ETV Bharat / sports

PBKS vs RCB Qualifier 1 ত বৰষুণে বিধি-পথালি দিলে কি হ’ব, কোনটো দল প্ৰৱেশ কৰিব ফাইনেলত

আজি যদি বৰষুণে বিধি-পথালি দিয়ে তেন্তে কোনটো দলে পোনপটীয়াকৈ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব ? জানিবলৈ পঢ়ক...

PBKS VS RCB QUALIFIER 1
পিবিকেএছ বনাম আৰচিবি কোৱালিফায়াৰ ১ (IANS Photo))
author img

By ETV Bharat Assamese Team

Published : May 29, 2025 at 5:30 PM IST

3 Min Read
Choose ETV Bharat

মুল্লানপুৰ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ কোৱালিফায়াৰ-১ৰ বাবে মঞ্চ সাজু হৈছে । আজি ২৯ মে’ বৃহস্পতিবাৰে পঞ্জাৱৰ মুল্লানপুৰত পইণ্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰা পঞ্জাব কিংছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) অৱৰ্তীণ হ'ব । আজিৰ মেচখনত দুয়োটা দলৰ ভিতৰত যিটো দলে জয়ী হ’ব সেইটো দল পোনপটীয়াকৈ আই পি এল ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিব । একে সময়তে পৰাজিত দলটোৱে ফাইনেলত প্ৰৱেশৰ আন এক সুযোগ লাভ কৰিব আৰু কোৱালিফায়াৰ-২ খেলিব ।

সোমবাৰে পঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি শীৰ্ষ দুটাৰ স্থান দখল কৰাৰ পাছত মঙলবাৰে আই পি এল ২০২৫ৰ অন্তিমখন লীগ মেচত আৰ চি বিয়ে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে চাঞ্চল্যকৰ জয় লাভ কৰি কোৱালিফায়াৰ ১ত স্থান দখল কৰে । দুয়োটা দলে ১৪খন মেচত ১৯ পইণ্ট লাভ কৰাৰ বিপৰীতে পঞ্জাব কিংছৰ দলটোৱে নেট ৰাণ ৰেটত শীৰ্ষস্থান দখল কৰে ।

আই পি এল ২০২৫ৰ কোৱালিফায়াৰ-১ ত বৰষুণে বিধি পথালি দিলে কি হ’ব?

এই মেচ আৰম্ভ হোৱাৰ আগতেই আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল মেচখন বৰষুণে বিধি পথালি দিলে কি হ’ব ? কোৱালিফায়াৰ-১ৰ বাবে বি চি চি আইৰ ৰিজাৰ্ভ ডে’ নাই । আজি সন্ধিয়া মুল্লানপুৰত বৰষুণে খেলখন বিধি পথালি দিলে কি হ’ব ?

মুল্লানপুৰত কোৱালিফায়াৰ-১ আৰম্ভ হোৱাৰ পূৰ্বেই হয়তো ডাঙৰ জোকাৰণিৰ সন্মুখীন হ’ব পাৰে আৰ চি বিৰ অনুৰাগীসকলে । কাৰণ আজি যদি বৰষুণৰ বাবে কোৱালিফায়াৰ-১ ৰ খেলখন অমিমাংসিতভাৱে সমাপ্ত হয় , তেন্তে সেই ক্ষেত্ৰত পঞ্জাব কিংছ ফাইনেলত প্ৰৱেশ কৰিব । কাৰণ লীগ পৰ্যায়ত পইণ্ট তালিকাত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুতকৈ পঞ্জাব কিংছ আগবাঢ়ি আছিল । অৱশ্যে মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু গুজৰাট টাইটানছ (জি টি)ৰ মাজত এলিমিনেটৰৰ বিজয়ী দলটোৰ বিৰুদ্ধে আৰ চি বি অৱৰ্তীণ হৈ ফাইনেলত প্ৰৱেশ কৰাৰ আন এক সুযোগ লাভ কৰিব ।

PBKS vs RCB খেলখনৰ পূৰ্বে বতৰৰ পূৰ্বানুমান

একুৱেদাৰৰ তথ্য অনুসৰি আজি গোটেই দিনটো মুল্লানপুৰত বৰষুণৰ সম্ভাৱনা নাই । তাপমাত্ৰা প্ৰায় ৩২ ডিগ্ৰী চেলছিয়াছত থাকিব । বতাহৰ গতিবেগ ঘণ্টাত ২০ কিলোমিটাৰ পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত খেলুৱৈসকলে কিছু সকাহ পাব । আকাশ প্ৰায় পৰিষ্কাৰ হ’ব আৰু ডাৱৰ কম হ’ব, গতিকে মেচখন কোনো ধৰণৰ বাধা নোহোৱাকৈ সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: Qualifier 1: পঞ্জাব আৰু বেংগালুৰুৰ কাৰ বাহুত আছে দম; মুলনপুৰত কোনে উৰুৱাব বিয়জ ধ্বজা ?