ETV Bharat / sports

আজিৰে পৰা পুনৰ IPL ৰণ; সমুখ সমৰত RCB বনাম KKR - IPL 2025

ভাৰত-পাক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে স্থগিত ৰখা আই পি এলৰ শনিবাৰে আৰ চি বি আৰু কে কে আৰৰ মাজৰ মেচেৰে পুনৰ আৰম্ভ হ'ব ।

IPL 2025
ৰজত পাটিদাৰ আৰু আজিংক্য ৰাহাণে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 17, 2025 at 9:54 AM IST

5 Min Read

বেংগালুৰু : ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ পৰিস্থিতি শাম কটাৰ পিছত শনিবাৰৰ পৰা পুনৰ আৰম্ভ হ'ব আই পি এল যুঁজ । চলিত ছিজনৰ ভাৰতীয় প্ৰিমিয়াৰ লীগৰ ৫৮ সংখ্যক মেচত শনিবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) আৰু কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) শ্ৰেষ্ঠত্বৰ যুঁজত অৱতীৰ্ণ হ'ব । দুয়োটা দলৰ মাজৰ এই মেচখন বিয়লি ৭.৩০ বজাত বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

চলিত আই পি এলৰ প্লে-অফত পদাৰ্পণৰ বাবে দুয়োটা দলৰে দুৱাৰ এতিয়াও খোলা আছে । পইণ্ট তালিকাত বৰ্তমান আৰ চি বি দ্বিতীয় স্থানত থকাৰ বিপৰীতে কে কে আৰ আছে ষষ্ঠ স্থানত । প্লে-অফৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে দুয়োটা দলৰ বাবে এই মেচখন গুৰুত্বপূৰ্ণ । ফলত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ'বলগা এই মেচখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হোৱাৰ সম্ভাৱনা আছে ।

আৰ চি বি বনাম কে কে আৰ

সোঁহতীয়া তৰকা বেটছমেন ৰজত পাটিদাৰ নেতৃত্বাধীন আৰ চি বিয়ে নিজৰ ঘৰুৱা খেলপথাৰত কে কে আৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । চলিত ছিজনত আৰ চি বিয়ে এক শক্তিশালী প্ৰদৰ্শন দাঙি ধৰি এতিয়ালৈকে খেলা ১১ খন মেচৰ ভিতৰত ৮ খনত জয়লাভ কৰিছে আৰু ৩ খনত পৰাজয়বৰণ কৰিছে । আৰ চি বিৰ বৰ্তমান ১৬ পইণ্ট । যদি শনিবাৰৰ মেচখনত কে কে আৰৰ বিৰুদ্ধে জয়লাভ কৰে কৰে, তেন্তে এইবাৰৰ আই পি এলৰ প্লেফ-অফৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম দল হিচাপে পৰিণত হ'ব আৰ চি বি ।

আনহাতে, কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে এই মেচখন হৈছে আই পি এলত নিজৰ অস্তিত্ব জীয়াই ৰখাৰ যুঁজ । সোঁহতীয়া অভিজ্ঞ বেটছমেন আজিংক্য ৰাহাণেৰ নেতৃত্বাধীন কে কে আৰ যদি এই মেচখনত পৰাস্ত হয় তেন্তে দলটো প্লে-অফৰ দৌৰৰ পৰা ছিটিকি পৰিব । কে কে আৰে এতিয়ালৈকে খেলা ১১ খন মেচৰ ভিতৰত ৫ খনত জয় আৰু এখন বাতিল হোৱা মেচৰ সৈতে ১১ পইণ্ট অৰ্জন কৰিছে । দলটো বৰ্তমান পইণ্ট তালিকাত ষষ্ঠ স্থানত আছে ।

তেনেস্থলত প্লে-অফৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ এতিয়া কে কে আৰৰ বাকী থকা তিনিচন মেচত বিজয় লাভৰ বাদে গত্যন্তৰ নাই । এনে পৰিস্থিতিত এই মেচখনত আৰ চি বিৰ বিপক্ষে বিজয়লাভৰ বাবে কে কে আৰে সকলো শক্তি সমৰ্পণ কৰিব বুলি আশা কৰা হৈছে ।

