ETV Bharat / sports

বিশাল জয়েৰে কোৱালিফায়াৰ-২ত মুম্বাই ইণ্ডিয়ানছ, সামৰণি পৰিল গুজৰাটৰ যাত্ৰা - IPL 2025 ELIMINATOR

গুজৰাট টাইটানছে ২২৯ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ২০ অভাৰত ৬ উইকেট হেৰুৱাই ২০৮ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু মেচখন ২০ ৰাণত পৰাস্ত হয় ।

IPL 2025 ELIMINATOR
মুম্বাই ইণ্ডিয়ানছে গুজৰাট টাইটানছক ২০ ৰাণত পৰাস্ত কৰে (IANS)
author img

By ETV Bharat Assamese Team

Published : May 31, 2025 at 7:46 AM IST

4 Min Read

মুল্লানপুৰ : আই পি এল ২০২৫ৰ এলিমিনেটৰত মুম্বাই ইণ্ডিয়ানছে গুজৰাট টাইটানছক ২০ ৰাণত পৰাস্ত কৰে । এই জয়ৰ জৰিয়তে মুম্বাইয়ে নিজকে ফাইনেলৰ দৌৰত ৰাখি কোৱালিফায়াৰ ২ত স্থান লাভ কৰিছে । ইফালে এই পৰাজয়ৰ লগে লগে আই পি এল ২০২৫ত গুজৰাটৰ যাত্ৰাৰ অন্ত পৰিছে ।

এতিয়া অহা ১ জুনত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কোৱালিফায়াৰ ২ত পাঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব মুম্বাই ইণ্ডিয়ানছে । এই মেচত জয়ী হোৱা দলটোৱে অহা ৩ জুনত ফাইনেলত প্ৰৱেশ কৰিব, য’ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে খেলিব ।

মুম্বাইৰ বিৰুদ্ধে পৰাস্ত হৈ আই পি এল ২০২৫ৰ পৰা বাহিৰ গুজৰাট

এই খেলখনত মুম্বাই ইণ্ডিয়ানছে টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২২৮ ৰাণ সংগ্ৰহ কৰে । গুজৰাট টাইটানছে ২২৯ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ২০ অভাৰত ৬ উইকেট হেৰুৱাই ২০৮ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু মেচখন ২০ ৰাণত পৰাস্ত হয় । মুম্বাইৰ হৈ ৰোহিত শৰ্মাই অৰ্ধশতকৰ এক উজ্জ্বল ইনিংছ খেলিছিল ।

ছাই সুদৰ্শন আৰু ৱাশ্বিংটন সুন্দৰে বেটেৰে দেখুৱালে নিজৰ যাদু

গুজৰাট টাইটানছৰ হৈ ইনিংছ মুকলি কৰিবলৈ আহিছিল ছাই সুদৰ্শন আৰু শুভমন গিল । গুজৰাটে প্ৰথমটো আঘাত লাভ কৰে যেতিয়া ট্ৰেণ্ট ব’ল্টে ইনিংছৰ চতুৰ্থ বলত গিলক ১ ৰাণত আউট কৰে । ইয়াৰ পিছত কুছাল মেণ্ডিছ আৰু সুদৰ্শনৰ মাজত দ্বিতীয় উইকেটৰ বাবে ৬৪ ৰাণৰ অংশীদাৰিত্ব হয় । কিন্তু মেণ্ডিছে ২০ ৰাণ সংগ্ৰহ কৰি ছাণ্টনাৰৰ বলত হিট উইকেট আউট হয় ।

