খেলৰ মাজভাগত বাতিল পাঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত চলি থকা মেচখন
পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হৈ থকা খেলখন বাতিল হৈছে। মেচৰ প্ৰথম ইনিংছৰ ১০.১অভাৰত ১২২ৰাণত PBKS-এ বেটিং কৰি থকা সময়ত বন্ধ কৰা হয়।

Published : May 8, 2025 at 11:05 PM IST
ধৰ্মশালা : হিমাচল প্ৰদেশৰ ধৰ্মশালাত পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হৈছিল IPL ২০২৫ৰ ৫৮ সংখ্যক মেচখন । এই খেলখন চলি থকাৰ মাজতে কাৰিকৰীক বিজুতি ঘটাৰ ফলত আধাতে সামৰিব লগা হয় । তাৰ পাচতে IPL কৰ্তৃপক্ষই দৰ্শকক হিমাচল প্ৰদেশ ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ পৰা ওলাই যাবলৈ কয় । এই অনাকাংক্ষিত পৰিস্থিতিৰ বাবে BCCI-এ সকলোৰে ওচৰত ক্ষমা বিচাৰিছে ।
জানিব পৰা মতে, হঠাতে ধৰ্মশালাৰ সমগ্ৰ অঞ্চলটোত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে । যাৰ ফলত ষ্টেডিয়ামৰ এটা লাইট টাৱাৰ বেয়া হৈ পৰে । IPL আৰু পঞ্জাব কিংছে তেওঁলোকৰ অফিচিয়েল X একাউণ্টত পোষ্ট কৰি মেচ বাতিলৰ বিষয়ে সকলোকে অৱগত কৰে ।
- পঞ্জাব আৰু দিল্লীৰ মাজৰ খেলখন বাতিল কৰা হয়
এই মেচখনত পঞ্জাব কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি পঞ্জাবে ১০.১ অভাৰত ১ উইকেট হেৰুৱাই ১২২ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পিছতে ষ্টেডিয়ামৰ লাইট বন্ধ হৈ যায় আৰু কিছু সময়ৰ পিছতে মেচ বাতিল কৰাৰ কথা ঘোষণা কৰে কৰ্তৃপক্ষই ।
Match has been called off.
— Punjab Kings (@PunjabKingsIPL) May 8, 2025
- প্ৰিয়াংশ আৰু প্ৰভসিমৰনে ভাল ইনিংছ খেলিছিল
পঞ্জাব কিংছৰ হৈ প্ৰভসিমৰন সিং আৰু প্ৰিয়াংশ আৰ্যই উজ্জ্বল ইনিংছ খেলিছিল । আৰ্যই ৫টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৩৪টা বলত ৭০ ৰাণৰ ইনিংছ খেলিছিল । টি নটৰাজনে মাধৱ তিৱাৰীক কেচ আউত কৰে । আনহাতে প্ৰভসীমৰণ সিঙে ২৮টা বলত ৭টা চাৰিৰ সৈতে ৫০ ৰাণৰ ইনিংছ খেলে ।
🚨 IPL MATCH CALLED OFF. 🚨
— Mufaddal Vohra (@mufaddal_vohra) May 8, 2025
- Punjab Kings Vs Delhi Capitals match in Dharamshala has been called off. pic.twitter.com/RLTr8BpI7G
- পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ প্লেইং-১১
পঞ্জাব কিংছ : প্ৰভসিমৰন সিং, প্ৰিয়ংশ আৰ্য, জোছ ইংলিছ (উইকেটকীপাৰ), শ্ৰেয়াছ আয়াৰ (অধিনায়ক), নেহাল ৱাধেৰা, শশাংক সিং, মাৰ্কাছ ষ্টোইনিছ, মাৰ্কো জনছন, আজমতুল্লাহ উমৰজাই, যুজবেন্দ্ৰ চাহাল, আৰ্ছদীপ সিং।
দিল্লী কেপিটেলছ : ফাফ ডু প্লেছিছ, অভিষেক পোৰেল (উইকেটকীপাৰ), কে এল ৰাহুল, সমীৰ ৰিজভি, অক্ষৰ পেটেল (অধিনায়ক), ত্ৰিষ্টান ষ্টাবছ, মাধৱ তিৱাৰী, মিচেল ষ্টাৰক, দুষমন্ত চমীৰা, কুলদীপ যাদৱ, টি নটৰাজন ।

