মনু ভাকৰৰ ফটো ব্যৱহাৰ কৰি নজনাব অভিনন্দন, পাব পাৰে আইনী জাননী - PARIS OLYMPICS 2024
Paris 2024 Olympics: পেৰিছ অলিম্পিকত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাচত ভাৰতীয় শ্বুটাৰ মনু ভাকৰক সকলোৱে শুভেচ্ছা জনাইছে ৷ ইয়াৰ মাজতে পৰিচালনা কৰা কোম্পানী আই অ’ এছ স্প’ৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্টে আইনী জাননী জাৰি কৰিছে একাংশ লোক তথা প্ৰতিষ্ঠানৰ বিষয়ে । পঢ়ক সম্পূৰ্ণ খবৰ ...

Published : July 31, 2024 at 11:26 AM IST
নিউজ ডেস্ক, ৩০ জুলাই: ২০২৪ চনৰ পেৰিছ অলিম্পিকত দুটাকৈ পদক লাভ কৰি ইতিহাস ৰচনা কৰিছে ভাৰতীয় শ্বুটাৰ মনু ভাকৰে । ২২ বছৰীয়া মনু ভাকৰে একক আৰু ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰিছে । ইয়াৰ লগতে মনু অলিম্পিক এটা সংস্কৰণত দুটা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় শ্বুটাৰ হিচাপে পৰিগণিত হৈছে ৷ এই বিজয়ৰ লগে লগে মনু ভাকৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অভিনন্দন লাভ কৰিছে । কিন্তু ইফালে খবৰ আহিছে যে মনু ভাকৰৰ ফটো আৰু ভিডিঅ’ বহু নন-স্পনছৰ ব্ৰেণ্ডে বিজ্ঞাপনৰ বাবে ব্যৱহাৰ কৰিছে ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মনু ভাকৰক পৰিচালনা কৰা কোম্পানী আই অ’ এছ স্প’ৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্টে সেই ব্ৰেণ্ডসমূহৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে যিয়ে ভাকৰৰ ফটো আৰু ভিডিঅ’ ব্যৱহাৰ কৰি তেওঁক পৃষ্ঠপোষকতা নকৰাকৈ অভিনন্দন বিজ্ঞাপন দিছে ।
লগতে পঢ়ক: ইতিহাস ৰচিলে মনু ভাকৰে : ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা শ্বুটাৰ - paris olympics 2024
কোনবোৰ নন-স্পনছৰড ব্ৰেণ্ডে ফটো ব্যৱহাৰ কৰিছে?
আই অ’ এছ স্প’ৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক নীৰৱ টোমাৰৰ উদ্ধৃতিৰে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে কালিৰে পৰা মনুৰ সৈতে জড়িত নোহোৱা প্ৰায় দুই ডজন ব্ৰেণ্ডে তেওঁৰ ফটো আৰু তেওঁলোকৰ ব্ৰেণ্ডৰ সৈতে ছ’চিয়েল মিডিয়াত অভিনন্দন বিজ্ঞাপন প্ৰকাশ কৰিছে৷ এইটো আইনগতভাৱে অনুমোদিত নহয় আৰু আমি এই ব্ৰেণ্ডসমূহলৈ আইনী জাননী প্ৰেৰণ কৰিছো ।
প্ৰতিবেদন অনুসৰি বাজাজ ফুডছ, এল আই চি, এফ আই টি জে ই, অকউড ইণ্টাৰনেশ্যনেল স্কুল, এপ্ৰিকোট বায়’ছায়েন্স, প্ৰনীত গ্ৰুপ, ৰাধা টি এম টি, কিনেটো, পাৰুল আয়ুৰ্বেদ হাস্পতাল আৰু এক্সট্ৰাব্ৰিক ৰিয়েল্টৰলৈ জাননী প্ৰেৰণ কৰা হৈছে ।
অৱশ্যে ইটিভি ভাৰতে ব্যক্তিগতভাৱে এই তথ্যৰ সত্যসত্যাতা নিৰূপণ নকৰে ।
লগতে পঢ়ক: পেৰিছত ইতিহাস ৰচনা মনুৰ : ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সত ভাৰতৰ ব্ৰঞ্জ - Paris Olympics 2024