আৰ চি বি বনাম কে কে আৰ মুখামুখি ৰেকৰ্ড

ৰয়েল চেলেঞ্জাৰ বেংগালৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত খেলা মেচৰ ফলাফল চাবলৈ গ'লে কলকাতাৰ সুবিধাজনক স্থিতিত আছে । দুয়োটা দলে এতিয়ালৈকে পৰস্পৰৰ বিৰুদ্ধে ৩৫ খন আই পি এল মেচত অৱতীৰ্ণ হৈছে । ইয়াৰে ভিতৰত ২০ খন মেচত কে কে আৰে বিজয়ৰ হাঁহি মাৰিছে । আনহাতে, আৰ চি বিয়ে ১৫ খন মেচৰ ফলাফল নিজৰ পক্ষলৈ নিবলৈ সক্ষম হৈছে ।

ইফালে দুয়োটা দলৰ মাজত খেলা অন্তিম ৫ খন মেচত কে কে আৰে আধিপত্য বিস্তাৰ কৰিছে । ইয়াৰে ৪ খন মেচত কে কে আৰে বিজয়ৰ সোৱাদ লাভ কৰিছে । বিপৰীতে আৰ চি বিয়ে মাত্ৰ এখনতহে জয়লাভ কৰিছে । অৱশ্যে এই ছিজনৰ আৰম্ভণি মেচখনত আৰ চি বিয়ে ঘৰুৱা খেলপথাৰতে কে কে আৰক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ।

চিন্নাস্বামী ষ্টেডিয়ামৰ পিটচ ৰিপোৰ্ট

বেংগালুৰৰ এম চিন্নাস্বামী ষ্টেডিয়ামৰ পিটচ সদায় বেটছমেনৰ সহায়ক হিচাপে গণ্য কৰা হয় । এই পিটচত এবাৰ খোপনি পোতাৰ পিছত বেটছমেনে অতি সহজে ডাঙৰ ইনিংছ খেলিব পাৰে ।

এই ষ্টেডিয়ামৰ বাউণ্ডেৰী যথেষ্ট সৰু আৰু আউটফিল্ড অতি দ্ৰুত । এইবাবে বেটছমেনে ইয়াৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিব পাৰে । আনহাতে, এই পিটচত পুৰণি বলেৰে স্পিন বলাৰসকলক সহায় কৰে । চিন্নাস্বামী ষ্টেডিয়ামত প্ৰথম ইনিংছত প্ৰায়ে ২০০ৰ ওপৰত ৰাণ সহজে স্ক'ৰ হয় । যাৰবাবে এই মেচখনো এখন উচ্চ স্ক'ৰিং মেচ হ'ব বুলি আশা কৰা হৈছে । সাধৰণতে অধিনায়কসকলে টছত জয়লাভ কৰিলে ইয়াত প্ৰথমে বলিং কৰিবলৈ পছন্দ কৰে ।

আৰ চি বি আৰু কে কে আৰৰ সম্ভাৱ্য মূল একাদশ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সম্ভাৱ্য মূল একাদশ : জেকব বেথেল/ফিল ছল্ট, বিৰাট কোহলী, দেৱদত্ত পাডিক্কাল, ৰজত পাটিদাৰ (অধিনায়ক), জিতেশ শৰ্মা (উইকেটৰক্ষক), টিম ডেভিদ, ক্রুণাল পাণ্ডিয়া, ৰোমাৰিঅ' শ্বেফাৰ্ড, ভুবনেশ্বৰ কুমাৰ, লুংগী এনগিড়ি/জছ হেজলউড, যশ দয়াল ।

ইম্পেক্ট খেলুৱৈ : সুয়শ শৰ্মা, লিয়াম লিভিংষ্ট’ন

কলকাতা নাইট ৰাইডাৰ্ছৰ সম্ভাৱ্য মূল একাদশ : ৰহমানুল্লাহ গুৰবাজ (উইকেটৰক্ষক), সুনীল নাৰায়ণ, আজিংক্য ৰাহাণে (অধিনায়ক), অঙ্গকৃষ ৰঘুবংশী, ৰোভমেন পাৱেল, ভেংকটেশ আয়াৰ, ৰিংকু সিং, আণ্ড্ৰে ৰাছেল, ৰমণদীপ সিং, বৰুণ চক্রৱৰ্তী, বৈভৱ অৰোৰা ।

ইম্পেক্ট খেলুৱৈ : হৰ্ষিত ৰাণা

লগতে পঢ়ক :অৱসৰৰ পিছত অধিনায়কৰ ৰূপত প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰ ! - IPL 2025
লগতে পঢ়ক :পঞ্জাব, গুজৰাট আৰু লক্ষ্ণৌ দলৰ ডাঙৰ পৰিৱৰ্তন, এইসকল নতুন খেলুৱৈৰ সৈতে চুক্তিবদ্ধ - IPL 2025 PLAYERS REPLACEMENT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.