ETV Bharat / sports

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত দেশৰ কেইবাখনো ৰাজ্যৰ অংশগ্ৰহণ

মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দিবানৈশ জননেতা ৰমাকান্ত শইকীয়া কাপ-২০২৪ ভলীবল প্ৰতিযোগিতা । দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীৰ অংশগ্ৰহণ ।

Janneta Ramakant Saikia Cup-2024 Volleyball Tournament in Tinsukia
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত দেশৰ কেইবাখনো ৰাজ্যৰ অংশগ্ৰহণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 29, 2024 at 9:25 AM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া: এতিয়া ভলীবল খেলৰ বতৰ । চৌদিশে ইংৰাজী নতুন বছৰক আদৰিবলৈ সাজু হৈ থকাৰ মাজতে তিনিচুকীয়াত আয়োজিত কৰিছে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতা, যিখন প্ৰতিযোগিতাত সুদূৰ মণিপুৰ, উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা ভলীবলৰ দল আহি অংশগ্ৰহণ কৰিছেহি ।

অসম ভলীবল সন্থাৰ তত্বাৱধানত, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সহযোগত, বৃহত্তৰ নতুন ৰংগাগড়া, গুইজান আঞ্চলিক সমিতিৰ আতিথ্যত নতুন ৰংগাগড়া মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত শনিবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰিছে তৃতীয়বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্ৰণমূলক দিৱানৈশ জননেতা ৰমাকান্ত শইকীয়া কাপ-২০২৪ ভলীবল প্ৰতিযোগিতা ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতা (ETV Bharat Assam)

কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ পতাকা উত্তোলন কৰে তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি জিন্তু বৰগোঁহাই, স্মৃতি তৰ্পণ কৰে সাধাৰণ সম্পাদক সঞ্জয় গগৈয়ে । পৰৱৰ্তী সময়ত নতুনগাঁও আৰু পানীতোলা চেমনীয়া ভলীবল দলৰ মাজত প্ৰীতিমূলক খেলখনেৰে আৰম্ভ কৰা প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক স্বৰূপ গোঁহাই আৰু লগতে উপস্থিত থাকে মটক স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ স্বৰোজ গোঁহাই ।

তাৰ পাছতে ক্ৰমান্বয়ে হাৰিয়ানা ভলীবল দল, ঢকুৱাখনা ভলীবল দল, মণিপুৰ ভলীবল দল, দিল্লী ভলীবল দল, গুৱাহাটীৰ ASEB ভলীবল দল, বৰপেটাৰ সৰভোগ ভলীবল দল, দেৰগাঁৱৰ অসম পুলিচ ভলীবল দল, তেজপুৰৰ ৰেঙনি ভলীবল দল, বাৰেকুৰিৰ ৰাইন স্পৰ্টচ ক্লাৱৰ মাজত খেল আৰম্ভ হয় আৰু প্ৰতিখন খেল চাবলৈ যথেষ্ট ক্ৰীড়াপ্ৰেমীয়ে ভিৰ কৰা পৰিলক্ষিত হয় ।

দুদিনীয়াকৈ আয়োজন কৰা খেলখনত ক্ৰীড়াপ্ৰেমী তথাসমূহ ৰাইজৰ সহায়সহযোগিতা তথা উপস্থিতি কামনা কৰে সংগঠনটোৰ জিলা সভাপতি জিন্টু বৰগোঁহাই ।

লগতে পঢ়ক: আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতাত লাভলীনা বৰগোঁহাই - INTER DISTRICT ATHLETIC COMPETITIO

স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণি সৰ্বভাৰতীয় আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ - FOOTBALL TOURNAMENT IN DIBRUGARH