লক্ষ্ণৌ : কে এল ৰাহুলৰ অপৰাজিত ৫৭ ৰাণ আৰু অভিষেক পোৰেলৰ ৫১ ৰাণৰ বাবে দিল্লী কেপিটেলছ (ডি চি)য়ে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক (এল এছ জি) ৮ উইকেটত পৰাস্ত কৰে ৷ এই জয়ৰ জৰিয়তে দিল্লীয়ে ১২ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে ৷ আনহাতে লক্ষ্ণৌ ১০ পইণ্টেৰে ৫ম স্থানত আছে ৷
১৬০ ৰাণৰ লক্ষ্য খেদি খেদি যোৱাটো ডি চিৰ বাবে সহজ কাম বুলি প্ৰমাণিত হয়, কিয়নো তেওঁলোকৰ অ’পেনাৰ অভিষেক পোৰেল আৰু কৰুণ নাইৰে দলটোক ভাল আৰম্ভণি দি ৩.৪ অভাৰত ৩৬/১ ৰাণ কৰে ৷ নাইৰক এডেন মাৰ্ক্ৰামে ১৫ ৰাণত আউট কৰে যদিও পোৰেলে (৩৬ বলত ৫১) ৰাণ সংগ্ৰহ কৰি কে এল ৰাহুলৰ সৈতে দ্বিতীয় উইকেটত ৬৯ ৰাণ সংগ্ৰহ কৰে ৷ প’ৰেলে পঞ্চাশ ৰাণ সংগ্ৰহ কৰি আউট হয় যদিও অক্ষৰ পেটেলে (২০ বলত ৩৪) ৰাহুলৰ সৈতে (৪২ বলত ৫৭) ইনিংছ স্থিৰ কৰি দলৰ জয় নিশ্চিত কৰে ৷ এল এছ জিৰ একমাত্ৰ উইকেট দখলকাৰী আছিল এডেন মাৰ্ক্ৰাম ৷
𝙆𝙇 𝙍𝙖𝙝𝙪𝙡 𝙁𝙞𝙣𝙞𝙨𝙝𝙚𝙨 𝙤𝙛𝙛 𝙞𝙣 𝙎𝙩𝙮𝙡𝙚 💥
— IndianPremierLeague (@IPL) April 22, 2025
Unstoppable 57* from Rahul seals the victory for #DC and a double over #LSG 💪
Scorecard ▶️ https://t.co/nqIO9mb8Bs#TATAIPL | #LSGvDC | @DelhiCapitals | @klrahul pic.twitter.com/KhyEgQfauj
ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে টছত হাৰি প্ৰথমে বেটিং কৰি ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৫৯ ৰাণ সংগ্ৰহ কৰে ৷ লক্ষ্ণৌৰ হৈ অডেন মাৰ্ক্ৰামে ৩৩টা বলত দুটা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ৫২ ৰাণৰ ইনিংছ খেলিছিল ৷ তেওঁৰ বাহিৰেও মিচেল মাৰ্ছে ৩৬টা বলত ৪৫ ৰাণৰ ইনিংছ খেলিছিল ৷ আয়ুষ বদোনীয়ে ৩৬ ৰাণৰ ইনিংছ খেলিছিল ৷ দিল্লীৰ হৈ মুকেশ কুমাৰে ৪ অভাৰত ৩৩ ৰাণ দি ৪টা উইকেট দখল কৰে ৷
A match-turning 4-fer 🎯
— IndianPremierLeague (@IPL) April 22, 2025
Mukesh Kumar’s brilliance earns him the Player of the Match as he guides #DC to a convincing victory! 💪
Relive his spell▶️ https://t.co/ofD4kAIVdj#TATAIPL | #LSGvDC | @DelhiCapitals pic.twitter.com/OQEPbP3tyV
ইফালে আই পি এলত সৰ্বনিম্ন ইনিংছ (১৩০ ইনিংছ)ত ৫০০০ ৰাণ সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় কে এল ৰাহুল ৷ ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ডেভিদ ৱাৰ্নাৰৰ নামত, যিয়ে ১৩৫ ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছিল ৷
IPL POSTER FOR KL RAHUL, The main man 🔥 pic.twitter.com/BiI6w5SU7d
— Johns. (@CricCrazyJohns) April 22, 2025
লক্ষ্ণৌ ছুপাৰ জায়েন্টছ মূল একাদশ : এডেন মাৰ্ক্ৰাম, মিচেল মাৰ্ছ, নিকোলাছ পুৰাণ, ঋষভ পণ্ট (উইকেটকীপাৰ/অধিনায়ক), আব্দুল ছামাদ, ডেভিদ মিলাৰ, শ্বাৰদুল ঠাকুৰ, দিগবেশ সিং ৰাথী, ৰবি বিষ্ণৈ, আবেশ খান, প্ৰিন্স যাদৱ ৷
দিল্লী কেপিটেলছ মূল একাদশ : অভিষেক পোৰেল, কৰুণ নাইৰ, কে এল ৰাহুল (উইকেটকীপাৰ), অক্ষৰ পেটেল (অধিনায়ক), ত্ৰিষ্টান ষ্টাবছ, আশুতোষ শৰ্মা, বিপ্ৰজ নিগম, মিচেল ষ্টাৰক, কুলদীপ যাদৱ, দুষমন্ত চমীৰা, মুকেশ কুমাৰ ৷