ETV Bharat / sports

বি চি চি আইৰ পৰা আই চি চিলৈ যাত্ৰা: আই চি চিৰ নতুন অধ্যক্ষ জয় শ্বাহ - ICC Chairman Jay Shah

Jay Shah becomes ICC Chairman : মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) অধ্যক্ষ হিচাপে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বি চি চি আই) সচিব জয় শ্বাহ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় । আই চি চিয়ে সংবাদ মাধ্যমলৈ জাৰি কৰা এক বিবৃতিত এই কথা ঘোষণা কৰিছে ।

Jay Shah Becomes ICC Chairman
আই চি চিৰ নতুন অধ্যক্ষ জয় শ্বাহ (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : August 27, 2024 at 10:51 PM IST

|

Updated : August 27, 2024 at 10:57 PM IST

4 Min Read
Choose ETV Bharat

স্পৰ্টছ ডেস্ক, ২৭ আগষ্ট : ভাৰতীয় ক্ৰীড়া জগতলৈ সুখবৰ । বিশ্ব ক্ৰিকেটৰ শীৰ্ষ সংস্থাৰ শীৰ্ষ পদত অধিষ্ঠিত হৈছে এগৰাকী ভাৰতীয় । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বি চি চি আই) সচিব জয় শ্বাহ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে । তেওঁ সোনকালেই আই চি চিৰ নতুন অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিব । আই চি চিয়ে মঙলবাৰে নিশা ঘোষণা কৰে এইকথা । আই চি চিয়ে জাৰি কৰা এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে জয় শ্বাহ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ।

জয় শ্বাহ আই চি চিৰ অধ্যক্ষ নিযুক্ত

উল্লেখ্য যে এই পদৰ বাবে মনোনয়ন দাখিল কৰা জয় শ্বাহ আছিল একমাত্ৰ প্ৰাৰ্থী । তেওঁৰ বাহিৰে আন কোনেও আই চি চিৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰা নাছিল । এনে পৰিস্থিতিত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় । জয় শ্বাহ হৈছে আই চি চিত পদবী লাভ কৰা পঞ্চমগৰাকী ভাৰতীয় আৰু তৃতীয়গৰাকী অধ্যক্ষ ।

আনহাতে, ক্ৰিকেট বিশ্বৰ সৰ্বোচ্চ পদবীত অধিষ্ঠিত হোৱাৰ পিচত এতিয়া জয় শ্বাহে বি চি চি আইৰ সচিব পদ ত্যাগ কৰিব লাগিব । এনে পৰিস্থিতিত আই পি এলৰ অধ্যক্ষ অৰুণ সিং ধুমল, বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লা, বি চি চি আইৰ কোষাধ্যক্ষ আশিস শ্বেলাৰ আৰু দিল্লী জিলা ক্ৰিকেট সংস্থাৰ (ডি ডি চি এ) সভাপতি তথা প্ৰয়াত অৰুণ জেটলীৰ পুত্ৰ ৰোহণ জেটলী বি চি চি আইৰ পৰৱৰ্তী সচিব হোৱাৰ দৌৰত আছে ।

জয় শ্বাহে কেতিয়া দায়িত্ব ল'ব

২০১৯ চনৰ অক্টোবৰৰ পৰা বি চি চি আইৰ সচিব আৰু ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা এছিয়ান ক্ৰিকেট কাউন্সিলৰ (এ চি চি) সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা জয় শ্বাহে ২০২৪ চনৰ ১ ডিচেম্বৰত এই পদ গ্ৰহণ কৰিব । বৰ্তমানৰ গ্ৰেগ বাৰ্কলিয়ে তৃতীয়টো কাৰ্যকাল নিবিচৰাৰ সিদ্ধান্ত লোৱাৰ পিচত জয় শ্বাহ অধ্যক্ষ পদৰ বাবে একমাত্ৰ মনোনীত প্ৰাৰ্থী আছিল ।

আই চি চিৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত জয় শ্বাহৰ কৃতজ্ঞতা

