ETV Bharat / sports

বৈভৱৰ শতকৰ সহায়ত RRৰ জয়; IPLত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত সূৰ্যবংশী - RR VS GT

গুজৰাট টাইটানছৰক ৮ উইকেট পৰাস্ত কৰে ৰাজস্থান ৰয়েলছে । ৰাজস্থানৰ হৈ শতক অৰ্জন কৰি বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস ।

Vaibhav Suryavanshi score second Fastest hundred in IPL and Becomes Youngest Batter To Hit T20 century
বৈভৱৰ শতকৰ সহায়ত RRৰ জয়লাভ (IANS)
author img

By ETV Bharat Assamese Team

Published : April 28, 2025 at 11:53 PM IST

2 Min Read

জয়পুৰ : ৰাজস্থান ৰয়েলছৰ ১৪ বছৰীয়া অ’পেনিং বেটছমেন বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস । আই পি এল ২০২৫ৰ ৪৭ সংখ্যক মেচত গুজৰাট টাইটানছৰ বিৰুদ্ধে ধুমুহাৰ গতিত মেছ খেলি বৈভৱে ৰচিলে এই ইতিহাস ।জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত ৩৫টা বল ৭টা চাৰি আৰু ধুমুহাৰ গতিত ১১টা ছয়ৰ জৰিয়তে অৰ্জন কৰে শতক ।

লগতে সোমবাৰে ৰাজস্থান ৰয়েলছে ৮ উইকেট পৰাস্ত কৰে গুজৰাট টাইটানছৰক ।

  • বৈভৱ সূৰ্যবংশীয়ে ইতিহাস সৃষ্টি কৰিছিল

এই শতকৰে বৈভৱ সূৰ্যবংশী আই পি এলৰ ইতিহাসত সৰ্বাধিক দ্ৰুততম শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে । তেওঁৰ আগতে এই অভিলেখ আছিল ৩৭ বলত শতক অৰ্জন কৰা ইউছুফ পাথানৰ নামত ।

পাথানে ২০১০ চনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ হৈ ১০ ৰাণ সংগ্ৰহ কৰিছিল ।এতিয়া ৩৫ বলত শতক অৰ্জন কৰি তেওঁক এৰি থৈ গৈছে বৈভৱে ।

  • IPL ত শতক অৰ্জন কৰা সৰ্বাধিক দ্ৰুত ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় বৈভৱ

বৈভৱ এতিয়া আই পি এলত সৰ্বনিম্ন বলত শতক অৰ্জন কৰা দ্বিতীয়জন বেটছমেন । ক্ৰীছ গেইলৰ পিছত তেওঁ দ্বিতীয়জন বেটছমেন ।

২০১৩ চনত আৰচিবিৰ হৈ খেলা ৱেষ্ট ইণ্ডিজৰ বেটছমেন ক্ৰীছ গেলে পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে মাত্ৰ ৩০টা বলত শতক অৰ্জন কৰিছিল । এইটোৱেই হৈছে আই পি এলৰ ইতিহাসৰ আটাইতকৈ দ্ৰুততম শতক ।

  • অতি কম বয়সতে শতক অৰ্জন কৰে বৈভৱে

ইয়াৰ লগে লগে কম বয়সতে শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈও হৈ পৰিছে বৈভৱ । ১৪ বছৰ ৩২ দিন বয়সত শতক অৰ্জন কৰে বৈভৱে । ২০১৩ চনত মুম্বাইৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ হৈ ১৮ বছৰ ১১৮ দিন বয়সত শতক অৰ্জন কৰা বিজয় জোলৰ অভিলেখ ভংগ কৰে বৈভৱে ।

লগতে পঢ়ক : দিল্লীক পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত আৰ চি বি; খেলখনৰ নায়কত পৰিণত ক্ৰুনাল পাণ্ডিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.