কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অসম অলিম্পিক সন্থাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন - ASSAM OLYMPIC ASSOCIATION ELECTION
Assam Olympic Association : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অনুষ্ঠিত বিগত বৰ্ষৰ অসম অলিম্পিক সন্থাৰ শেষৰখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা । এই কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তৰ পাচতহে আৰম্ভ হ'ব নিৰ্বাচন প্ৰক্ৰিয়া ৷ পঢ়ক বিতং খবৰ...

Published : September 22, 2024 at 1:15 PM IST
|Updated : September 22, 2024 at 1:26 PM IST
ডিব্ৰুগড়, 22 ছেপ্টেম্বৰ : অসমক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে অসম অলিম্পিক সন্থাই । এই সন্থা গঠন হোৱাৰ দিনৰে পৰা নিৰ্বাচন অনুষ্ঠিত কৰি গঠন কৰা হৈছে অসম অলিম্পিক সন্থাৰ সমিতি । কিন্তু কেইবাটাও কাৰ্যকালত নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ গঠন কৰা হৈছিল অসম অলিম্পিক সন্থাৰ সমিতি ।
বিগত 22 বছৰৰ পাছত এইবাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ অধিৱেশন আৰু নিৰ্বাচন । দেওবাৰে অনুষ্ঠিত হ'বলগা নিৰ্বাচনৰ পtৰ্বে ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ সভাকক্ষত অনুষ্ঠিত হয় অসম অলিম্পিক সন্থাৰ কাৰ্যনিৰ্বাহক সভা ।
সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অনুষ্ঠিত হয় বিগত বৰ্ষৰ অসম অলিম্পিক সন্থাৰ শেষৰখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা । অসম অলিম্পিক সন্থাৰ বিগত চাৰিটা বছৰৰ বাৰ্ষিক খতিয়ান এই কাৰ্যনিৰ্বাহক সভাতে দাখিল কৰা হয় । এই কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তৰ পাছতহে আৰম্ভ হ'ব নিৰ্বাচন প্ৰক্ৰিয়া ৷
আনহাতে, অসম অলিম্পিক সন্থাত কোনো মন্ত্ৰী-বিধায়কে প্ৰতিদ্বন্দ্বিতা নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতেই বিষয়টো গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷ ইতিমধ্যে অসম অলিম্পিক সন্থাৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শনিবাৰে নিশা লোৱা সিদ্ধান্তৰ পাছত সৰ্বানন্দ সোণোৱালে সেই সম্পৰ্কত সংবাদ মাধ্যমত নিজৰ মন্তব্য প্ৰকাশ কৰি কয়, "কালি তেওঁলোকে স্পষ্ট কৰিছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে" । মন্ত্ৰী-বিধায়কে অসম অলিম্পিক সন্থাত প্ৰতিদ্বন্দ্বিতা নকৰা সিদ্ধান্তক আদৰণি জনাই সৰ্বানন্দ সোণোৱালে লগতে কয়, "এইটো অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।’’
উল্লেখযোগ্য যে, ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি যদি দেওবাৰে অসম অলিম্পিক সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হয়, তেতিয়াহ'লে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক, কোষাধ্যক্ষ, যুটীয়া সম্পাদক আৰু কাৰ্যনিৰ্বাহক পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । এই পদত নাথাকিব এজনো মন্ত্ৰী-বিধায়ক । কাৰণ শনিবাৰৰ দিনটোত 13 গৰাকী মন্ত্ৰী-বিধায়কে মনোনয়ন প্ৰত্যাহাৰ কৰে । ৰাজ্যৰ 33 খন জিলাৰ দুজনকৈ প্ৰতিনিধিয়ে ভোটদান কৰিব এই নিৰ্বাচনত ।

