ETV Bharat / sports

বিগনেশ পুথুৰ, মুম্বাই ইণ্ডিয়ানছৰ আন এক আৱিষ্কাৰ

চেন্নাইৰ বিৰুদ্ধে ৩টা উইকেট দখল কৰি সকলোকে আচৰিত কৰি তুলিলে অটোৰিক্সা চালকৰ পুত্ৰ ২৪ বছৰীয়া বিগনেশ পুথুৰে ।

IPL 2025
অটোৰিক্সা চালকৰ পুত্ৰ ২৪ বছৰীয়া বিগনেশ পুথুৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : March 24, 2025 at 3:29 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : আজি IPL 2025 ৰ তৃতীয়খন মেচ চেন্নাই আৰু মুম্বাইৰ মাজত অনুষ্ঠিত হয় । এই মেচখনত মুম্বাই ৪ উইকেটত পৰাস্ত হ’ল ঠিকেই কিন্তু এই ফ্ৰেঞ্চাইজিয়ে ভাৰতলৈ আন এক প্ৰতিভা কঢ়িয়াই আনিলে । যাৰ বৰ্তমান বয়স ২৪ বছৰ আৰু তেওঁৰ নাম বিগনেশ পুথুৰ । নিজৰ ৰাজ্যৰ হৈ ক্ৰিকেট খেলাৰ পূৰ্বেও তেওঁ IPL ত অভিষেক ঘটোৱাৰ সুযোগ পাইছিল ।

  • ২৪ বছৰীয়া বিগনেশ পুথুৰে প্ৰথম মেচত উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় :

মুম্বাইয়ে ৰোহিত শৰ্মাৰ ঠাইত ইমপেক্ট চাবষ্টিটিউট হিচাপে বিগনেশ পুথুৰক আই পি এলত অভিষেক ঘটোৱাৰ সুযোগ প্ৰদান কৰে । চেন্নাইৰ দৰে দলৰ বিৰুদ্ধে ১৫৬ ৰাণৰ স্ক’ৰ কৰা ২৪ বছৰীয়া বাওঁহাতৰ ৰিষ্ট স্পিনাৰ বিগ্ৰেশে চাৰি অভাৰৰ স্পেলত ৩-৩২ ৰাণ সংগ্ৰহ কৰে । যাৰ ভিতৰত আছে অধিনায়ক ঋতুৰাজ গাইকৱাদ, শিৱম ডুবে আৰু দীপক হুডাৰ উইকেট ।

  • কুলদীপ যাদৱৰ দৰে বিগনেশ পুথুৰ

চেন্নাইৰ বিৰুদ্ধে উইকেটতকৈও বেছি সকলোকে আপ্লুত কৰা কথাটো হ’ল পুথুৰে বলক উৰণ দিবলৈ ভয় কৰা নাছিল আৰু অভিজ্ঞ বেটছমেনসকলক নিজৰ নিয়ন্ত্ৰণত ৰখাত তেওঁ অসুবিধাত পেলাইছিল ৷ কুলদীপ যাদৱৰ দৰে উত্তেজনা তেওঁৰ মাজত দেখা যায় ৷ তেওঁৰ প্ৰতিভাক মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীয়েও শলাগ হৈছে ৷ লগতে কুলদীপৰ দৰে পুথুৰেও মহান সফলতা লাভ কৰিব বুলি আশা কৰিছে ৷

  • বিগনেশ হৈছে মুম্বাই ইণ্ডিয়ানছৰ নতুন আৱিষ্কাৰ

সোঁহাতৰ বেটছমেন আৰু বাওঁহাতৰ ৰিষ্ট স্পিনাৰ পুথুৰ যোৱা কেইবছৰমানৰ ভিতৰত মুম্বাই ইণ্ডিয়ানছে আৱিষ্কাৰ কৰা অন্যতম যুৱ খেলুৱৈ । য’ত সৌৰভ তিৱাৰী, যশপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, তিলক ভাৰ্মাৰ নামো সন্নিবিষ্ট আছে ৷

