ETV Bharat / sports

আইপিএল ২০২৫; আজি গুৱাহাটীত ৰাজস্থান বনাম কলকাতা - IPL 2025

অভিযানৰ আৰম্ভণিতে বিফল হোৱা দুটা দল আজি মুখামুখি হ'ব । প্ৰথম বিজয়ৰ অপেক্ষাত ৰাজস্থান আৰু কলকাতা ।

KKR vs RR IPL 2025
গুৱাহাটীত ৰাজস্থান বনাম কলকাতা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 26, 2025 at 2:08 PM IST

3 Min Read

হায়দৰাবাদ : চলিত আইপিএলৰ অষ্টাদশ ছিজনৰ আজি এখন গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ'ব । গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত মুখামুখি হ'ব কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ) আৰু ৰাজস্থান ৰয়েলছ (আৰআৰ) । দুয়োটা দলে ইতিমধ্যে তেওঁলোকৰ প্ৰথম মেচত পৰাজিত হৈছে । কলকাতাক নিজৰ ঘৰতে ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৱে পৰাস্ত কৰিছে আৰু ৰাজস্থানক ৰাজীৱ গান্ধী ষ্টেডিয়ামত চানৰাইজাৰৰ্ছ হায়দৰাবাদে পৰাজিত কৰিছে ।

অৱশ্যে পৰাজিত হ'লেও দুয়োটা দলৰ বাবে প্ৰথম মেচ ইতিবাচক আছিল । কেকেআৰৰ সুনীল নাৰায়ণ আৰু আজিঙ্ক্য ৰাহানেক আকৰ্ষণীয় ফৰ্মত দেখা গৈছিল । ইফালে আৰআৰৰ সঞ্জু ছেমছন আঘাতৰ বাবে ফিল্ডিং কৰা নাছিল যদিও বেটিঙেৰে সুন্দৰ ইনিংছ খেলিছিল । ধ্ৰুৱ জুৰেল আৰু শুভম ডুবেকো বৃহৎ শ্বট মাৰি থকা দেখা গৈছিল । যাৰ বাবে আৰআৰৰ মধ্যম অর্ডাৰৰ কিছুমান চিন্তা কমিছে । ছেমছন সম্পূৰ্ণ সুস্থ নহয় যদিও ইম্পেক্ট প্লেয়াৰ হিচাপে খেলখনত দলটোক আগুৱাই লৈ যাব । আনহাতে অধিনায়ক হিচাপে প্ৰথমখন খেল যথেষ্ট কঠিন আছিল যদিও ৰিয়ান পৰাগে পুনৰ এবাৰ দলৰ নেতৃত্ব দিবলৈ সাজু হৈছে ।

ৰাজস্থান বনাম কলকাতা

দুয়োটা দলৰ আজিৰ মেচখন অতি গুৰুত্বপূৰ্ণ । দুয়োটা দলৰ মাজত এতিয়ালৈ ৩০ খন খেল হৈছে । য'ত দুয়োটা দলেই ১৪ খনকৈ মেচত জয়ী হৈছে । ২ খন মেচৰ কোনো ফলাফল নাছিল । এই সময়ছোৱাত কলকাতাৰ সৰ্বোচ্চ স্ক'ৰ ২২৩ আৰু সৰ্বনিম্ন ১২৫ । আনহাতে ৰাজস্থানৰ সৰ্বোচ্চ স্ক'ৰ ২২৪ আৰু সৰ্বনিম্ন ৮১ ৰাণ ।

পিটছ আৰু বতৰ

বিগত বছৰ গুৱাহাটীত আইপিএলৰ দুখন মেচৰ আয়োজন কৰা হৈছিল । অৱশ্যে বৰষুণে দুয়োটা দলৰ মাজত গুৱাহাটীত হ'বলগীয়া খেলত বিধি-পথালি দিছিল । অৱশ্যে আজি বৰষুণৰ সম্ভাৱনা নাই । গুৱাহাটীত দিনত গৰম আৰু নিশা কিছু শীত অনুভৱ কৰা যায় । যাৰ ফলত খেলখনৰ পিছৰ পৰ্যায়লৈ কুঁৱলী প্ৰভাৱ থাকিব পাৰে । তেনে পৰিস্থিতিত দুয়োটা দলৰ বাবে টছ অতি গুৰুত্বপূৰ্ণ ।

পিটছৰ কথা ক'বলৈ গ'লে বিগত বছৰ খেলা এখন খেলত দ্ৰুত বলাৰ আৰু স্পিনাৰৰ গতি প্ৰভাৱিত হৈছিল । প্ৰথমে বেটিং কৰা দলসমূহে ইয়াত ৩ খন মেচৰ ভিতৰত ২ খনতে জয়ী হৈছে । গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ পিটছ বেটিঙৰ বাবে উৎকৃষ্ট । ভাৰতে এবাৰ ইয়াত ৩ উইকেটত ২৩৭ ৰাণ কৰিছিল আৰু তাৰ পিছত দক্ষিণ আফ্ৰিকাই ৩ উইকেটত ২২১ ৰাণ কৰিছিল । সেয়ে আজিৰ মেচখন হাইস্ক'ৰিং হ'ব বুলি আশা কৰা হৈছে ।

ৰাজস্থান বনাম কলকাতা, ক'ত আৰু কেতিয়া ?

কলকাতা আৰু ৰাজস্থানৰ মাজৰ মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ২৬ মাৰ্চৰ সন্ধিয়া ৭:৩০ বজাত অনুষ্ঠিত হ'ব ।

ক'ত চাব পাৰিব খেলখন ?

কলকাতা আৰু ৰাজস্থানৰ মেচৰ লাইভ সম্প্রচাৰ ষ্টাৰ স্পৰ্টছ নেটৱৰ্কত উপলব্ধ হ'ব । মেচৰ লাইভ ষ্ট্ৰিমিং জিঅ' হটষ্টাৰ (এপ আৰু ৱেবছাইট)ত কৰা হ'ব ।

সম্ভাৱ্য প্লেয়িং একাদশ

ৰাজস্থান ৰয়েলছ : যশস্বী জয়ছোৱাল, সঞ্জু ছেমছন, ৰিয়ান পৰাগ (অধিনায়ক), নীতিশ ৰাণা, ধ্ৰুৱ জুৰেল (উইকেটকিপাৰ), চিমৰণ হেটমায়াৰ, শুভম ডুবে, জোফ্ৰা আৰ্চাৰ/ৱানিন্দু হাচাৰাঙ্গা, মহেশ দীক্ষণা, তুষাৰ দেশপাণ্ডে, সন্দীপ শর্মা, ফজলহক ফাৰুকী ।

কলকাতা নাইট ৰাইডাৰ্ছ : কুইণ্টন ডি কক (উইকেটকিপাৰ), সুনীল নাৰায়ণ, আজিংক্য ৰাহানে (অধিনায়ক), ভেঙ্কটেশ আয়াৰ, অংকৃষ ৰঘুবংশী, ৰিংকু সিং, আন্দ্রে ৰাছেল, ৰমনদীপ সিং, হৰ্ষিত ৰাণা, স্পেঞ্চৰ জনছন/এনৰিক ন'ৰ্টজে, বৰুণ চক্রৱৰ্তী, বৈভৱ অৰোড়া ।

লগতে পঢ়ক :শশাংক শৰ্মাৰ বেটিং ধুমুহা, শ্ৰেয়স আয়াৰৰ অপৰাজিত ৯৭; প্ৰথম মেচত ১১ ৰাণত জয়লাভ পঞ্জাবৰ - IPL 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.