হায়দৰাবাদ : ২২ মাৰ্চৰ পৰা আৰম্ভ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজন । প্ৰতিটো ছিজনত আই পি এলত অভিষেক ঘটাই একাংশ খেলুৱৈয়ে আৰু আন একাংশই গ্ৰহণ কৰে অৱসৰ । কিন্তু আই পি এলত এনে কিছুমান খেলুৱৈ আছে, যিয়ে প্ৰাৰম্ভিক ছিজনৰ পৰাই খেলি আহিছে ।
সম্প্ৰতি তেওঁলোক নিজ নিজ দলৰ বাবে হৈ পৰিছে ছুপাৰষ্টাৰ । অৱশ্যে বৰ্তমানৰ আই পি এল একাংশ তাৰকা খেলুৱৈৰ বাবে কেৰিয়াৰৰ অন্তিমটো আই পি এল ছিজন হ’ব পাৰে বুলি ওলাইছে খবৰ ৷ এই খেলুৱৈসকলে ছিজনটো সমাপ্ত হোৱাৰ পিছতে অৱসৰৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে ।
- পিছে কোন কোন খেলুৱৈক লৈ চলিছে এই চৰ্চা ?
এম এছ ধোনী (চি এছ কে) : ২০০৮ চনৰ পৰা চেন্নাই ছুপাৰ কিংছ (চি এছ কে) ৰ হৈ খেলি আহিছে ধোনীয়ে । বৰ্তমান খেলুৱৈগৰাকীৰ বয়স ৪৩ বছৰ, কিন্তু তেওঁ এতিয়াও চি এছ কেৰ হৈ খেলি আছে । দীৰ্ঘদিন ধৰি চি এছ কেৰ অধিনায়কৰ দায়িত্বতো আছিল ধোনী । ধোনীয়ে এককভাৱে নিজৰ দলৰ হৈ পাঁচটা খিতাপ দখল কৰিছে ৷ ২০২৪ চনৰ আই পি এল ছিজনৰ পূৰ্বে অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰিছিল ধোনীয়ে ।
The Climax Cameo! 🦁🔥 #CSKvMI #WhistlePodu #Yellove🦁💛 pic.twitter.com/HbmYCbvdTZ
— Chennai Super Kings (@ChennaiIPL) March 23, 2025
বৰ্তমানলৈকে ২২৯ খন মেচত গড়ে ৩৯.১৩ আৰু ১৩৭.৫৪ ষ্ট্ৰাইক ৰেটত ৫২০০ ৰো অধিক ৰাণ সংগ্ৰহ কৰিছে খেলুৱৈগৰাকীয়ে । বহু সময়ত ধোনীয়ে আই পি এল এৰিব বুলি উৰাবাতৰি প্ৰকাশ পাইছিল ৷ কিন্তু তেওঁ বৰ্তমানৰ ছিজনতো খেলি থকা দেখা গৈছে ৷ অৱশ্যে এই ছিজনটোৱেই ধোনীৰ আই পি এল কেৰিয়াৰৰ শেষৰটো ছিজন হ’ব বুলি জল্পনা-কল্পনা বৃদ্ধি পাইছে ।
মইন আলী (কে কে আৰ) : বিগত বছৰত মইন আলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল । আলীৰ বৰ্তমান বয়স ৩৮ বছৰ, এই ছিজনত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) ৰ হৈ খেলি আছে ।
শেহতীয়াকৈ মইনে টি-২০ ফৰ্মেটত ভাল প্ৰদৰ্শন কৰিব পৰা নাই । গতিকে আগন্তুক নিলামত তেওঁক কিনিবলৈ ফ্ৰেঞ্চাইজিসমূহ আগ্ৰহী নহ’বও পাৰে । যাৰ বাবে মইনৰ কেৰিয়াৰৰ এয়া শেষৰটো আই পি এল হ’ব বুলি চৰ্চা চলিছে ৷