আই চি চিয়ে নিজৰ ৱেবছাইটত পোষ্ট কৰা এক প্ৰেছ বিবৃতিত জয় শ্বাহৰ উদ্ধৃতি দি কৈছে, "আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ হিচাপে মনোনয়ন লাভ কৰি মই অভিভূত হৈছোঁ ।" গুজৰাট ক্ৰিকেট এছোচিয়েচনৰ সৈতেও জড়িত থকা জয় শ্বাহে লগতে কয়, "ক্ৰিকেটক অধিক বিশ্বজনীন কৰি তুলিবলৈ মই আই চি চি আৰু আমাৰ সদস্য দেশসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । আমি এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত থিয় দিছোঁ, য'ত একাধিক বিন্যাসৰ সহৱস্থানৰ ভাৰসাম্য ৰখা, উন্নত প্ৰযুক্তি গ্ৰহণৰ প্ৰচাৰ কৰা আৰু নতুন বিশ্ব বজাৰত আমাৰ এই গ্লেমাৰাছ ইভেণ্টটোৰ পৰিচয় কৰাই দিয়াটো অতি গুৰুত্বপূৰ্ণ ।"

ক্ৰিকেটৰ বিকাশ আৰু সম্প্ৰসাৰণৰ বিষয়ে উল্লেখ

"আমাৰ লক্ষ্য হৈছে ক্ৰিকেটক পূৰ্বতকৈ অধিক প্ৰসাৰ আৰু জনপ্ৰিয় কৰা । আনহাতে, আমি অৰ্জন কৰা মূল্যৱান জ্ঞানৰ ওপৰত কাম কৰিম । আমি বিশ্বজুৰি ক্ৰিকেটৰ সমাদৰ বৃদ্ধি কৰিবলৈ নতুন চিন্তা আৰু উদ্ভাৱনকো গ্ৰহণ কৰিব লাগিব । লছ এঞ্জেলছ ২০২৮ অলিম্পিকত আমাৰ ক্ৰীড়াবিধক অন্তৰ্ভুক্তি ক্ৰিকেটৰ বাবে এক টাৰ্ণিং পইণ্ট আৰু মই নিশ্চিত যে ই ক্ৰীড়াবিধক অভূতপূৰ্বভাৱে প্ৰসাৰ কৰিব ।" জয় শ্বাহে কয় ।

উল্লেখ্য যে ২০১৯ চনত বি চি চি আইৰ সচিব হিচাপে মনোনীত হৈছিল জয় শ্বাহ । তেওঁৰ কাৰ্যকালত মহিলা ক্ৰিকেটাৰসকলৰ বাবে দৰমহাৰ সমতা আৰু মহিলা আৰু জুনিয়ৰ ক্ৰিকেটত মেচ খেলুৱৈ আৰু টুৰ্ণামেণ্ট খেলুৱৈসকলৰ বাবে পুৰস্কাৰৰ ধনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল ।

এইসকল ভাৰতীয়ও আছিল আই চি চিৰ অধ্যক্ষ

জয় শ্বাহ হৈছে আই চি চিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত তৃতীয়গৰাকী ভাৰতীয় । ইয়াৰ পূৰ্বে আই চি চিৰ মুৰব্বী পদত অধিষ্ঠিত আন আন ভাৰতীয়সকলৰ ভিতৰত আছে জগমোহন ডালমিয়া (১৯৯৭-২০০০), শৰদ পাৱাৰ (২০১০-২০১২), নাৰায়ণস্বামী শ্ৰীনিবাসন (২০১৪-২০১৫) আৰু শশাংক মনোহৰ (২০১৫-২০২০) । ডালমিয়া আৰু পাৱাৰে আই চি চিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে । আনহাতে, শ্ৰীনিবাসন আৰু মনোহৰ সাংগঠনিক সভাপতি আছিল ।

লগতে পঢ়ক :বিৰাট কোহলী ইতিহাসৰ শ্ৰেষ্ঠ ফিনিচাৰ আৰু সৰ্বশ্ৰেষ্ঠ হোৱাইট বল খেলুৱৈ: জেমছ এণ্ডাৰছন - JAMES ANDERSON ON VIRAT KOHLI
লগতে পঢ়ক :আজি ডন ব্ৰেডমেনৰ ওপজাদিন: অষ্ট্ৰেলিয়ান কিংবদন্তী গৰাকীৰ বিষয়ে কিছু জনা-নজনা তথ্য - DON BRADMAN BIRTHDAY
Last Updated : August 27, 2024 at 10:57 PM IST