ETV Bharat / sports

আই পি এলৰ আচৰণ বিধি ভংগৰ বাবে স্পিনাৰক বিহিলে জৰিমনা - IPL 2025

পঞ্জাৱ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত মেচত বেটছমেন প্ৰিয়ংশ আৰিয়াক আউট কৰি আনন্দ উদযাপন কৰাৰ বাবে জৰিমনা বিহা হৈছে দিগৱেশ সিং ৰাথীক ।

IPL 2025
স্পিনাৰক বিহিলে জৰিমনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 2, 2025 at 9:28 PM IST

2 Min Read

নতুন দিল্লী: মঙলবাৰে পঞ্জাৱ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত এখন মেচৰ সময়ত আই পি এলৰ আচৰণ বিধি উলংঘা কৰে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ স্পিনাৰ দিগৱেশ সিং ৰাথীয়ে ৷

এই অপৰাধৰ বাবে ৰাথীক মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহাৰ লগতে এটা ডিমেৰিট পইণ্টো দিয়া হৈছে ।

মেচখনৰ তৃতীয় অভাৰত দিগৱেশে পঞ্জাৱ কিংছৰ বেটছমেন প্ৰিয়ংশ আৰিয়াক আউট কৰে ৷ শ্বাৰ্দুল ঠাকুৰে আৰিয়াই কোবোৱা বলটো কেচ ধৰাৰ লগে লগে বেটছমেনগৰাকীৰ ফালে আউট হোৱাৰ ইংগিত প্ৰদান কৰি পেভিলিয়নৰ দিশে আঙুলিয়াই দিছিল বলিঙৰ দায়িত্বত থকা ৰাথীয়ে ৷ যিটো আই পি এলৰ নীতি অনুসৰি অনুচিত বুলি বিবেচিত কৰা হৈছে ৷

আই পি এল কৰ্তৃপক্ষই মঙলবাৰে নিশা সংবাদ মাধ্যমক সম্বোধন কৰি এক বিবৃতিৰ জৰিয়তে এনেদৰে কয়, ‘‘লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বলাৰ দিগৱেশ সিঙক মঙলবাৰে ভাৰতৰত্ন শ্ৰীঅটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়াম লক্ষ্ণৌত পঞ্জাৱ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত আই পি এলৰ আচৰণ বিধি উলংঘা কৰাৰ অপৰাধত মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহাৰ লগতে ১ ডিমেৰিট পইণ্ট দিয়া হৈছে’’ ৷

বিবৃতিটোত এনেদৰে কোৱা হৈছে, ‘‘দিগৱেশ সিঙে ২.৫ অনুচ্ছেদৰ অধীনত লেভেল ১ ৰ অপৰাধ স্বীকাৰ কৰি মেচ ৰেফাৰীৰ শাস্তি মানি লৈছিল । আচৰণ বিধিৰ স্তৰ ১ উলংঘাৰ বাবে মেচ ৰেফাৰীৰ সিদ্ধান্ত চূড়ান্ত আৰু বাধ্যতামূলক’’ ।

পঞ্জাৱ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিৰ্ধাৰণ কৰি দিয়া ১৭২ ৰাণৰ সহজ লক্ষ্য অতিক্ৰম কৰি মেচখনত জয়লাভ কৰে ৷ ৩৪ টা বলত ৬৯ ৰাণৰ বিস্ফোৰক ইনিংছ খেলি পঞ্জাৱ কিংছে ৩ টা চাৰি আৰু ৩ টা ছয়ৰ সহায়ত খেলি ৮ টা উইকেট আৰু ২২ টা বল বাকী থকা লক্ষ্যত উপনীত হয় ৷

পঞ্জাৱ কিংছৰ অধিনায়ক তথা তাৰকা বেটছমেন শ্ৰেয়ছ আয়াৰে মাত্ৰ ৩০ টা বলত অপৰাজিত ৫২ ৰাণ সংগ্ৰহ কৰি দলটোক জয় প্ৰদানত সহায় কৰে । প্ৰথমে বেটিং কৰিবলৈ অহা লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৭ উইকেটত ১৭১ ৰাণ সংগ্ৰহ কৰিছিল, যিটো মেচখনত জয়লাভ কৰিবলৈ পৰ্যাপ্ত নাছিল ।

লগতে পঢ়ক: লক্ষ্ণৌক ৮ উইকেটত পৰাস্ত পঞ্জাবৰ, খেলখনৰ নায়ক পৰিণত প্ৰভসীমৰণ, আয়াৰ আৰু আৰ্শদীপেও বিয়পালে নিজৰ যাদু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.