ETV Bharat / sports

ভাৰতীয় ক্ৰিকেটৰ 'বৈভৱ': চিত্তাকৰ্ষক ইনিংছৰ পিছত আলোড়নকাৰী মন্তব্য - VAIBHAV SURYAVANSHIS REACTION

বৈভৱ সূৰ্যবংশীয়ে আই পি এলৰ ইতিহাসত দ্বিতীয় দ্ৰুততম শতক আৰু ভাৰতীয় হিচাপে দ্ৰুততম শতক অৰ্জন কৰি ইতিহাসৰ পৃষ্ঠাত নাম লিপিবদ্ধ কৰে ।

চিত্তাকৰ্ষক ইনিংছৰ পিছত আলোড়নকাৰী মন্তব্য
চিত্তাকৰ্ষক ইনিংছৰ পিছত বৈভৱ সূৰ্যবংশীৰ আলোড়নকাৰী মন্তব্য (IANS)
author img

By ETV Bharat Assamese Team

Published : April 29, 2025 at 1:16 PM IST

4 Min Read

জয়পুৰ: ভাৰতীয় ক্ৰিকেটত আৱিৰ্ভাৱ ঘটিল নতুন 'বৈভৱ'ৰ । বিহাৰৰ ১৪ বছৰীয়া বিস্ময় বালক বৈভৱ সূৰ্যবংশীয়ে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল ইতিহাসৰ দ্বিতীয় দ্ৰুততম শতক অৰ্জন কৰি কোটি কোটি ক্ৰিকেট অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । সোমবাৰে গুজৰাটৰ বিপক্ষে অনুষ্ঠিত মেচখনত ৭ টা চাৰি আৰু ১১ টা ছয়েৰে মাত্ৰ ৩৫ চা বলত শতক অৰ্জন কৰি এক নতুন ইতিহাস ৰচনা কৰে ।

২০০ ৰাণৰ অধিক বিজয় লক্ষ্য অনুসৰণ কৰা আটাইতকৈ দ্ৰুততম দল হিচাপে পৰিগণিত হয় ৰাজস্থান

ৰাজস্থানৰ সৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থানে খেলা অতি আক্ৰমণাত্মক ইনিংছৰ বাবেই ২১০ ৰাণৰ বিশাল লক্ষ্যত মাত্ৰ ১৫.৫ অভাৰতে উপনীত হৈ এক অভিলেখ সৃষ্টি কৰে । ২১০ তকৈ অধিক ৰাণৰ বিশাল বিজয় লক্ষ্যত দ্ৰুততাৰে উপনীত হোৱা দল হিচাপে পৰিগণিত হয় ৰাজস্থান ৰয়েলছ । দলটোৱে নিৰ্ধাৰিত অভাৰৰ ২৫ টা বল বাকী থকা অৱস্থাত মাত্ৰ ১৫.৫ অভাৰতে ২১০ ৰাণৰ বিজয় লক্ষ্যত উপনীত হয় । এই ক্ষেত্ৰত বৈভৱ সূৰ্যবংশীয়ে ৩৮ টা বলত দৃষ্টিনন্দন ১০১ ৰাণ আৰু যশস্বী জয়ছোৱালে ৪০ টা বলত ৭০ ৰাণৰ উল্লেখযোগ্য বৰঙনি আগবঢ়ায় ।

বৈভৱ সূৰ্যবংশীৰ মন্তব্যই সৃষ্টি কৰিছে তীব্ৰ আলোড়ন

আনহাতে, মেচৰ সমাপ্তিৰ পিছত বৈভৱ সূৰ্যবংশীক প্লেয়াৰ অব দ্য মেচৰ বাবে প'ডিয়ামলৈ আহ্বান জনোৱাৰ সময়ত প্ৰাক্তন ক্ৰিকেটাৰ মূৰলী কাৰ্তিকে তেওঁৰ এই চমৎকাৰী ইনিংছৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে বিভিন্ন প্ৰশ্ন সোধে । ইয়াৰ উত্তৰত বৈভৱে কয়, "এইটো এক অতি ভাল অনুভৱ । আই পি এলত এইটো মোৰ প্ৰথম শতক । অৱশ্যে এইটো মোৰ তৃতীয় ইনিংছ । টুৰ্নামেণ্টৰ পূৰ্বে কৰা কঠোৰ অনুশীলনৰ ফলস্বৰূপে এই ফলাফল লাভ কৰা হৈছে ।"

