নতুন দিল্লী : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৫ত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB)-এ । ৰজত পাটিদাৰৰ নেতৃত্বত বিৰাট কোহলীৰ দৰে তাৰকা তাৰকাৰে সজ্জিত RCB দলটোৱে এতিয়ালৈকে ৪খন মেচৰ ভিতৰত ৩খন খেলত দৰ্শনীয় জয় লাভ কৰিছে ।
খেলখনৰ সকলো বিভাগতে দলটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে আৰু ১৭ বছৰীয়া খিতাপ খৰাং পৰিস্থিতিৰ অন্ত পেলোৱাৰ বাবে ডাই হাৰ্ড RCB ৰ অনুৰাগীৰ আশা বৃদ্ধি পাইছে ।
- IPL ২০২৫ত RCB ৰ মহান প্ৰদৰ্শন
শেহতীয়াভাৱে RCB ৰ প্ৰদৰ্শনলৈ চালে এইবাৰ ইয়াক জয়ৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে । বহু কিংবদন্তিয়ে এইবাৰ RCB ক খিতাপৰ বাবে প্ৰিয় হিচাপে বিবেচনা কৰিছে । এতিয়া এই তালিকাত যোগ হৈছে আই পি এলৰ প্ৰতিষ্ঠাপক ললিত মোদীৰ নামো ।
২০০৮ চনত IPL ৰ পিতৃ হিচাপে গণ্য কৰা ললিত মোদীয়ে এটা ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল যে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু দলে IPL ২০২৫ৰ খিতাপ দখল কৰিব ।
The year of rewriting history.
— Royal Challengers Bengaluru (@RCBTweets) April 8, 2025
Away games have turned out nice,
Even broke the jinx twice! 🧿🙏#PlayBold #ನಮ್ಮRCB #IPL2025 #MIvRCB pic.twitter.com/KwahFojAjl
- IPL ২০২৫ৰ খিতাপ লাভ কৰিব RCB-এ : ললিত মোদী
ললিত মোদীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্টত লিখিছে, ‘‘মই ভাবো যে মই এই ভৱিষ্যদ্বাণী কৰিব পাৰো, এইবাৰ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে IPL ৰ খিতাপ দখল কৰিব । ১৮ বছৰে অপেক্ষা কৰি থকা RCB ৰ অনুৰাগীসকলে ভাল পাব এই কথাটো শুনি নিশ্চয় ভাল পাব । তেওঁলোকো নিশ্চয়কৈ ইয়াৰ বাবে যোগ্য ।''
- বিৰাট কোহলীক প্ৰশংসা
এই পোষ্টটোত তেওঁ RCB ৰ কিংবদন্তি বেটছমেন বিৰাট কোহলীকো প্ৰশংসা কৰে । তেওঁ লিখিছে, ‘‘বিৰাট কোহলী হৈছে সেই ছুপাৰষ্টাৰ যিয়ে ছিজন ৱানৰ আৰম্ভণিৰে পৰাই ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সৈতে আৰম্ভণি কৰিছিল - যেতিয়া তেওঁ এজন যুৱ খেলুৱৈ আছিল, যিয়ে তেতিয়ালৈকে তেওঁৰ নেতৃত্বত ২০০৮ চনৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ জয় কৰা ইণ্ডিয়া A দলৰ অধিনায়কহে আছিল । তাৰ পৰাই তেওঁ এটা ডাঙৰ কেৰিয়াৰ গঢ়ি তুলিছিল আৰু বিশ্বৰ এক বিলিয়নৰো অধিক লোকৰ হৃদয় জয় কৰিছিল ।''
- বিজয় মাল্যালৈ শুভেচ্ছা জ্ঞাপন
ললিত মোদীয়ে নিজৰ পোষ্টৰ জৰিয়তে RCB ৰ স্বত্বাধিকাৰী বিজয় মালিয়াক শুভেচ্ছা জনায় । তেওঁ কয়, ‘‘এইবাৰ খিতাপ জয় কৰাটো দল আৰু বিৰাটৰ বাবে এক উপযুক্ত জয় হ’ব, যিটো জয় মোৰ ভাল বন্ধু বিজয় মালিয়াই ২০০৮ চনত ১১২ মিলিয়ন ডলাৰত কিনিছিল । তেওঁলৈ শুভেচ্ছা ।’’
- বহিঃৰাজ্যত আত্মগোপন কৰি আছে ললিত মোদীয়ে
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বিশ্ববিখ্যাত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ প্ৰতিষ্ঠাপক ললিত মোদীৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ অভিযোগ আছে । বিদেশত আত্মগোপন কৰি থকা ললিত মোদীক বিচাৰি ঐআছে ভাৰতীয় সংস্থাসমূহে । ইয়াৰ উপৰিও যোৱা কেইবছৰমানৰ পৰা ললিত মোদীৰ প্ৰেমৰ সম্পৰ্কক লৈও বহু চৰ্চা চলি আছে ।
