গুজৰাটৰ সমুখত 164 ৰাণৰ বিজয় লক্ষ্য বান্ধিলে লক্ষ্ণৌৱে - IPL 2024
IPL Today Match : একনা ষ্টেডিয়ামত ছুপাৰ জায়েন্টছৰ মুখামুখি গুজৰাট টাইটানছ ৷ লক্ষ্নৌ দলটোৱে জয়ৰ বাবে গুজৰাটক বান্ধি দিছে 164 ৰাণৰ লক্ষ্য ৷

Published : April 7, 2024 at 9:32 PM IST
স্পৰ্টছ ডেস্ক, 7 এপ্ৰিল : লক্ষ্নৌৰ একনা ষ্টেডিয়ামত দেওবাৰে আই পি এলৰ চলিত সংস্কৰণৰ 21 সংখ্যক মেচখনত ছুপাৰ জায়েন্টছৰ মুখামুখি হৈছে গুজৰাট টাইটানছ ৷ ইতিমধ্যে প্ৰথমে বেটিং কৰি লক্ষ্নৌ দলটোৱে জয়ৰ বাবে গুজৰাটক বান্ধি দিছে 164 ৰাণৰ লক্ষ্য ৷
টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় লক্ষ্নৌ ছুপাৰ জায়েন্টছে ৷ প্ৰথমে বেটিং কৰি দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 5 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 163 ৰাণ ৷ দলৰ হৈ মাৰ্কাছ ষ্টইনিছে সংগ্ৰহ কৰে সাৰ্বাধিক 58 ৰাণ ৷ অধিনায়ক কে এল ৰাহুলে সংগ্ৰহ কৰে 33 ৰাণ ৷ গুজৰাট টাইটানছৰ হৈ উমেশ যাদৱ আৰু দৰ্শন নলকান্দেই সাৰ্বাধিক 2 টাকৈ উইকেট দখল কৰে ৷ ৰচিদ খানে দখল কৰে এটা উইকেট ৷
আই পি এল 2024ত এতিয়ালৈকে খেলা 3 খন মেচৰ ২ খন জয়ৰে লক্ষ্নৌ ছুপাৰ জায়েন্টছ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে ৷ একে সময়তে 4 খন মেচৰ ভিতৰত 2 খন মেচত জয়ী আৰু 2 খন মেচত পৰাস্ত হোৱাৰ পিচত গুজৰাট টাইটানছ 7 নম্বৰত আছে ৷ এই পৰ্যন্ত দুয়োটা দলৰ মাজত মুঠ 4 খন আই পি এল মেচ হৈছে আৰু গুজৰাট টাইটানছে 4 খন মেচতে জয়লাভ কৰিছে ৷ লক্ষ্নৌ ছুপাৰ জায়েন্টছৰ দলটোৱে এখনো মেচত জয়ী হ’ব পৰা নাই ৷ গুজৰাটৰ বিৰুদ্ধে একেৰাহে 4 খন পৰাজয়ৰ অন্তত আজি ঘৰুৱা খেলপথাৰত লক্ষ্নৌৱে গুজৰাটক পৰাস্ত কৰাৰ সুযোগ পাব ৷ আজি দুয়োটা দলৰ মাজত হ’ব কঠোৰ প্ৰতিযোগিতা ৷
- " class="align-text-top noRightClick twitterSection" data="">
লক্ষ্নৌ ছুপাৰ জায়েন্টছৰ মূল একাদশ-
কুইণ্টন ডি কক, কে এল ৰাহুল (অধিনায়ক আৰু উইকেট কীপাৰ), দেৱদত্ত পাডিক্কাল, মাৰ্কাছ ষ্টয়নিছ, নিকোলাছ প’ৰাণ, আয়ুছ বডোনি, ক্ৰুনাল পাণ্ডিয়া, ৰবি বিষ্ণয়, য়শ ঠাকুৰ, নবীন-উল-হক, মায়ংক যাদৱ ৷
গুজৰাট টাইটানছৰ মূল একাদশ-
শুভমন গীল (অধিনায়ক), শৰথ বি আৰ (উইকেট কীপাৰ), সাই সুদৰ্শন, বিজয় শংকৰ, ৰাহুল তেৱাটিয়া, ৰছিদ খান, নূৰ আহমদ, উমেশ যাদৱ, স্পেন্সাৰ জনছন, দৰ্শন নলকাণ্ডে, মোহিত শৰ্মা ৷
লগতে পঢ়ক : দিল্লীৰ বিৰুদ্ধে 29 ৰাণত জয়লাভ মুম্বাইৰ - IPL 2024