আনহাতে, মূৰলী কাৰ্তিকে তেওঁক সোধে যে সন্মুখত ইমানকেইগৰাকী আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বলাৰক দেখি ভয় লাগিছিল নেকি । ইয়াৰ উত্তৰত বৈভৱে কয়, "নাই, কোনো ভয়লগা নাছিল । মই বেছি চিন্তা নকৰোঁ, মই কেৱল খেলাত মনোযোগ দিওঁ । মই কেৱল বল চাওঁ আৰু খেলোঁ । জয়ছোৱালৰ সৈতে বেটিং কৰিবলৈ ভাল । তেওঁ মোক কয় কি কৰিব লাগে আৰু তেওঁ ইতিবাচক কামবোৰত উৎসাহিত কৰে । আই পি এলত শতক অৰ্জন কৰাটো এটা সপোন আছিল আৰু আজি সেয়া পূৰণ হৈছে ।"

Vaibhav Suryavanshis IPL record
শতক অৰ্জন কৰি আউট হোৱাৰ পিছত ৰছিদ খানৰ শুভেচ্ছা (IANS)

ৰাজস্থান ৰয়েলছে ১.১ কোটিত ক্ৰয় কৰিছিল বৈভৱ সূৰ্যবংশীক

এইবাৰৰ আই পি এলৰ মেগা নিলামত ৰাজস্থান ৰয়েলছে ১.১ কোটি টকাৰ বৃহৎ মূল্যত ক্ৰয় কৰিছিল বৈভৱ সূৰ্যবংশীক । কিন্তু কোনোৱে আশা কৰা নাছিল যে ৰাজস্থান ৰয়েলছে তেওঁক খেলাৰ সুবিধা প্ৰদান কৰিব । লগতে কোনোৱে ভাবিব পৰা নাছিল যে আই পি এল ইতিহাসত তেওঁ কোনো ভাৰতীয় হিচাপে দ্ৰুততম শতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হ'ব ।

টি২০ শতক অৰ্জন কৰা সৰ্বকনিষ্ঠ বেটছমেনৰ অভিলেখ এতিয়া বৈভৱ সূৰ্যবংশীৰ নামত

বৈভৱ সূৰ্যবংশীয়ে ১০১ ৰাণৰ ইনিংছটো ১১ টা বিশাল ছয় আৰু সাতটা বাউণ্ডেৰীৰে সজায় । তেওঁ মণীষ পাণ্ডে (১৯ বছৰ ২৫৩ দিন), ঋষভ পণ্ট (২০ বছৰ ২১৮ দিন) আৰু দেৱদত্ত পাডিক্কালক (২০ বছৰ ২৮৯ দিন) অতিক্ৰম কৰি টুৰ্নামেণ্টৰ ইতিহাসত আটাইতকৈ কম বয়সত শতক অৰ্জনৰ ৰেকৰ্ড ভংগ কৰে । বৈভৱে ১৪ বছৰ ৩২ দিনত এই অসাধ্যক সাধন কৰে ।

বৈভৱ সূৰ্যবংশীয়ে ভংগ কৰিলে ইউছুফ পাঠানৰ ৰেকৰ্ড

বৈভৱ সূৰ্যবংশীৰ এই শতকটো আছিল টুৰ্নামেণ্টখনৰ দ্বিতীয় দ্ৰুততম শতক । ইয়াৰ পূৰ্বে ক্ৰিছ গেইলে ৩০ বলত শতক অৰ্জন কৰি দ্ৰুততম শতকৰ অভিলেখৰ গৰাকী হৈ আছে । আনহাতে, বৈভৱৰ এই শতকটো হৈছে যিকোনো ভাৰতীয়ৰ দ্ৰুততম শতক । ইয়াৰ পূৰ্বে এই ৰেকৰ্ডৰ অধিকাৰী আছিল ইউছুফ পাঠান । ইউছুফ পাঠানে ৩৭ টা বলত শতক অৰ্জন কৰি এই ৰেকৰ্ড সৃষ্টি কৰিছিল । বৰ্তমান বৈভৱে এই ৰেকৰ্ড ভংগ কৰে ।

লগতে পঢ়ক :বৈভৱৰ শতকৰ সহায়ত RRৰ জয়; IPLত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত সূৰ্যবংশী - RR VS GT
লগতে পঢ়ক :বৈভৱৰ শতকীয় ইংনিছেৰে গুজৰাট টাইটানছক ৮ উইকেটত পৰাস্ত ৰাজস্থান ৰয়েলছৰ - IPL 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.