ৰোহিত শৰ্মাৰ অৱসৰে কাৰ ভাগ্যৰ দুৱাৰ কৰিব মুকলি ?
কোন হ’ব ৰোহিত শৰ্মাৰ উত্তৰসূৰী ? টেষ্ট অধিনায়ক হিচাপে কোন ক্ৰিকেটাৰৰ নামে লাভ কৰিছে চৰ্চা ?

Published : May 8, 2025 at 2:33 PM IST
হায়দৰাবাদ: সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই বুধবাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই ৷ ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷
৩৮ বছৰীয়া ৰোহিত শৰ্মা ভাৰতৰ অন্যতম অভিজাত টেষ্ট বেটছমেন, যিয়ে ১২ টা শতক আৰু ১৮ টা অৰ্ধশতকৰ সহায়ত ৬৭ খন টেষ্টত গড়ে ৪০.৫৭ ৰাণৰে সংগ্ৰহ কৰিছিল মুঠ ৪,৩০১ ৰাণ ৷
ৰোহিত শৰ্মাৰ অৱসৰৰ পিছত সম্প্ৰতি খালী হৈ পৰিছে টীম ইণ্ডিয়াৰ অধিনায়কৰ পদ ৷ এই পদত পৰৱৰ্তী সময়ত কাক অধিষ্ঠিত কৰা হ’ব, তাক লৈও বৰ্তমান চলিছে ব্যাপক চৰ্চা ৷
কোন হ’ব ৰোহিত শৰ্মাৰ উত্তৰসূৰী ? অনুৰাগীৰ সমানে সমানে বিষয়টোত দৃষ্টি আৱদ্ধ ৰাখিছে নিৰ্বাচকসকলেও ৷ কাৰণ এইবাৰ ভাৰতে ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিব টেষ্ট শৃংখলাত ৷ সেয়েহে দলৰ নেতৃত্বই পালন কৰিব গুৰুত্বপূৰ্ণ ভূমিকা ৷
ইয়াৰোপৰি ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে বিদেশত অনুষ্ঠিত হ’বলগা টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ৷ যাৰ বাবে অধিনায়কৰ পদত অধিষ্ঠিত হ’বলগীয়া ক্ৰিকেটাৰগৰাকীৰ বাবে সেয়া হৈ পৰিব অগ্নিপৰীক্ষা ৷
ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব বহন কৰিব পৰা কেইবাগৰাকীও ক্ৰিকেটাৰৰ নাম ইতিমধ্যে চৰ্চাত আহিছে ৷ কোন কোন ক্ৰিকেটাৰ নামে লাভ কৰিছে চৰ্চা ?
শুভমন গিল:

টীম ইণ্ডিয়াৰ টেষ্ট দলক নেতৃত্ব দিব পৰা ক্ৰিকেটাৰৰ নামসমূহ চালে পোনতে প্ৰথমে মনলৈ আহে উদীয়মান ক্ৰিকেটাৰ শুভমন গিলৰ নাম ৷ আগশাৰীৰ ক্ৰিকেটাৰ হিচাপে গণ্য কৰা গিল ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম কাৰিকৰীভাৱে অভিজ্ঞ বেটছমেন । টেষ্ট বা এদিনীয়াত ভাৰতক এতিয়াও নেতৃত্ব দিব পৰা নাই যদিও গিলৰ অধিনায়কত্বত দলটোৱে পাঁচখন টি-২০ মেচৰ চাৰিখনতে জয় লাভ কৰি দখল কৰিছিল শৃংখলা ৷
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ত বিগত ছিজনত গুজৰাট টাইটানছৰ অধিনায়কৰ দায়িত্ব বহন কৰা গিলৰ দলটোৱে ২৫ খন মেচৰ পৰা ১৩ খনত জয়লাভ কৰাৰ বিপৰীতে ১০ খনতহে পৰাজয়বৰণ কৰিছিল । আন দুখন মেচ অমীমাংসিতভাৱে সামৰণি পৰিছিল ৷
ঋষভ পন্ত:

ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঋষভ পন্তে ৰেডবল ক্ৰিকেটত ৰাষ্ট্ৰীয় দলৰ হৈ ধাৰাবাহিকভাৱে ৰাণ সংগ্ৰহ কৰি আহিছে । ৪৩ খন মেচত মুঠ ২,৯৪৮ ৰাণ সংগ্ৰহ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে । আক্ৰমণাত্মকভাৱে ৰাণ সংগ্ৰহ কৰা আৰু বহু নামী-দামী তাৰকা ক্ৰিকেটাৰৰ উইকেট দখলৰ আঁৰৰ সক্ষমতাই পন্তক দলৰ নেতৃত্ব বহন কৰাৰ ক্ষেত্ৰত যোগ্য প্ৰতিপন্ন কৰিব ৷
তদুপৰি আই পি এলত পন্তৰ অধিনায়কত্বৰ অভিলেখ যথেষ্ট আকৰ্ষণীয় । আই পি এলত তেওঁৰ জয়ৰ শতাংশ ৫৩.৭০ ।
যশপ্ৰীত বুমৰাহ:

ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহৰ ভাৰতীয় টেষ্ট দলৰ অধিনায়কত্বৰ অভিজ্ঞতা আছে ৷ ক্ৰিকেটাৰগৰাকীয়ে ভাৰতীয় টেষ্ট দলৰ সহ-অধিনায়কৰ দায়িত্বও ইতিমধ্যে পালন কৰিছে । বুমৰাহৰ অধিনায়কৰ অভিজ্ঞতা মাত্ৰ তিনিখন মেচতে সীমাবদ্ধ যদিও ভাৰতীয় দলৰ বিপুল অভিজ্ঞ সদস্যসকলৰ ভিতৰত তেওঁ অন্যতম । ইংলেণ্ডৰ বিৰুদ্ধে এখন টেষ্টত বুমৰাহে ভাৰতক নেতৃত্ব দি পৰাজয়বৰণ কৰাৰ বিপৰীতে দুখন টি-২০ ত অধিনায়কৰ ভাৰ চম্ভালি দুয়োখন মেচতে দলক বিজয়ৰ সোৱাদ দিছে ৷
কে এল ৰাহুল:

টেষ্ট দলৰ অন্যতম অভিজ্ঞ খেলুৱৈ ৰাহুলে ইতিমধ্যে ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব পালন কৰিছে । শীৰ্ষ পৰ্যায়ত প্ৰয়োজনীয় স্থিৰতা আৰু অভিযোজন ক্ষমতাও আছে ৰাহুলৰ । সোঁহতীয়া বেটছমেনগৰাকীয়ে ২০২২ চনৰ জানুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে ভাৰতীয় টেষ্ট দলৰ অধিনায়কত্ব কৰিছিল ।
তিনিখন টেষ্টকে ধৰি ১৬ খন মেচত অধিনায়কৰ ভাৰ বহন কৰিছে ৰাহুলে । তিনিখন টেষ্টত তেওঁ দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশৰ বিৰুদ্ধে অধিনায়কত্ব কৰিছিল, য’ত দলটোৱে প্ৰথমখন মেচত পৰাজয়বৰণ কৰে ৷ অৱশ্যে বাকী দুখন মেচত জয়লাভ কৰিছিল মেন ইন ব্লু-ই ৷ এদিনীয়া মেচত এই পৰ্যন্ত ১২ খন খেলৰ ভিতৰত ৮ খনত আৰু এখন টি-২০ ত ৩৩ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে অধিনায়ক হিচাপে দলক জয়ৰ সোৱাদ দিছিল ৷
আনহাতে, আই পি এলত তেওঁ ৬৪ খন মেচত অধিনায়ক হিচাপে দলক নেতৃত্ব দি ৩১ খন মেচত জয়লাভ কৰিছে ৷
লগতে পঢ়ক: টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা ৰোহিত শৰ্মাৰ

