ETV Bharat / sports

ধোনীৰ আন এক অভিলেখ; আই পি এলৰ ইতিহাসত ২০০ উইকেট দখল কৰা প্ৰথমজন খেলুৱৈ - IPL 2025

আই পি এলৰ ইতিহাসত উইকেটৰ পিছত ২০০টা কেচ লোৱা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত এম এছ ধোনী ।

IPL 2025
ধোনীৰ আন এক অভিলেখ (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : April 15, 2025 at 12:09 AM IST

2 Min Read

লক্ষ্ণৌ : আই পি এল ২০২৫ৰ ৩০ সংখ্যক মেচত একনা ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰজায়েন্টছৰ মুখামুখি হয় । এই মেচখনত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক এম এছ ধোনীয়ে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে প্ৰথম ইনিংছত আয়ুষ বদোনীক ষ্টাম্প কৰি ইতিহাসৰ ৰচনা কৰে ।

আই পি এলত ইতিহাস ৰচনা কৰিলে এম এছ ধোনীয়ে

৪৩ বছৰীয়া ধোনী আই পি এলৰ ইতিহাসত উইকেটৰ পিছত ২০০টা কেচ লোৱা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয় । ধোনীয়ে আয়ুষ বদোনীক ৰবীন্দ্ৰ জাদেজাৰ ওপৰত ষ্টাম্প কৰি ২০০ সংখ্যক কেচ সম্পূৰ্ণ কৰে । ১৭টা বলত ২২ ৰাণ সংগ্ৰহ কৰে বদোনীয়ে ।

আই পি এলত ধোনীৰ ১৫৪টা কেচ আৰু ৪৬টা ষ্টাম্পিং

আই পি এল কেৰিয়াৰত ধোনীয়ে উইকেটৰ পিছফালে ১৫৪টা কেচ আৰু ৪৬টা ষ্টাম্পিং লৈ ২০০টা কেচ লোৱা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয় । দীনেশ কাৰ্তিক ১৮২টা কেচেৰে দ্বিতীয় স্থানত থকাৰ বিপৰীতে এ বি ডিভিলিয়াৰ্ছে ১২৬টা কেচ লৈ তৃতীয় স্থানত আছে ।

এল এছ জি বনাম চি এছ কে

আই পি এল ২০২৫ৰ ৩০ সংখ্যক মেচ এই মেচখনৰ কথা ক’বলৈ গ’লে চি এছ কেয়ে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ।যাৰবাবে লক্ষ্ণৌৱে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৬৬ ৰাণ সংগ্ৰহ কৰে ।

অধিনায়ক ঋষভ পণ্টে ৪৯টা বলত ৬৩ ৰাণ সংগ্ৰহ কৰি এংকৰৰ ভূমিকা পালন কৰে । এই ছিজনৰ এইটো পণ্টৰ প্ৰথমটো অৰ্ধশতক । মিচেল মাৰ্ছে ২৫টা বলত ৩০ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পিছত বদোনীয়ে কেমিঅ’ (১৭ বলত ২২ ৰাণ) খেলে । যাৰ বাবে লক্ষ্ণৌৱে ১৬৬ ৰাণ সংগ্ৰহ কৰাত সফল হয় ।

লগতে পঢ়ক : মেডাম জী, ৰোহিত শৰ্মাক অধিনায়ক বনাওক; শিৰদীত কৰযোৰ কৰি নীতা আম্বানীক অনুৰাগীৰ আহ্বান

IPL 2025 ত দিল্লী কেপিটেলছৰ প্ৰথম পৰাজয়, ১২ ৰাণত জয়ী মুম্বাই ইণ্ডিয়ানছ, কৰুণ নাইৰৰ উজ্জ্বল ইনিংছ অসাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.