মুলনপুৰ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৫ৰ কোৱালিফায়াৰ-১ত আজি পঞ্জাব কিংছ (PBKS) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু (RCB)ৰ মাজত খেলখন অনুষ্ঠিত হ’ব । দুয়োটা দলৰ মাজত এই খেলখন সন্ধিয়া ৭:৩০ বজাৰ পৰা চণ্ডীগড়ৰ মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।
আজি যি দলে এই মেচত জয়লাভ কৰে সেই দলটোৱে পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিব । অৱশ্যে পৰাজিত দলটোৱে কোৱালিফায়াৰ-২ৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এক সুযোগ লাভ কৰিব । এনে পৰিস্থিতিত দুয়োটা দলে আজি খেলপথাৰত নামি কোৱালিফায়াৰ-১ জয় কৰি ফাইনেলৰ পোনপটীয়া টিকট লাভ কৰিব । দুয়োটা দলে আই পি এলৰ প্ৰথমটো খিতাপ দখল কৰিবলৈ সুযোগ বিচাৰি থকা দেখা গৈছে ।
- IPL কোৱালিফায়াৰ-১ত পঞ্জাব বনাম বাংগালুৰু
আই পি এল কোৱালিফায়াৰ-১ৰ বাবে ৰজত পাটিদাৰ নেতৃত্বাধীন RCB প্ৰিয় দলটোক হিচাপে বিবেচিত হৈছে । এই দলটোৱে চলিত আই পি এল ছিজনত ঘৰৰ বাহিৰত খেলা ৭খন মেচৰ আটাইকেইখন খেলতে জয়লাভ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ২০ এপ্ৰিলত অনুষ্ঠিত হোৱা আই পি এল ২০২৫ লীগ মেচত একেখন খেলপথাৰতে পঞ্জাব কিংছক ৭ উইকেটত পৰাস্ত কৰে RCB -এ ।
𝐓𝐡𝐞 𝐰𝐚𝐢𝐭. 𝐓𝐡𝐞 𝐟𝐢𝐠𝐡𝐭. 𝐓𝐡𝐞 𝐝𝐫𝐞𝐚𝐦. 𝐀𝐥𝐥 𝐥𝐞𝐚𝐝𝐬 𝐡𝐞𝐫𝐞 🔥#PBKS & #RCB are just 1⃣ win away from a place in the #TATAIPL 2025 finals 😬
— IndianPremierLeague (@IPL) May 28, 2025
Who's making it through? 🤔#PBKSvRCB | #TheLastMile | @PunjabKingsIPL | @RCBTweets pic.twitter.com/1eiHt3oE34
ইয়াৰ পূৰ্বে RCB-এ PBKS-ক ১৫৭ ৰাণত সীমাবদ্ধ কৰি ৰাখিছিল । তাৰ পিছত ৭টা বল বাকী থকা অৱস্থাত লক্ষ্যত উপনীত হৈ ৭ উইকেটত বিজয় ধ্বজ্জা উৰুৱাবলৈ সক্ষম হয় । RCB-ৰ প্ৰায় সকলো খেলুৱৈয়েই যুদ্ধংদেহী ৰূপত আছে আৰু দলৰ হৈ আটায়ে মেচত জয়ী হৈ আছে ।
একে সময়তে পঞ্জাব কিংছৰ দলটোৱে আজি নিজৰ ঘৰুৱা খেলপথাৰত ইয়াৰ সুবিধা ল’বলৈ বিচাৰিব । তাৰকা বেটছমেন তথা অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত গঠিত এই দলটোৱে পইণ্ট টেবুলত শীৰ্ষস্থান দখল কৰি কোৱালিফায়াৰ-১ত প্ৰৱেশ কৰিছে । পঞ্জাব কিংছৰ বলিং আৰু বেটিং দুয়োটা অতি শক্তিশালী দেখা গৈছে । যদিও পঞ্জাবৰ দল এই খেলপথাৰত RCB-ৰ হাতত পৰাস্ত হৈছিল । কিন্তু, পঞ্জাবেও একেটা আই পি এল ছিজনতে নিজৰ ঘৰুৱা চিন্নাস্বামী ষ্টেডিয়ামত RCB-ক ৫ উইকেটত পৰাস্ত কৰে । দুয়োটা দলে শক্তিশালী আৰু ভাল খেলা, গতিকে আজি আই পি এল ২০২৫ৰ কোৱালিফায়াৰ-১ত দুয়োটা দলৰ মাজৰ মেচখন কিছু ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰিব পাৰি ৷
