নিকোলাছ পুৰণৰ আন এক বিস্ফোৰক অৰ্ধশতক, গুজৰাটক ৬ উইকেটত পৰাস্ত লক্ষ্ণৌৰ
লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ১৯.৩ অভাৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে ১৮১ ৰাণৰ লক্ষ্য অৰ্জন কৰে ।

Published : April 12, 2025 at 9:27 PM IST
লক্ষ্ণৌ: আই পি এল ২০২৫ৰ ২৬ সংখ্যক মেচত গুজৰাট টাইটানছক ৬ উইকেটত পৰাস্ত কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে । ৩টা বল বাকী থকা অৱস্থাত ৪ উইকেট হেৰুৱাই ১৮১ ৰাণৰ লক্ষ্যত উপনীত হয় গুজৰাট । নিকোলাছ পুৰণৰ ৬১ আৰু এডেন মাৰ্ক্ৰামৰ ৫৮ ৰাণে এল এছ জিক প্ৰতিযোগিতাখনত চতুৰ্থটো জয় পঞ্জীয়ন কৰাত সহায় কৰে । এইটোৱেই আছিল লক্ষ্ণৌৰ ঘৰুৱা খেলপথাৰত সৰ্ববৃহৎ সফল ৰাণ চেজ ।
নিকোলাছ পুৰণ আৰু মাৰ্ক্ৰামৰ ধুমুহাময় বেটিং
একনা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত নিকোলাছ পুৰণে নিজৰ জ্বলন্ত অৰ্ধশতকৰ ইনিংছত ৩৪টা বলত ৭টা ছয় আৰু চাৰিটা মাৰে । এই প্ৰতিযোগিতাত ৬ ইনিংছত এইটো তেওঁৰ চতুৰ্থটো অৰ্ধশতক । ইয়াৰ পূৰ্বে তেওঁ ৭৫ (৩০ বল), ৭০(২৬), ৪৪(৩০), ১২(৬) আৰু ৮৭*(৩৬)ৰ ইনিংছ খেলে । এই মেচখনত এডেন মাৰ্ক্ৰামেও এক উজ্জ্বল ইনিংছ খেলি পুৰণ আৰু পণ্ট দুয়োৰে সৈতে ৫০ ৰাণৰ অংশীদাৰিত্ব কৰি লক্ষ্ণৌৰ জয় সহজ কৰি তুলিছিল । মাৰ্ক্ৰামে ৩১টা বলত ৫৮ ৰাণ সংগ্ৰহ কৰিছিল য’ত ৯টা চাৰি আৰু এটা ছয় আছিল । যাৰবাবে তেওঁক খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও প্ৰদান কৰা হয় ।
THE NICHOLAS POORAN IMPACT IN IPL 2025 NEEDS BIGGER APPRECIATION. 👏pic.twitter.com/c67ZgmP5Ix
— Mufaddal Vohra (@mufaddal_vohra) April 12, 2025
গুজৰাট টাইটানছৰ উজ্জ্বল অপেনিং অংশীদাৰিত্ব
ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰে আৰু ছাই সুদৰ্শন (৫৬ ৰাণ, ৩৭ বল, ৭ চাৰি, ১ ছয়) আৰু অধিনায়ক শুভমন গিল (৬০ ৰাণ, ৩৮ বল, ৬ চাৰি, ১ ছয়)ৰ শতকীয় অংশীদাৰিত্বৰ বাবেই লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সমুখত জয়ৰ বাবে ১৮১ ৰাণৰ লক্ষ্য স্থাপন কৰে । এই দুজনৰ বাহিৰে আন কোনো বেটছমেনে ধাৰাবাহিকভাৱে খেলিব নোৱাৰিলে । নিয়মীয়া ব্যৱধানত উইকেটৰ পতন ঘটাত গুজৰাটে ২০ অভাৰত ৬ উইকেটত মাত্ৰ ১৮০ ৰাণহে কৰিব পাৰিলে । লক্ষ্ণৌৰ হৈ শ্বাৰদুল ঠাকুৰ আৰু ৰবি বিষ্ণৈই দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে দিগবেশ সিং ৰাথী আৰু আবেশ খানে এটাকৈ উইকেট দখল কৰে ।
Into the 🔝 4 with a 💥 pic.twitter.com/i0DBazPpjh
— Lucknow Super Giants (@LucknowIPL) April 12, 2025
দুয়োটা দলৰ মূল একাদশ
গুজৰাট টাইটানছ: ছাই সুদৰ্শন, শুভমন গিল (অধিনায়ক), জোছ বাটলাৰ (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, শ্বাৰফেন ৰাদাৰফোৰ্ড, শ্বাহৰুখ খান, ৰাহুল তেৱাতিয়া, আৰ্ছাদ খান, ৰছিদ খান, ৰবি শ্ৰীনিবাসন ছাই কিশোৰ, মহম্মদ চিৰাজ ।
লক্ষ্ণৌ ছুপাৰ জায়েন্টছ: আইডেন মাৰ্ক্ৰাম, নিকোলাছ পুৰণ, ঋষভ পণ্ট (উইকেটকীপাৰ/অধিনায়ক), হিম্মৎ সিং, ডেভিদ মিলাৰ, আব্দুল ছামাদ, শ্বাৰদুল ঠাকুৰ, আকাশ দীপ, দিগবেশ সিং ৰাথী, আৱেশ খান, ৰবি বিষ্ণৈ ।

