বেংগালুৰু : চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ শুকুৰবাৰে 34 নম্বৰ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পঞ্জাব কিংছৰ মুখামুখি হ'ব । দুয়োটা দলৰ মাজত এই মেচখন সন্ধিয়া 7.30 বজাত বেংগালুৰুৰ চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । চলিত IPLত এতিয়ালৈকে দুয়োটা দলেই চমকপ্ৰদ খেল প্ৰদৰ্শন কৰিছে । দুয়োটা দলেই শক্তিশালী আৰু প্লে-অফত প্ৰৱেশৰ দাবীদাৰ হিচাপে গণ্য কৰা হৈছে ।
আনহাতে, পইণ্ট তালিকাত বৰ্তমান আৰ চি বি তৃতীয় স্থানত থকাৰ বিপৰীতে পঞ্জাব কিংছ চতুৰ্থ স্থানত আছে । তেনে পৰিস্থিতিত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ'বলগা এই মেচখন অতি উত্তেজনাপূৰ্ণ হোৱাৰ আশা কৰা হৈছে ।
Catching smiles and hugs with old pals and new faces! 🫂
— Royal Challengers Bengaluru (@RCBTweets) April 17, 2025
Fri-yay night plans sorted! 😎#PlayBold #ನಮ್ಮRCB #IPL2025 pic.twitter.com/kb1ptKa4uK
ৰজত পাটিদাৰৰ নেতৃত্বাধীন আৰ চি বিয়ে শুকুৰবাৰে ঘৰুৱা খেলপথাৰত পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । আৰ চি বিয়ে এই ছিজনত এতিয়ালৈকে নিজৰ অনুৰাগীক আনন্দৰ মুহূৰ্ত উপভোগৰ সুবিধা প্ৰদান কৰি আহিছে । দলটোৱে এতিয়ালৈকে খেলা ৬ খন মেচৰ ভিতৰত ৪ খনত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে দুখনত পৰাস্ত হৈছে ।
আৰ চি বিয়ে ইতিমধ্যে কলকাতা নাইট ৰাইডাৰ্ছ, চেন্নাই ছুপাৰ কিংছ, মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছৰ দৰে শক্তিশালী দলসমূহক পৰাস্ত কৰিছে । আনহাতে, গুজৰাট টাইটানছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে দলটোৱে পৰাজয়বৰণ কৰিবলগা হৈছে । তেনে ক্ষেত্ৰত আৰ চি বিৰ আজি লক্ষ্য হ'ব ২ পইণ্ট সংগ্ৰহেৰে পইণ্ট তালিকাত শীৰ্ষস্থানত উপনীত হোৱা ।
Reunited at Chinnaswamy - Maxi & Yuzi back together! ♥️ pic.twitter.com/EwxSFTpb2H
— Punjab Kings (@PunjabKingsIPL) April 17, 2025
আনহাতে, পঞ্জাব কিংছেও চলিত ছিজনত নিজৰ খেলেৰে সকলোকে প্ৰভাৱিত কৰিছে । শ্ৰেয়াস আয়াৰৰ নেতৃত্বাধীন দলটোৱে এক নিৰ্ভীক খেল প্ৰদৰ্শন কৰি কেইবাখনো মেচত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰিছে । পঞ্জাব কিংছেও এতিয়ালৈকে খেলা ৬ খন মেচৰ ভিতৰত ৪ খনত জয়লাভ কৰাৰ বিপৰীতে দুখনত পৰাস্ত হৈছে ।
পঞ্জাবে গুজৰাট টাইটানছ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে মেচত বিজয়ৰ সোৱাদ লাভৰ বিপৰীতে ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে পৰাস্ত হৈছে । তাৰকা সমৃদ্ধ এই দলৰ সন্মুখত আজি আৰ চি বি নিশ্চিতভাৱে চাপত থাকিব । কিয়নো ইতিমধ্যে খেলা ঘৰুৱা খেলপথাৰৰ দুয়োখন মেচতে আৰ চি বি পৰাস্ত হৈছে ।
