ETV Bharat / sports

আই পি এলত ইতিহাস ৰচিলে অসম সন্তান ৰিয়ান পৰাগে - IPL 2025

ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ বৃহৎ সাফল্য ৷ বিৰাট কোহলীৰ ক্লাবত যোগদান পৰাগৰ ৷

IPL 2025
ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগ (AFP Photo)
author img

By ETV Bharat Assamese Team

Published : March 23, 2025 at 5:21 PM IST

3 Min Read

হায়দৰাবাদ: আই পি এল ২০২৫ ৰ দ্বিতীয়খন খেল দেওবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত হ’বলগীয়া এই মেচত যুৱ বেটছমেন ৰিয়ান পৰাগক অৰ্পণ কৰা হৈছে ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্ব ৷

২৩ বছৰীয়া সোঁহতীয়া বেটছমেনজনে টছৰ বাবে খেলপথাৰলৈ অহাৰ লগে লগে আই পি এলৰ ইতিহাসত অৰ্জন কৰিছে এক ডাঙৰ কৃতিত্ব । পৰাগে এইক্ষেত্ৰত অতিক্ৰম কৰিলে শ্ৰেয়ছ আয়াৰক ৷

আই পি এলৰ ইতিহাসৰ চতুৰ্থ কনিষ্ঠ অধিনায়ক হিচাপে পৰিগণিত ৰিয়ান পৰাগ

ৰাজস্থান ৰয়েলছৰ নিয়মীয়া অধিনায়ক সঞ্জু চেমছন আঙুলিৰ আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই । এই কাৰণতে দলটোৰ প্ৰথম তিনিখন মেচৰ বাবে অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৰিয়ান পৰাগক ৷ দেওবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে আই পি এলৰ অধিনায়কত্বত অভিষেক ঘটাবলগীয়া ৰিয়ানে প্ৰথমখন মেচতে ৰচনা কৰে ইতিহাস ।

বৰ্তমান ৰিয়ানৰ বয়স হৈছে ২৩ বছৰ ১৩৩ দিন আৰু তেওঁ আই পি এলৰ অধিনায়ক হিচাপে চতুৰ্থগৰাকী কনিষ্ঠ অধিনায়কত পৰিগণিত হৈছে ।

এই কৃতিত্ব অৰ্জন কৰিবলৈ পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়ছ আয়াৰক অতিক্ৰম কৰিছে ৰিয়ানে ৷ শ্ৰেয়ছে ২৩ বছৰ ১৪২ দিন বয়সত অধিনায়কত্বত অভিষেক ঘটাইছিল ।

পূৰ্বে আই পি এলৰ ইতিহাসৰ সৰ্বকনিষ্ঠ অধিনায়ক হোৱাৰ অভিলেখ গঢ়িছিল বিৰাট কোহলীয়ে । বিৰাটে ২২ বছৰ ১৮৭ দিনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) ৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিছিল । আই পি এলৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া অধিনায়কগৰাকীয়ে হৈছে বিৰাট ।

আই পি এলত অধিনায়কত্বৰ ভাৰ বহন কৰা সৰ্বকনিষ্ঠ অধিনায়ক

  • বিৰাট কোহলী (আৰ চি বি) – ২২ বছৰ ১৮৭ দিন
  • ষ্টিভ স্মিথ (পুনে ৱাৰিয়ৰ্ছ) - ২২ বছৰ ৩৪৪ দিন
  • সুৰেশ ৰাইনা (চি এছ কে) – ২৩ বছৰ ১১২ দিন
  • ৰিয়ান পৰাগ (ৰাজস্থান ৰয়েলছ) – ২৩ বছৰ ১৩৩ দিন
  • শ্ৰেয়ছ আয়াৰ (দিল্লী ডেয়াৰডেভিলছ) - ২৩ বছৰ ১৪২ দিন

ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ

ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হৈ থকা আই পি এল ২০২৫ ৰ দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে । আনহাতে, পাৱাৰ হিটাৰেৰে সজ্জিত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ দলটোৱে প্ৰথমে বেটিং কৰিবলৈ ক্ৰিজলৈ আহে ।

দুয়োটা দলৰ প্লেয়িং-১১

ৰাজস্থান ৰয়েলছৰ প্লেয়িং-১১ : যশস্বী জয়ছোৱাল, শুভম দুবে, নীতিশ ৰাণা, ৰিয়ান পৰাগ (অধিনায়ক), ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), শ্বিমৰন হেটমায়াৰ, জোফ্ৰা আৰ্চাৰ, মহেশ থিকছানা, তুষাৰ দেশপাণ্ডে, সন্দীপ শৰ্মা আৰু ফজলহাক ফাৰুকী ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্লেয়িং-১১ : ট্ৰেভিছ হেড, অভিষেক শৰ্মা, ঈশান কিষাণ (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, হাইনৰিখ ক্লাচেন, অনিকেত বাৰ্মা, অভিনৱ মনোহৰ, পেট কামিন্স (অধিনায়ক), ছিমৰজিৎ সিং, হৰ্শাল পেটেল আৰু মহম্মদ ছামী ।

লগতে পঢ়ক: আই পি এল ২০২৫ ৰ পৰা বাহিৰ লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ পেচাৰ মহছিন খান - IPL 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.