বেংগালুৰু : আই পি এল ২০২৫ৰ ২৪ সংখ্যক মেচত কে এল ৰাহুলৰ অপৰাজিত অৰ্ধশতক (৯৩ ৰাণ)ৰ বাবেই দিল্লী কেপিটেলে নিজৰ ঘৰুৱা খেলপথাৰত আৰ চি বিক ৬ উইকেটত পৰাস্ত কৰে । এই ছিজনত দিল্লীৰ এয়া একেৰাহে চতুৰ্থ জয়ৰ বিপৰীতে আৰ চি বিয়ে নিজৰ ঘৰুৱা খেলপথাৰত একেৰাহে দ্বিতীয়খন খেলত পৰাস্ত হয় । ইয়াৰ লগতে পইণ্ট তালিকাৰ শীৰ্ষ ২ স্থানত স্থান লাভ কৰিছে দিল্লী কেপিটেলছ । একে সময়তে ৫খন মেচত তিনিখন জয় আৰু দুখন পৰাজয়ৰে চতুৰ্থ স্থান দখল কৰিছে আৰ চি বিয়ে ।
বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত টছত জয়লাভ কৰাৰ পাছত দিল্লী কেপিটেলছৰ অধিনায়ক অক্ষৰ পেটেলে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথম চাৰি অভাৰত মাত্ৰ এটা উইকেট হেৰুৱাই ৬০ ৰাণ সংগ্ৰহৰে আৰ চি বিয়ে দ্ৰুত আৰম্ভণি কৰে । ফিল ছল্টে ১৭টা বলত ৩৭ ৰাণৰ দ্ৰুত ইনিংছ খেলি ৰাণ আউট হয় । ইয়াৰ পিছত দলটোৱে ৩০ ৰাণৰ ভিতৰত তিনিটা উইকেট হেৰুৱায় ।
𝗞𝗟assy. 𝗞𝗟inical. 𝗞𝗟utch 💥
— IndianPremierLeague (@IPL) April 10, 2025
KL Rahul wins the Player of the Match award for guiding #DC home with a stunning 9⃣3⃣* 🙌
Scorecard ▶ https://t.co/h5Vb7spAOE#TATAIPL | #RCBvDC | @DelhiCapitals | @klrahul pic.twitter.com/PFie6BHeBf
আৰ চি বিৰ মিডল অৰ্ডাৰে কাম নকৰিলে
বিৰাট কোহলীয়ে ১৪টা বলত ২২ ৰাণ সংগ্ৰহ কৰে । পাডিক্কালে ১ ৰাণ বৰঙণি আগবঢ়ায় । অধিনায়ক ৰজত পাটিদাৰে ২৫ ৰাণৰ লেহেমীয়া ইনিংছ খেলিছিল । লিভিংষ্টনে ৪, জিতেশ ৩ আৰু ক্ৰুনাল পাণ্ডিয়াই ১৮ ৰাণ সংগ্ৰহ কৰি আউট হয়। শেষত টিম ডেভিদে ২০টা বলত ৩৭ ৰাণৰ অপৰাজিত ইনিংছ খেলি দলটোক সন্মানজনক স্ক’ৰলৈ লৈ যায় । কুলদীপ আৰু বিপ্ৰাজে দুটাকৈ উইকেট দখল কৰে ।
𝐌𝐨𝐦𝐞𝐧𝐭𝐮𝐦 = 𝐏𝐨𝐰𝐞𝐫𝐞𝐝 𝐛𝐲 𝐊𝐋 & 𝐒𝐭𝐮𝐛𝐛𝐬 👊
— IndianPremierLeague (@IPL) April 10, 2025
🎥 KL Rahul and Tristan Stubbs launch an attack to ignite #DC's chase 💪
They need 30 off 24.
Updates ▶ https://t.co/h5Vb7sp2Z6#TATAIPL | #RCBvDC | @DelhiCapitals | @klrahul pic.twitter.com/LICgoUF3xy
দিল্লীৰ নিৰাশজনক আৰম্ভণি
আৰ চি বিয়ে নিৰ্ধাৰণ কৰি দিয়া ১৬৪ ৰাণৰ লক্ষ্য অনুসৰণ কৰি খেলপথাৰলৈ অহা দিল্লীৰ আৰম্ভণি আছিল অতি নিৰাশজনক । ৩০ ৰ স্ক’ৰত দলটোৱে তিনিটা উইকেট হেৰুৱাইছিল । তাৰ পিছত, ৬০ ৰাণত উপনীত হোৱাৰ আগতে চতুৰ্থটো উইকেট হেৰুৱায় । ফাফ ২, জেক ফ্ৰেজাৰ মেকগাৰ্ক ৭ আৰু অভিষেক প’ৰেল ৭ ৰাণ কৰি পেভিলিয়নলৈ উভতি আহিছিল । অধিনায়ক অক্ষৰ পেটেলে ১৫ ৰাণ সংগ্ৰহ কৰে যদিও কে এল ৰাহুলে ক্ৰিজত বৰ্তি থাকে ।
ৰাহুলৰ অৰ্ধশতক
ৰাহুল আৰু ট্ৰিষ্টান ষ্টাবছে ৫৫টা বলত পঞ্চম উইকেটৰ বাবে অপৰাজিত ১১১ ৰাণ সংযোজন কৰে । কে এল ৰাহুলে ৫৩ বলত ৯৩ ৰাণ আৰু ষ্টাবছে ২৩ বলত ৩৮ ৰাণৰ অপৰাজিত ইনিংছ খেলি দলটোক জয়ী কৰা্য় । ভুৱনেশ্বৰ কুমাৰে দুটা উইকেট দখল কৰে । জোছ আৰু ছুয়াছে এটাকৈ উইকেট লাভ কৰে ।