ৰিয়ানক ১২ লাখ টকাৰ জৰিমনা; কোনে আৰু কিয় বিহিলে এই জৰিমনা
গুৱাহাটীত অনুষ্ঠিত দেওবাৰৰ খেলখনত লেহেমীয়া অভাৰ ৰেটৰ বাবে আৰ আৰ অধিনায়ক ৰিয়ান পৰাগক জৰিমনা বিহা হয় ৷

Published : March 31, 2025 at 8:10 AM IST
হায়দৰাবাদ: গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ একাদশ খেলখনত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে লেহেমীয়া অভাৰ ৰেট বজাই ৰখাৰ বাবে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে ।
দেওবাৰে নিশা আই পি এলে প্ৰকাশ কৰা এক বিবৃতিত কয়, "২০২৫ চনৰ ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ ১১ সংখ্যক মেচত তেওঁৰ দলটোৱে লেহেমীয়া অভাৰ ৰেট বজাই ৰখাৰ বাবে ৰাজস্থান ৰয়েলছৰ অধিনায়ক মিষ্টাৰ ৰিয়ান পৰাগক জৰিমনা বিহা হৈছে ।"
"যিহেতু আই পি এলৰ আচৰণ বিধিৰ ২.২২ অনুচ্ছেদৰ অধীনত তেওঁৰ দলৰ এই ছিজনৰ প্ৰথমটো অপৰাধ আছিল, যিটো নূন্যতম অতিৰিক্ত হাৰৰ অপৰাধৰ সৈতে জড়িত, সেয়েহে পৰাগক ১২ লাখ টকা জৰিমনা বিহা হয় ।" বিবৃতিটোত লগতে কোৱা হয় ৷
অসম ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত ৰোমাঞ্চকৰ খেলত ৰাজস্থান ৰয়েলছে ৫ বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক ৬ ৰাণত পৰাস্ত কৰে । ষ্টেণ্ড-ইন অধিনায়ক ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থানে ১৮২/৯ ৰাণ সংগ্ৰহ কৰি উৎকৃষ্ট বলিং আৰু ফিল্ডিঙৰ ভিত্তিত চেন্নাইক ১৭৬/৬ ৰাণত সীমাবদ্ধ ৰাখে ।
ৰাজস্থানৰ হৈ নীতিশ ৰাণাই চি এছ কেৰ আক্ৰমণক সাহসেৰে সন্মুখীন হৈ ১০ টা চাৰি আৰু ৫ টা ছয়ৰ সহায়ত ৩৬টা বলত ৮১ ৰাণ সংগ্ৰহ কৰে । অধিনায়ক পৰাগে নিজেই ২৮টা বলত ৩৭ ৰাণ সংগ্ৰহ কৰে । ৱানিন্দু হাছৰংগাই ৪ অভাৰত ৩৫ ৰাণত ৪ উইকেট দখল কৰে ।
ইয়াৰ প্ৰত্যুত্তৰত চি এছ কেয়ে ৬ উইকেট হেৰুৱাই মাত্ৰ ১৭৬ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ চেন্নাইৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাদে সৰ্বাধিক ৬৩ ৰাণ সংগ্ৰহ কৰে । চলিত আই পি এলত আছিল এয়া ৰাজস্থানৰ প্ৰথমটো জয় ৷ বৰ্তমান চেন্নাই পইণ্ট তালিকাত নৱম স্থানত থকাৰ বিপৰীতে চি এছ কে সপ্তম স্থানত আছে ।
লগতে পঢ়ক: চেন্নাইক ৬ ৰাণত পৰাস্ত কৰি আই পি এলত প্ৰথমটো বিজয় ৰাজস্থানৰ

