'WWE' ৰ কেৰিয়াৰ সামৰিব জন চিনাই ! - John Cena retirement
John Cena retirement: WWE ত জন চিনা এক জনপ্ৰিয় নাম । বিশ্বত তেওঁৰ বহু অনুৰাগী আছে । পিচে তেওঁৰ অনুৰাগীৰ বাবে হতাশাজনক খবৰ । শীঘ্ৰে চিনাই WWEৰ কেৰিয়াৰক বিদায় জনাব । ২০২৫ চনত তেওঁ নেটফ্লিক্সৰ 'Monday Night Raw'ত অন্তিম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

By ANI
Published : July 7, 2024 at 1:33 PM IST
স্পৰ্টছ ডেস্ক,৭ জুলাই : ৱৰ্ল্ড ৰেছলিং এণ্টাৰটেইনমেণ্ট হৈছে এক আমেৰিকান পেছাদাৰী মনোৰঞ্জন শীৰ্ষক মল্লযুঁজ ক্ৰীড়া । যি 'WWE' বুলি জনাজাত । টেলিভিছনত সম্প্ৰচাৰিত এই পেছাদাৰী ক্ৰীড়াত জন চিনা এক পৰিচিত নাম । বহু দৰ্শকৰে প্ৰিয় এইগৰাকী মল্লযুঁজাৰু জন চিনা । কিন্তু শেহতীয়াকৈ জন চিনাই 'WWE'ৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে । 'WWE'ৰ সামাজিক মাধ্যমৰ একাউণ্টত পোষ্ট কৰা এটা ভিডিঅ'ত জন চিনাই ইন-ৰিং প্ৰতিযোগিতাৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । ২০২৫ চনত জন চিনাই 'WWE' বিদায় জনাব ।
John Cena goes in-depth about what 2025 will look like for the Greatest of All Time in WWE. pic.twitter.com/dAEnEYyAEP
— WWE (@WWE) July 7, 2024
চিনাই কানাডাৰ টৰণ্টোত অনুষ্ঠিত 'WWE Money in the Bank' প্ৰতিযোগিতাত এই কথা ঘোষণা কৰে । তেওঁ কয়, "আজি নিশা, মই আনুষ্ঠানিকভাৱে 'WWE'ৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছো ।" ইফালে এই ঘোষণাই বিশ্বব্যাপী থকা তেওঁৰ অনুৰাগীসকলক আচৰিত কৰি তুলিছে । এগৰাকী অনুৰাগীয়ে সামাজিক মাধ্যমত লিখিছে,"চেম্পিয়ন আপোনাক বহুত মনত পৰিব ।" আন এগৰাকী অনুৰাগীয়ে লিখিছে, "জন চিনাৰ অবিহনে WWE চোৱাটো কঠিন হ'ব ।"
পিচত তেওঁ ভাষণত কয় যে তেওঁ 'Monday Night Raw'ত অংশগ্ৰহণ কৰিবলৈ পৰিকল্পনা কৰিছে । যিটো ২০২৫ চনৰ জানুৱাৰীত নেটফ্লিক্সত সম্প্ৰচাৰ হ'ব । তেওঁ লগতে কয় য়ে এই বিদায় শেষ নহয় । বহু সুযোগ আছে । জন চিনাৰ মতে নেটফ্লিক্সত অহা বছৰ 'RAW' সম্প্ৰচাৰ হ'ব । ই ইতিহাস সৃষ্টি কৰিব কিয়নো তেওঁ কেতিয়াও নেটফ্লিক্সত 'RAW'ৰ অংশ হোৱা নাই বুলি জন চিনাই উল্লেখ কৰে । প্ৰথমবাৰৰ বাবে তেওঁ তাত থাকিব বুলি চিনাই ঘোষণা কৰে ।
জন চিনাৰ মতে '2025 Royal Rumble' তেওঁৰ অন্তিম প্ৰতিযোগিতা হ'ব । ২০২৫ এলিমিনেচন চেম্বাৰ তেওঁৰ অন্তিম খেল হ'ব । তেওঁ লগতে ঘোষণা কৰে যে লাছ ভেগাছত, ৰেছলমেনিয়া ২০২৫ হ'ব তেওঁৰ অন্তিম প্ৰতিযোগিতা । উল্লেখ্য যে চিনাই ২০০১ চনত 'WWE'ৰ সৈতে স্বাক্ষৰ কৰে । ২০১৮ চনত তেওঁ আংশিক সময়ৰ বাবে বিৰতি লৈ পুনৰ এই মঞ্চলৈ উভতি আহিছিল । কিয়নো তেওঁ অভিনয় কেৰিয়াৰ অব্যাহত ৰাখিছিল ।

