ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উজলিল কলিয়াবৰৰ খেলুৱৈ

ভূটানত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিলে কলিয়াবৰৰ ৪ খেলুৱৈয়ে ।

International Sports competition
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উজলিল কলিয়াবৰৰ খেলুৱৈ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 22, 2025 at 8:22 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ : ভূটানত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত ৪ টাকৈ সোণৰ পদক লাভ কৰিলে ভাৰতৰ খেলুৱৈয়ে । ভাৰতে লাভ কৰা ৪ টা সোণৰ পদকৰ ভিতৰতে আটাইকেইটাই লাভ কৰিলে কলিয়াবৰ তথা অসমৰ খেলুৱৈয়ে । এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰশিক্ষক বঁটা ২০২৫ লাভ কৰে আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো খেলুৱৈ তথা প্ৰশিক্ষক পৰশজ্যোতি দাসে ।

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক লাভ

প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা খেলুৱৈসকল হৈছে ক্ৰমে কলিয়াবৰৰ অংকিতা বৰা, লহৰ জ্যোতি বৰা, কিশাংকু বৰা আৰু পঞ্চি হাজৰিকা । ইয়াৰে ৩ গৰাকী খেলুৱৈয়ে টাইকোৱাণ্ডো শাখাত সোণৰ পদক লাভ কৰে । ভূটানত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত পাকিস্তান আৰু শ্ৰীলংকাৰ খেলুৱৈক পৰাস্ত কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰত তথা অসমৰ খেলুৱৈকেইগৰাকীয়ে ।

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উজলিল কলিয়াবৰৰ খেলুৱৈ (ETV Bharat)

দলটোৰ প্ৰশিক্ষক পৰশজ্যোতি দাসে এই সন্দৰ্ভত কয়,"২১ পৰা ২৩ জানুৱাৰীলৈকে ভূটানৰ ফোণ্টশ্বোলিঙত হোৱা "5th All Sports International Championship"ত ভাৰতৰ হৈ অংশগ্ৰহণ কৰি কলিয়াবৰৰ ৪ গৰাকী খেলুৱৈয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় । কলিয়াবৰ টাইকোৱাণ্ডো একাডেমীৰ প্ৰশিক্ষাৰ্থী হোৱাৰ লগতে পদক বিজয়ীসকলৰ ক্ৰমে অংকিতা বৰা (৪৫ কিঃগ্ৰাঃ অনুৰ্ধ) শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী, লহৰজ্যোতি বৰা (৪৫ কিঃগ্ৰাঃ অনুৰ্ধ) মাধৱদেৱ আদৰ্শ শিশু বিদ্যালয়ৰ ছাত্ৰ আৰু পঞ্চি হাজৰিকা (৬৮ কিঃগ্ৰাঃ অনুৰ্ধ)বিমলা একাডেমীৰ শিক্ষাৰ্থী । আনহাতে দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা কিশাংকু বৰা (১০০ মিটাৰ) চেইণ্ট মেৰিজ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ।"

খেলুৱৈসকলৰ প্ৰদৰ্শনত আনন্দিত প্ৰশিক্ষকগৰাকী । ইফালে এই খবৰ পোৱাৰ লগে লগে কলিয়াবৰত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :ব্ৰহ্মপুত্ৰত ৯১৬ কিলোমিটাৰ দুঃসাহসিক নৌকা যাত্ৰা - NIMAS HISTORIC BRAHMAPUTRA RAFTING