ETV Bharat / sports

দিল্লীক পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত আৰ চি বি; খেলখনৰ নায়কত পৰিণত ক্ৰুনাল পাণ্ডিয়া

ঘৰুৱা খেলপথাৰত দিল্লী কেপিটেলছক ৬ উইকেটত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ১৪ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে ।

IPL 2025
দিল্লীক পৰাস্ত কৰি শীৰ্ষ স্থানত আৰ চি বি (IANS)
author img

By ETV Bharat Assamese Team

Published : April 28, 2025 at 7:42 AM IST

|

Updated : April 28, 2025 at 8:54 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : আই পি এল ২০২৫ৰ ৪৬ সংখ্যক মেচত দিল্লী কেপিটেলছ (ডি চি)ক ৬ উইকেটত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৱে ১৪ পইণ্টেৰে পইণ্ট তালিকাত শীৰ্ষ স্থান দখল কৰে ৷ ইয়াৰ লগে লগে আৰ চি বিয়ে প্লে অফত নিজৰ স্থান প্ৰায় নিশ্চিত কৰিছে ৷ এই পৰাজয়ৰ লগে লগে দিল্লীয়ে ১২ পইণ্টেৰে চতুৰ্থ স্থানত উপনীত হৈছে ৷

এই মেচত আৰ চি বিয়ে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ৷ দিল্লী কেপিটেলছৰ দলটোৱে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬২ ৰাণ সংগ্ৰহ কৰে ৷ দিল্লীয়ে জয়ী হ’বলৈ দিয়া ১৬৩ ৰাণৰ লক্ষ্য ৰাজস্থানে ৯টা বল বাকী থকা অৱস্থাত উপনীত হয় আৰু ৬ উইকেটত জয়লাভ কৰে ৷ আৰ চি বিয়ে ৪ উইকেট হেৰুৱাই ১৬৫ ৰাণ সংগ্ৰহ কৰে আৰু খনখনত দলটোৰ জয়ৰ নায়ক আছিল ক্ৰুনাল পাণ্ডিয়া ৷

খেলখনৰ নায়ক ক্ৰুনাল পাণ্ডিয়া

আৰ চি বিৰ হৈ লক্ষ্য খেদি ফুৰাৰ সময়তে বিৰাট কোহলীয়ে ৪৭টা বলত ৪টা চাৰিৰ সহায়ত ৫১ ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে ক্ৰুনাল পাণ্ডিয়াই ৫টা চাৰি আৰু ৪টা ছয়ৰে ৪৭টা বলত অপৰাজিত ৭৩ ৰাণ সংগ্ৰহ কৰি নিজৰ দলটোক জয়ৰ দিশে আগবঢ়াই লৈ যায় ৷ বেটিঙৰ উপৰিও তেওঁ বলিঙৰ সময়তোএটা উইকেটো লয়, যাৰ বাবে তেওঁ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে ৷ ডি চিৰ হৈ অক্ষৰ পেটেলে ২টা আৰু দুষ্মন্ত ছমীৰাই ১টা উইকেট দখল কৰে ৷

দিল্লীৰ হৈ ৰাহুল আৰু ষ্টাবছে ৰাণ সংগ্ৰহ কৰে

দিল্লীৰ হৈ কে এল ৰাহুলে ৩টা চাৰিৰ সহায়ত ৩৯টা বলত ৪১ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ট্ৰিষ্টান ষ্টাবছে ১৮টা বলত ৫টা চাৰি আৰু ১টা ছয়ৰে ৩৪ ৰাণ সংগ্ৰহ কৰে ৷ ফাফ ডু প্লেছিছে ২২ ৰাণ আৰু অভিষেক পোৰেলে ২৮ ৰাণ আগবঢ়ায় ৷ আৰ চি বিৰ হৈ ভুৱনেশ্বৰ কুমাৰে ৩টা আৰু জোছ হেজলউডে ২টা উইকেট দখল কৰে ৷

লগতে পঢ়ক : IPL 2025 : মুম্বাই ইণ্ডিয়ানছৰ হাতত ৫৪ ৰাণত পৰাস্ত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে জয়লাভ মুম্বাই ইণ্ডিয়ানছৰ, ৰোহিত শৰ্মাৰ অৰ্ধশতক

লক্ষ্ণৌক ৮ উইকেটত পৰাস্ত দিল্লী কেপিটেলছৰ, পইণ্ট তালিকাৰ দ্বিতীয় স্থানত দিল্লী

Last Updated : April 28, 2025 at 8:54 AM IST