ETV Bharat / sports

মীৰাবাঈ চানুৰ ওপৰত গধুৰ দায়িত্ব - MIRABAI CHANU

ভাৰতীয় ভাৰোত্তোলন ফেডাৰেশ্যনৰ এথলীট আয়োগৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ'ল অলিম্পিক বিজয়ী মীৰাবাঈ চানু ।

Mirabai Chanu
মীৰাবাঈ চানুৰ ওপৰত গধুৰ দায়িত্ব (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : April 16, 2025 at 3:16 PM IST

2 Min Read

নতুন দিল্লী : ভাৰতীয় ভাৰোত্তোলক মীৰাবাঈ চানুৰ অনুৰাগীৰ বাবে ভাল খবৰ । টকিঅ' অলিম্পিকত ৰূপ পদক বিজয়ী মীৰাবাঈ চানুক ভাৰতীয় ভাৰোত্তোলন ফেডাৰেশ্যনৰ এথলীট আয়োগৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে । চানুৰ মতে তেওঁ এই দায়িত্ব সূচাৰুৰূপে পালন কৰিব আৰু সহযোগী ভাৰোত্তোলকসকলৰ কণ্ঠস্বৰ শক্তিশালী কৰাত গুৰুত্ব দিব ।

অলিম্পিকৰ পদক বিজয়ী মীৰাবাঈ চানুৱে এক বিজ্ঞপ্তিত কয়, "মোক ভাৰতীয় ভাৰোত্তোলন ফেডাৰেশ্যনৰ এথলীট আয়োগৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা মই ধন্যবাদ জ্ঞাপন কৰিছো । সহযোগী ভাৰোত্তোলকসকলৰ কণ্ঠক নেতৃত্ব দিয়া আৰু শক্তিশালী কৰাৰ বাবে পোৱা সুযোগ মোৰ বাবে যথেষ্ট গৌৰৱৰ কথা ।"

তেওঁ লগতে কয়,"মই এই পদবীৰ সৈতে আহিবলগীয়া দায়িত্বসমূহক গম্ভীৰতাৰে ল'বলৈ প্ৰতিজ্ঞাবদ্ধ । মই সকলো মুখ্য চেনেলত ক্ৰীড়াবিদৰ কণ্ঠ আৰু দৃষ্টিকোণক প্ৰকাশ কৰিবলৈ কাম কৰিম, যাতে নিশ্চিত কৰিব পাৰো যে আমি বাহ্যিক কাৰকৰ পৰা বিচলিত নোহোৱাকৈ খেলত গুৰুত্ব দিব পাৰো ।

৩০ বছৰীয়া মীৰাবাঈ চানু অলিম্পিকত পদক বিজয়ী দ্বিতীয়গৰাকী ভাৰতীয় ভাৰোত্তোলক । তেওঁ টকিঅ' অলিম্পিক ২০২০ত মুঠ ২১০ কিলোগ্ৰাম ভাৰোত্তোলন বহন কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । অৱশ্যে তেওঁ পেৰিছ অলিম্পিকত পদক লাভৰ পৰা বঞ্চিত হৈছিল ।

মীৰাবাঈ চানুৱে ২০১৮ আৰু ২০২২ ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত সোণৰ পদক লাভ কৰিছিল । তেওঁ ২০১৭ চনৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক আৰু ২০২২ চনত ৰূপৰ পদক লাভ কৰিছিল । তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপত ৩ টা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰে ।

লগতে পঢ়ক :বিয়াৰ ৮ বছৰ পিছত পুত্ৰ সন্তানৰ আৰ্শীবাদ লাভ কৰিলে এই তাৰকা দম্পতীয়ে - SAGARIKA ZAHEER WELCOME BABY BOY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.