ETV Bharat / sports

IPLত সংযোজন হ’ল ৰবট কুকুৰ, জানেনে বাৰু ইয়াৰ নাম কি ? - IPL ROBOT DOG

আই পি এল ২০২৫ত অন্তৰ্ভুক্ত হোৱা ৰবট কুকুৰটোৰ নাম দৰ্শকৰ সমীক্ষাৰ জৰিয়তে প্ৰকাশ কৰা হৈছে, যিটো বৰ্তমান ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং আছে ।

IPL ROBOT DOG
IPLত সংযোজন হ’ল ৰবট কুকুৰ (IPL X handle)
author img

By ETV Bharat Assamese Team

Published : April 21, 2025 at 11:11 PM IST

2 Min Read

নতুন দিল্লী : IPL ত চিনাকি কৰাই দিয়া হ'ল এটা বিশেষ কুকুৰক । এই কুকুৰটোৰ নাম ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে (IPL) আনুষ্ঠানিকভাৱে ইয়াৰ নাম ‘চম্পক’ ৰাখিছে । অৱশ্যে ৰ'ৱ, অন্য সাধাৰণ কুকুৰটোৰ দৰে ই নহয়, এই কুকুৰটোৰ হৈছে এটা ৰবট কুকুৰ ।

শেহতীয়াকৈ আই পি এলৰ অফিচিয়েল একাউণ্টযোগে এক্সত এটা পোষ্ট দি আয়োজকসকলে কৰা অনুৰাগীৰ সমীক্ষাত ‘চাম্পক’ নামটো সংখ্যাগৰিষ্ঠতাৰে বাছি লোৱা হৈছে । একাউণ্টটোত মুম্বাই ইণ্ডিয়ানছ (MI) আৰু চেন্নাই ছুপাৰ কিংছ (CSK)ৰ মাজত অনুষ্ঠিত হ’বলগীয়া আই পি এল এল ক্লাছিক’ মেচ আৰম্ভ হোৱাৰ পূৰ্বে ‘‘চম্পকৰ সৈতে চিনাকী হওক’’ শীৰ্ষক পোষ্ট এটাৰে ৰবট কুকুৰটোৰ নাম প্ৰকাশ পাইছে ।

এই ৰবট কুকুৰটোৱে কেৱল অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰাই নহয়, এই ছিজনত কুকুৰটোৰ সৈতে খেলা দেখা পোৱা খেলুৱৈ, মন্তব্যকাৰী আৰু চিয়াৰলিডাৰসকলৰ দৃষ্টি আকৰ্ষণ কৰে । চম্পকে খেলুৱৈসকলৰ সৈতে হাত মিলাই থকা দেখা গৈছিল আৰু ইয়াৰ সৈতে খেলা ক্ৰিকেটাৰৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল, যিবোৰ ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ আছে ।

চম্পকক দৌৰা, খোজকঢ়া, জপিয়াই আৰু বহাৰ বাবে তৈয়াৰ কৰা হৈছে । তাৰ মূৰৰ সন্মুখত কেমেৰা এটা লগোৱা হৈছে । ইয়াৰ উপৰিও কিছুমান বিশেষ অভিব্যক্তি দেখুৱাব পাৰে, যাৰ ফলত ই এই ১৮ সংখ্যক আই পি এল ছিজনৰ সম্প্ৰচাৰৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে । ই মনোযোগ আৰু উত্তেজনা আকৰ্ষণ কৰি আছে, ষ্টেডিয়ামত দৰ্শকক মনোৰঞ্জন দিছে । ৰবট কুকুৰটোত চোৱাচিতা আৰু সম্প্ৰচাৰ কেমেৰাৰ বৈশিষ্ট্য আছে ।

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে বিশ্বাস কৰে যে ‘‘তাৰক মেহতা কা উলতা চাছমা’’ ছবিখনত জেঠালালৰ পিতৃ অভিনেতা অমিত ভট্টে অভিনয় কৰা চম্পকলাল গডাৰ চৰিত্ৰটোৰ বাবে ইয়াক উৎসৰ্গিত কৰা হৈছে ।

বহু নেটিজেন বিশেষকৈ দীৰ্ঘদিনীয়া অনুষ্ঠানটোৰ অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত প্ৰশংসা প্ৰকাশ কৰে । ইনষ্টাগ্ৰামত এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘জেথালালে এই নামটো অনুমোদন জনাইছে ।’’ শ্ব’টোৰ আন এজন অনুৰাগীয়ে ঠাট্টা কৰি কয়, ''চম্পক চাচাৰ বাবেই চম্পকে জয়ী হোৱা বুলি আপোনালোকৰ ১০০% মান্তি হ'ব ।''

লগতে পঢ়ক : বি চি চি আইৰ কেন্দ্ৰীয় চুক্তিত ৩৪ গৰাকী খেলুৱৈ অন্তৰ্ভুক্ত: পাব ১ কোটিৰ পৰা ৭ কোটিলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.