ETV Bharat / sports

দললৈ প্ৰত্যাৱৰ্তন সন্দৰ্ভত মহম্মদ ছামীৰ বৃহৎ ঘোষণা: কেতিয়ালৈ অনুৰাগীয়ে দলত দেখিবলৈ পাব বলাৰগৰাকীক - MOHAMMED SHAMI

Mohammed Shami Team India Comeback: বিগত 10 মাহ ধৰি ক্ৰিকেটৰ পৰা আঁতৰি থকা ভাৰতৰ দ্ৰুত বলাৰ মহম্মদ ছামীয়ে অচিৰেই ঘূৰি আহিব দললৈ ৷ ছামীয়ে নিজৰ ফিটনেছ আৰু টীম ইণ্ডিয়ালৈ ঘূৰি অহাৰ সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা ৷

author img

By ETV Bharat Sports Team

Published : Sep 15, 2024, 1:12 PM IST

MOHAMMED SHAMI
মহম্মদ ছামী (ANI Photo)

স্প’ৰ্টছ ডেস্ক, 15 ছেপ্টেম্বৰ: ভাৰতৰ দ্ৰুত বলাৰ মহম্মদ ছামীৰ গোৰোহাৰ অস্ত্ৰোপচাৰৰ অন্তত অপেক্ষা কৰি আছে সুস্থ হোৱালৈ ৷ মহম্মদ ছামী কেতিয়া ভাৰতীয় ক্ৰিকেট দললৈ ঘূৰি আহিব, সেয়া এতিয়াও নিৰ্ণয় হোৱা নাই । কিন্তু এইগৰাকী প্ৰবীণ ভাৰতীয় সোঁহতীয়া দ্ৰুত বলাৰে স্পষ্ট কৰি দিছে যে, তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি অহাৰ পূৰ্বে 100 শতাংশ সুস্থ হৈ উঠিব বিচাৰে ৷

ফিটনেছৰ ওপৰত গুৰুত্ব আৰোপ

ছামীয়ে দাবী কৰিছে যে, তেওঁ দললৈ ঘূৰি আহিবলৈ আগ্ৰহী ৷ কিন্তু তাৰবাবে কোনো ধৰণৰ ৰিস্ক নলয় খেলুৱৈগৰাকীয়ে ৷ দলৰ অভিজ্ঞ বেগী বলাৰগৰাকীয়ে নিজৰ ফিটনেছৰ ওপৰত বেছি ধ্যান দিব বিচাৰে, তেওঁ দীৰ্ঘদিনলৈ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব নালাগে ।

মই অতি সোনকালে আৰোগ্য হ’বলৈ চেষ্টা কৰিছো: ছামী

ক্ৰিকেট এছ’চিয়েছন অৱ বেংগলৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত ভাষণ দি ছামীয়ে সাংবাদিকৰ আগত এনেদৰে কয়, "মই সোনকালে আৰোগ্য হ’বলৈ চেষ্টা কৰিছো কাৰণ মই বহুদিন ধৰি দলৰ বাহিৰত আছিলো । অৱশ্যে, দললৈ ঘূৰি আহিলে যাতে কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব বিচাৰো । মোৰ ফিটনেছৰ ওপৰত দৃষ্টি অব্যাহত থাকিব, যাতে কোনো অসুবিধা নহয়" ৷

খৰখেদা কৰিব নিবিচাৰে ছামীয়ে

সোঁহতীয়া তাৰকা বেগী বলাৰ ছামীয়ে টীম ইণ্ডিয়ালৈ ঘূৰি আহিবলৈ খৰখেদা কৰিব নিবিচাৰে । তেওঁ কয় যে, "মই যিমানেই শক্তিশালী হৈ উভতি আহিম, সিমানেই মোৰ বাবে ভাল হ’ব । কামবোৰ খৰখেদা কৰি আকৌ আঘাত পোৱাৰ আশংকা মনত ৰাখিব নিবিচাৰো । বাংলাদেশ, নিউজিলেণ্ড বা অষ্ট্ৰেলিয়াৰ শৃংখলাৰ বিৰুদ্ধে মই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে মই বলিং আৰম্ভ কৰিছো, কিন্তু সম্পূৰ্ণ ফিট নোহোৱালৈকে কোনো ধৰণৰ ৰিস্ক নলওঁ" ।

10 মাহে ক্ৰিকেটৰ পৰা বাহিৰত

34 বছৰীয়া দ্ৰুত বলাৰগৰাকী প্ৰায় 10 মাহে আঁতৰি আছে ক্ৰিকেটৰ মজিয়াৰ পৰা । 2023 চনৰ আই চি চি এদিনীয়া বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছামীয়ে অন্তিমখন মেচত অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰ পিছতে বলাৰগৰাকীয়ে ভৰিৰ গোৰোহাত আঘাত পোৱাত চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় ৷ কিন্তু লাহে লাহে সুস্থ হৈ উঠা ছামীয়ে শীঘ্ৰেই দললৈ প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: কোনজন ক্ৰিকেটাৰে কিমান দামী বেট ব্যৱহাৰ কৰে জানিবলৈ মন নাযায় নে ? - EXPENSIVE BATS USED BY CRICKETERS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.