ইয়াৰ পিছতে ৱাশ্বিংটন সুন্দৰৰ সৈতে সুদৰ্শনে তৃতীয় উইকেটৰ বাবে ৮৪ ৰাণৰ অংশীদাৰিত্ব কৰে । গুজৰাটে তৃতীয়টো আঘাত লাভ কৰে যেতিয়া জছপ্ৰিত বুমৰাহে সুন্দৰক এটা উজ্জ্বল য়ৰ্কাৰে বল কৰে । সুন্দৰে ২৪টা বলত ৫টা চাৰি আৰু ৩টা ছয়ৰে ৪৮ ৰাণৰ ইনিংছ খেলিছিল । ইয়াৰ পাছতে গুজৰাটৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা সুদৰ্শনে, কিন্তু ৰিচাৰ্ড গ্লিছনে বলত তেওঁ পেভিলিয়নমুখী হয় । সুদৰ্শনে ১০টা চাৰি আৰু ১টা ছয়ৰ সৈতে ৪৯টা বলত ৮১ ৰাণৰ ইনিংছত খেলিছিল ।

মুম্বাইৰ বলাৰসকলে দিলে বৃহৎ জয়ৰ সোৱাদ

ইয়াৰ পিছত শ্বাৰফেন ৰাদাৰফোৰ্ডে ২৪ ৰাণ সংগ্ৰহ কৰি আউট হয় । গুজৰাটৰ হৈ ৰাহুল তেৱাতিয়াই ১৬ ৰাণ আৰু শ্বাহৰুখ খানে ১৩ ৰাণ সংগ্ৰহ কৰে । মুম্বাইৰ হৈ ট্ৰেণ্ট ব’ল্টে ২টা উইকেট, জেছপ্ৰীত বুমৰাহ, ৰিচাৰ্ড গ্লিছন, অশ্বিনী কুমাৰ আৰু মিচেল ছাণ্টনাৰে ১-১ উইকেট দখল কৰি নিজৰ দলটোক ২০ ৰাণত জয়লাভ কৰোৱায় ।

মুম্বাইৰ হৈ অৰ্ধ শতক অৰ্জন কৰে ৰোহিত শৰ্মাই

মুম্বাই ইণ্ডিয়ানছৰ হৈ ৰোহিত শৰ্মা আৰু জনী বেইৰষ্টোৱে ইনিংছ আৰম্ভ কৰে আৰু প্ৰথম উইকেটৰ বাবে ৭.২ অভাৰত ৮৪ ৰাণ সংযোজন কৰে । মুম্বাইৰ হৈ বেইৰষ্টোৱে ৪টা চাৰি আৰু ৩টা ছয়ৰে ২২টা বলত ৪৭ ৰাণৰ ইনিংছ খেলে । মুম্বাইৰ হৈ অৰ্ধশতক অৰ্জন কৰি সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে ৰোহিত শৰ্মাই । ৰোহিতে ৫০টা বলত ৯টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত ৮০ ৰাণৰ উজ্জ্বল ইনিংছ খেলিছিল ।

সূৰ্যকুমাৰ যাদৱে ২০টা বলত ১ চাৰি আৰু ৩ ছয়ৰে ৩০ ৰাণ আৰু তিলক বাৰ্মাই ১১টা বলত ৩টা চাৰিৰে ২৫ ৰাণ সংগ্ৰহ কৰে । অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ২২ ৰাণ আগবঢ়াই দলটোক ২২৮ ৰাণলৈ লৈ যায় । গুজৰাটৰ হৈ প্ৰসিদ্ধ কৃষ্ণ, ছাই কিশোৰে ২-২ আৰু মহম্মদ চিৰাজে ১ উইকেট দখল কৰে ।

লগতে পঢ়ক : পঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰি আই পি এল ২০২৫ৰ ফাইনেলত প্ৰৱেশ আৰ চি বিৰ

PBKS vs RCB Qualifier 1 ত বৰষুণে বিধি-পথালি দিলে কি হ’ব, কোনটো দল প্ৰৱেশ কৰিব ফাইনেলত

Qualifier 1: পঞ্জাব আৰু বেংগালুৰুৰ কাৰ বাহুত আছে দম; মুলনপুৰত কোনে উৰুৱাব বিয়জ ধ্বজা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.