Namma Bengaluru! ❤️ pic.twitter.com/IgJj3s3hcx
— Punjab Kings (@PunjabKingsIPL) April 17, 2025
- আৰ চি বি বনাম পঞ্জাব কিংছৰ মুখামুখি ৰেকৰ্ড
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত মেচৰ ফলাফলৰ কথা উল্লেখ কৰিবলৈ হ'লে দুয়োটা দলেই সমান সমান প্ৰদৰ্শন কৰিছে । আই পি এলৰ ইতিহাসত দুয়োটা দলৰ মাজত এক প্ৰতিশোধমূলক দৃষ্টিভংগী দেখা যায় । দুয়োটা দলে এতিয়ালৈকে 33 খন আই পি এল মেচত পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে ।
ইয়াৰে ভিতৰত পঞ্জাব কিংছে 17 বাৰ আৰু আৰ চি বিয়ে 16 বাৰ জয়ৰ মুখ দেখিছে । আনহাতে, অন্তিম 5 খন মেচত আৰ চি বিয়ে 3 খন মেচত জয়লাভ কৰাৰ বিপৰীতে পঞ্জাবে 2 খন মেচত বিজয় লাভ কৰিছে ।
চিন্নস্বামী ষ্টেডিয়ামৰ পিটচ ৰিপোৰ্ট
বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামৰ পিটচ সদায় বেটছমেনৰ অনুকূল হিচাপে গণ্য কৰা হয় । এই পিটচত এবাৰ স্থিতি লাভৰ পিছত বেটছমেনে ডাঙৰ ইনিংছ খেলিব পাৰে । ইয়াৰ বাউণ্ডেৰী যথেষ্ট সৰু আৰু আউটফিল্ডো অতি গতিশীল । তেনেক্ষেত্ৰত বেটছমেনে এই পৰিস্থিতিৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিব পাৰে । পিটচখনত পুৰণি বলেৰে স্পিন বলাৰে সুবিধা গ্ৰহণ কৰিব পাৰে ।
চিন্নস্বামী ষ্টেডিয়ামত প্ৰথম ইনিংছত বেছিভাগ ক্ষেত্ৰতে ২০০ ৰ অধিক ৰাণ সংগ্ৰহ হয় । এনে পৰিস্থিতিত আজি এখন উচ্চ স্ক'ৰিং মেচ দৰ্শকে উপভোগ কৰাৰ সুযোগ আছে । ইয়াত সাধাৰণতে টচত জয়ী হোৱা দলটোৰ অধিনায়কে বেছিভাগ ক্ষেত্ৰতে প্ৰথমে বলিং কৰিব বিচাৰে ।
The Chinnaswamy Braces for a Six-Storm! 💥🏏
— Star Sports (@StarSportsIndia) April 18, 2025
Two high-scoring giants, fresh off stellar wins, are set to collide in Bengaluru! 🔥#RCB and #PBKS have gone toe-to-toe over the years. Who takes the edge in this explosive encounter tonight? 👇✍🏻#IPLonJioStar #RCBvPBKS | FRI, 18… pic.twitter.com/0Idsmd238P
সম্ভাৱ্য মূল একাদশ
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সম্ভাৱ্য মূল একাদশ : বিৰাট কোহলী, ফিলিপ ছল্ট, দেৱদত্ত পাডিক্কল, ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্ট'ন, জিতেশ শৰ্মা (উইকেটৰক্ষক), টিম ডেভিদ, ক্ৰুনাল পাণ্ডিয়া, ভুবনেশ্বৰ কুমাৰ, জ’চ হেজলউড, যশ দয়াল ।
ইম্পেক্ট খেলুৱৈ : সুয়াশ শৰ্মা ৷
পঞ্জাব কিংছৰ সম্ভাৱ্য মূল একাদশ : প্ৰিয়াংশ আৰ্য, প্ৰভসিমৰণ সিং, শ্রেয়াস আয়াৰ (অধিনায়ক), জ’চ ইংলিছ (উইকেটৰক্ষক), নেহাল বদেৰা, গ্লেন মেক্সৱেল, শশাঙ্ক সিং, মাৰ্কো জনচন, জেভিয়াৰ বাৰ্টলেট, আৰ্শদীপ সিং, যুজবেন্দ্ৰ চাহাল ।
ইম্পেক্ট খেলুৱৈ : সূৰ্যাংশ শেড়গে ৷