিংছৰ হ’ব প্ৰথম মুখামুখি
মুখ্য প্ৰতিদ্বন্দ্বী মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে আই পি এল ২০২৫ ৰ অভিযান আৰম্ভ কৰিব চেন্নাই ছুপাৰ কিংছে । ২৩ মাৰ্চত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ তৃতীয়খন খেলত দুয়োটা দল মুখামুখি হ’ব ।
লগতে পঢ়ক: আই পি এল 2025: দিল্লী কেপিটেলছৰ অধিনায়কৰ নাম ঘোষণা - IPL 2025