IPL QUALIFIER 1: One direct shot at the GRAND FINALE! 🤩🏆
— Star Sports (@StarSportsIndia) May 29, 2025
➡️ Shreyas Iyer eyes a 3rd final with 3rd IPL team 👊🏻
➡️ King Kohli chases his maiden IPL crown 👑
Who amongst Punjab or Bengaluru will make it straight into the TATA IPL 2025 Finals? 👀#IPLPlayoffs Qualifier1 👉🏻… pic.twitter.com/wumLyhe6x7
- RCB vs PBKS হেড টু হেড ৰেকৰ্ডছ
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ মাজত হোৱা হেড টু হেড অভিলেখৰ কথা ক’বলৈ গ’লে দুয়োটা দল প্ৰায় সমান । আই পি এলৰ ইতিহাসত দুয়োটা দলৰ মাজত প্ৰতিদ্বন্দ্বিতা দেখা যায় । এই পৰ্যন্ত আই পি এলৰ ৩৫খন খেলত দুয়োটা দলে মুখামুখি হৈছে । এই সময়ছোৱাত পঞ্জাব কিংছে ১৮ বাৰ জয়লাভ কৰিছে । একে সময়তে আৰচিবিয়ে ১৭খন মেচত জয়লাভ কৰিছে । অৱশ্যে যোৱা ৫ খন মেচত RCB-এ আধিপত্য বিস্তাৰ কৰি ৪ খন মেচত জয়ী হোৱাৰ বিপৰীতে পঞ্জাবে মাত্ৰ ১ খন মেচত জয়লাভ কৰিছে ।
Biggest Match Day of the season, yet. 🧿
— Royal Challengers Bengaluru (@RCBTweets) May 29, 2025
We're ALL IN, let's do this lads! 🫡🔥
Catch all the LIVE action on @jiohotstar from 7:30 PM onwards. 🙌#PlayBold #ನಮ್ಮRCB #IPL2025 pic.twitter.com/kWsZXh0ado
- মুলনপুৰ ষ্টেডিয়ামৰ পিটচ ৰিপৰ্ট
মুলনপুৰ ক্ৰিকেট ষ্টেডিয়ামৰ খেলপথাৰখন বলাৰৰ প্ৰিয় বুলি গণ্য কৰা হয়, য’ত বেটছমেনতকৈ বলাৰসকলে অধিক সুবিধা লাভ কৰে । ইয়াত দ্ৰুত বলাৰসকলে ভাল বাউন্স আৰু ছুইং পায় । এই খেলপথাৰত শিশিৰো এটা ডাঙৰ কাৰক বুলি প্ৰমাণিত হয়, গতিকে টছত জয়ী হোৱা অধিনায়কে বেছিভাগেই প্ৰথমে বলিং কৰাটো পছন্দ কৰে । প্ৰথম ইনিংছত বেটিং কৰা দলটোৰ বাবে ১৮০ ৰাণ যথেষ্ট, যিটো এই খেলপথাৰত ডিফেণ্ড কৰিবলৈ ভাল মুঠ বুলি গণ্য কৰা হয় ।
𝐎𝐧𝐞. 𝐒𝐭𝐞𝐩. 𝐀𝐭. 𝐀. 𝐓𝐢𝐦𝐞. 🦁 pic.twitter.com/mhqztBoU9s
— Punjab Kings (@PunjabKingsIPL) May 29, 2025
- RCB vs PBKS কোৱালিফায়াৰ-১ দুয়োটা দলৰ সম্ভাৱ্য খেলা-১১
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সম্ভাৱ্য খেলা-১১
বিৰাট কোহলী, ফিল ছল্ট, মায়ংক আগৰৱাল, ৰজত পাটিদাৰ, টিম ডেভিদ, জিতেশ শৰ্মা (অধিনায়ক/উইকেটকীপাৰ), ৰোমাৰিয়া শ্বেফাৰ্ড, ক্ৰুনাল পাণ্ডিয়া, ভূৱনেশ্বৰ কুমাৰ, যশ দয়াল, জোছ হেজলউড।
ইমপেক্ট প্লেয়াৰ : সুয়াশ শৰ্মা
পঞ্জাব কিংছৰ সম্ভাৱ্য খেলা-১১
প্ৰিয়ংশ আৰ্য, প্ৰভসীমৰণ সিং, জোছ ইংলিছ (উইকেটকীপাৰ), শ্ৰেয়াছ আয়াৰ (অধিনায়ক), নেহাল ৱাধেৰা, শশাংক সিং, মাৰ্কাছ ষ্টোইনিছ, আজমতুল্লাহ উমৰজাই, হৰপ্ৰীত ব্ৰাৰ, কাইল জেমিছন, আৰ্ষদীপ সিং।
ইমপেক্ট প্লেয়াৰ : বিষক বিজয়কুমাৰ / যুজবেন্দ্ৰ চাহাল ৷