ৰবিচন্দ্ৰন অশ্বিন (চি এছ কে): মেগা নিলামত চি এছ কেয়ে অশ্বিনক ৯.৭৫ কোটি টকাত ক্ৰয় কৰিছিল । তেওঁৰ বয়স ৩৮ বছৰ । ২০২৪ চনৰ ছিজনত অশ্বিনে ১৪ খন মেচত ৫১.৮৯ গড়ে মাত্ৰ ৯ টা উইকেট দখল কৰে ৷ যাৰ বাবে ফ্ৰেঞ্চাইজিয়ে খেলুৱৈগৰাকীক লৈ আপ্লুত হ’ব নোৱাৰিলে । যদিহে অশ্বিনে এইটো ছিজনতো ফ্ৰেঞ্চাইজিক আপ্লুত কৰিব নোৱাৰে, তেন্তে সেয়া হ’ব পাৰে তেওঁৰ আই পি এল কেৰিয়াৰৰ শেষৰটো ছিজন ।
গ্লেন মেক্সৱেল (পি বি কে এছ): যোৱা ছিজনত ৩৬ বছৰীয়া অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে নিজৰ প্ৰতিভা প্ৰদৰ্শনত দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছিল । সমগ্ৰ ছিজনত ক্ৰিকেটাৰগৰাকীয়ে মাত্ৰ ৫২ ৰাণহে সংগ্ৰহ কৰে ।
সাম্প্ৰতিক সময়ত ফিটনেছৰ সমস্যাত ভূগিছে মেক্সৱেলে । যদি তেওঁ আই পি এলত থাকিব বিচাৰে, তেন্তে এই ছিজনত খেলুৱৈগৰাকীয়ে ভাল প্ৰদৰ্শন কৰিব লাগিব । যদি এইবাৰো তেওঁ ফ্ৰেঞ্চাইজিক আপ্লুত কৰিব নোৱাৰে, তেন্তে পৰৱৰ্তী ছিজনত তেওঁৰ বাবে সুযোগ পোৱাটো কঠিন হ’ব ।
ফাফ ডুপ্লেছিছ (ডি চি): ফাফ ডুপ্লেছিছৰ বয়স হ’ল ৪০ বছৰ আৰু খেলুৱৈগৰাকীয়ে আই পি এলত অবিৰতভাৱে ভাল প্ৰদৰ্শন কৰি আছে । আই পি এলত গড়ে ৩৫.৯৯ আৰু ১৩৬.৩৭ ষ্ট্ৰাইক ৰেটত মুঠ ৪,৫২১ ৰাণ সংগ্ৰহ কৰা ক্ৰিকেটাৰগৰাকীয়ে বিগত ছিজনত উন্নত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে ৷
শেহতীয়া ১০ টা ইনিংছত ডুপ্লেছিছে গড়ে ২৮.৬ ৰাণ সংগ্ৰহ কৰিছে । এইবাৰ তেওঁ দিল্লী কেপিটেলছৰ হৈ খেলিছে, যদি তেওঁ আই পি এলত নিজৰ কেৰিয়াৰ অব্যাহত ৰাখিব বিচাৰে, তেন্তে শক্তিশালী প্ৰদৰ্শন কৰিব লাগিব ।
এই তালিকাত অন্তৰ্ভুক্ত আন খেলুৱৈসকলৰ ভিতৰত আছে- স্পিনাৰ কৰণ শৰ্মা, ফাষ্টবলাৰ ইশান্ত শৰ্মা আদি ৷ এই জ্যেষ্ঠ খেলুৱৈসকলে বহু বছৰ ধৰি আই পি এলত বিশেষ প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই ।
চলিত ছিজনত কৰণ শৰ্মাই মুম্বাই ইণ্ডিয়ানছৰ হৈ আৰু ঈশান্ত শৰ্মাই গুজৰাট টাইটানছৰ হৈ খেলিছে । ক্ৰিকেটৰ সমালোচকে কয় যে, এই ছিজনত যদি দুয়োজনে ভাল প্ৰদৰ্শন নকৰে, তেন্তে তেওঁলোকে পুনৰ সুযোগ পোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ ৷