ETV Bharat / sports

টেষ্ট ক্ৰিকেটত মনোনিৱেশ কৰিবলৈ টি-২০ ক বিদায় জনালে এইজন বেগী বলাৰে

অষ্ট্ৰেলিয়াৰ বাওঁহাতৰ পেচাৰ মিচেল ষ্টাৰ্কে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ দীঘলীয়া কৰিবলৈ টি-২০ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

Mitchell Starc
ফাইল ফটো: মিচেল ষ্টাৰ্ক (IANS)
author img

By ETV Bharat Assamese Team

Published : September 2, 2025 at 10:27 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: আসন্ন বছৰবোৰত অষ্ট্ৰেলিয়াৰ ব্যস্ত টেষ্ট সূচীৰ প্ৰতি লক্ষ্য ৰাখি আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপক অগ্ৰাধিকাৰ দিবলৈ অষ্ট্ৰেলিয়াৰ বাওঁহাতৰ পেচাৰ মিচেল ষ্টাৰ্কে টি-২০ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ২০২১ চনত ইউ এ ইত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত জয়লাভ কৰা অষ্ট্ৰেলিয়াৰ দলটোৰ অংশ আছিল ৩৫ বছৰীয়া বেগী বলাৰগৰাকী । ২০২৪ চনৰ জুন মাহত বিশ্বকাপত তেওঁ ভাৰতৰ বিৰুদ্ধে শেষবাৰৰ বাবে টি-২০ আই খেলিছিল । অষ্ট্ৰেলিয়াৰ হৈ আটাইতকৈ চুটি ফৰ্মেটত ষ্টাৰ্কে ৬৫খন মেচত ৭৯টা উইকেট দখল কৰে। বৰ্তমান অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক উইকেটৰ ক্ষেত্ৰত এডাম জাম্পাৰ পিছতে দ্বিতীয় স্থানত আছে বলাৰগৰাকী।

টেষ্ট ক্ৰিকেটক অগ্ৰাধিকাৰ দিয়া হ’ব

ষ্টাৰ্কে কয় যে টেষ্ট ক্ৰিকেট সদায় তেওঁৰ সৰ্বোচ্চ । ষ্টাৰ্কে কয় “টেষ্ট ক্ৰিকেট সদায় মোৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ আছিল আৰু থাকিব । অষ্ট্ৰেলিয়াৰ হৈ খেলা প্ৰতিখন টি-২০ খেলৰ প্ৰতিটো মিনিট মই ভাল পাইছো, বিশেষকৈ ২০২১ চনৰ বিশ্বকাপ, কেৱল আমি জয়ী হোৱাৰ বাবেই নহয়, অবিশ্বাস্য দলটো আৰু জয়ৰ বাটত লাভ কৰা আনন্দবোৰো উপভোগ কৰিছোঁ ।”

তেওঁ লগতে কয় যে ভাৰতীয় টেষ্ট ভ্ৰমণ আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপলৈ তেওঁ আগ্ৰহী।

ষ্টাৰ্কে কয় “২০২৭ চনত ভাৰতত টেষ্ট ভ্ৰমণ, এশ্বেজ আৰু এদিনীয়া বিশ্বকাপলৈ চাই মই অনুভৱ কৰোঁ যে সেই অভিযানসমূহৰ বাবে সতেজ, ফিট আৰু মোৰ শ্ৰেষ্ঠতম অৱস্থাত থাকিবলৈ এইটোৱেই মোৰ সৰ্বোত্তম উপায়।” বাওঁহাতৰ বলাৰগৰাকীয়ে আৰু কয়, “ ইয়াৰ ফলত বলিং গ্ৰুপ’টোক টি-২০ বিশ্বকাপৰ পূৰ্বে হ’বলগীয়া মেচবোৰৰ বাবে প্ৰস্তুতি চলাবলৈও সময় দিয়া হ’ব।’

২০২৭ চনলৈকে অষ্ট্ৰেলিয়াৰ সূচী

২০২৬ চনৰ মাজভাগৰ পৰা অষ্ট্ৰেলিয়াৰ টেষ্ট সূচী ভৰপূৰ, য’ত বাংলাদেশৰ বিৰুদ্ধে ঘৰুৱা শৃংখলা, দক্ষিণ আফ্ৰিকা ভ্ৰমণ, নিউজিলেণ্ডৰ বিৰুদ্ধে চাৰিখন মেচৰ শৃংখলা, আৰু ২০২৭ চনৰ জানুৱাৰী মাহত ভাৰতত পাঁচখন টেষ্ট । তাৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে ১৫০ বছৰীয়া জয়ন্তীৰ এককালীন মেচ আৰু তাৰ পিছত ২০২৭ চনত ইংলেণ্ডৰ মাটিত এশ্বেজ ।

অক্টোবৰৰ আৰম্ভণিতে অনুষ্ঠিত হ’বলগীয়া নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ টি-২০ শৃংখলাৰ বাবে অষ্ট্ৰেলিয়াই নিজৰ দল ঘোষণা কৰাৰ পিছতে ষ্টাৰ্কে এই ফৰ্মেটৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত ঘোষণা কৰিছে।

নিউজিলেণ্ডৰ শৃংখলাৰ বাবে অষ্ট্ৰেলিয়াৰ টি-২০ আই দল

মিচেল মাৰ্শ্ব (অধিনায়ক ), শ্বন এবট, জেভিয়াৰ বাৰ্টলেট, টিম ডেভিদ, বেন ড্ৱাৰ্শ্বুইছ, জ’শ হেজলউড, ট্ৰেভিছ হেড, জ’শ ইংলিছ, মেট কুহনেমেন, গ্লেন মেক্সৱেল, মিচেল ওৱেন, মেথিউ শ্বৰ্টছ, মাৰ্কাছ ষ্ট’ইনিছ, এডাম জাম্পা

লগতে পঢ়ক: কোটিপতি হ’ব ৪টা মহিলা ক্ৰিকেট দল, অভিলেখ সংখ্যক পুৰস্কাৰৰ ধন ঘোষণা কৰি সকলোকে আচৰিত কৰিলে আই চি চিয়ে - WOMENS WORLD CUP PRIZE MONEY