  • বিগনেশ পুথুৰৰ দেউতাক এজন অ’টোৰিক্সা চালক

বিগনেশৰ এই মহান প্ৰদৰ্শনৰ পিছত এতিয়া মানুহে বিগনেশ পুথুৰৰ বিষয়ে জানিবলৈ কৌতুহলী হৈ পৰিছে ৷ বিগনেশ পুথুৰ কেৰালাৰ মল্লপুৰামৰ বাসিন্দা । তেওঁৰ পিতৃ সুনীল কুমাৰ এজন অ’টোৰিক্সা চালক আৰু মাতৃ কে.পি. বিন্দু এগৰাকী গৃহিণী ।

আৰ্থিক অসুবিধা থকাৰ স্বত্বেও বিগনেশ ক্ৰিকেটৰ জৰিয়তে নিজৰ গঢ়িবলৈ সপোন পূৰণৰ অৰ্থে মল্লপুৰমৰ পৰা থ্ৰিছুৰলৈ গুচি যায় । কলেজীয়া দিনত তেওঁ এজন মধ্যমীয়া গতিৰ বলাৰ আছিল যদিও পিছলৈ পুথুৰে স্পিন বলিঙৰ ফালে ধাৱমান হয় আৰু অতি সোনকালেই তেওঁ ইয়াত সফলতা লাভ কৰে ।

  • মুম্বাইয়ে বিগনেশক ৩০ লাখ টকাত ক্ৰয় কৰিছিল

থ্ৰিছুৰৰ ছেইণ্ট থমাছ কলেজত খেলি থাকোতে তেওঁ খ্যাতি অৰ্জন কৰে ৷ তাতেই তেওঁ সাহিত্যত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে । কেৰালা ক্ৰিকেট লীগৰ উদ্বোধনী সংস্কৰণত এলেপে ৰিপলছৰ হৈ তেওঁ কৰা প্ৰদৰ্শনে পুথুৰক লাইমলাইটলৈ আনে । একেখন লীগতেই তেওঁ মুম্বাই ইণ্ডিয়ানছৰ টেলেণ্ট স্কাউটৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু ২০২৫ চনৰ আই পি এল নিলামত মুম্বাই ইণ্ডিয়ানছে ৩০ লাখ টকাত ক্ৰয় কৰিছিল ।

  • এম আই কেপ টাউনৰ হৈ নেট বলাৰ

বলাৰ হিচাপে তেওঁৰ বিকাশত সহায়ক হোৱাকৈ মুম্বাই ইণ্ডিয়ানছে পুথুৰক চলিত বৰ্ষৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকান প্ৰিমিয়াৰ লীগ (SA20)ৰ তৃতীয় ছিজনৰ বাবে দক্ষিণ আফ্ৰিকালৈ পঠিয়াইছিল, য’ত তেওঁ এম আই কেপ টাউনৰ হৈ নেট বলাৰ হিচাপে কাম কৰিছিল আৰু টি-২০ ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ ৰিষ্ট স্পিনাৰ ৰছিদ খানৰ সৈতেও প্ৰশিক্ষণ লোৱাৰ সুযোগ পাইছিল ।

চেন্নাইৰ বিৰুদ্ধে প্ৰথমখন মেচত বিগনেশ পুথুৰৰ প্ৰদৰ্শন মুম্বাই ইণ্ডিয়ানছৰ টেলেণ্ট স্কাউটিং ব্যৱস্থাৰ সফলতাৰ প্ৰমাণ । এতিয়া ফ্ৰেঞ্চাইজিৰ আত্মবিশ্বাস উচ্চ কৰি ৰাখিবলৈ বিগ্ৰেশে পুথুৰে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব লাগিব ।

লগতে পঢ়ক : জয়ৰে আই পি এলত অভিযান আৰম্ভ চানৰাইজাৰ্ছ হায়দৰাবাদৰ