ETV Bharat / sports

বিৰাটৰ বিৰল কৃতিত্ব; আই পি এলত ৰচিলে আন এক অভিলেখ - IPL 2025

দেওবাৰে চণ্ডীগড়ত পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা খেলখনত ডেভিদ ৱাৰ্নাৰক চেৰ পেলাই বিৰাট কোহলীয়ে অৰ্জন কৰে এই কৃতিত্ব ৷

VIRAT KOHLI
বিৰাট কোহলী (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : April 21, 2025 at 7:28 AM IST

Updated : April 21, 2025 at 9:37 AM IST

3 Min Read

মুল্লাপুৰ : ইতিহাসত পুনৰবাৰ নাম পঞ্জীয়ন কৰিলে বিৰাট কোহলীয়ে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ইতিহাসত সৰ্বাধিক পঞ্চাশ প্লাছ স্ক’ৰ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে কোহলী । ২০ এপ্ৰিল দেওবাৰে নিউ চণ্ডীগড়ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু পঞ্জাব কিংছ (পি বি কে এছ)ৰ মাজত অনুষ্ঠিত হোৱা খেলখনত তেওঁ এই কৃতিত্ব অৰ্জন কৰে ।

ডেভিদ ৱাৰ্নাৰক চেৰ পেলালে বিৰাট কোহলীয়ে

দিল্লী কেপিটেলছৰ প্ৰাক্তন বেটছমেন ডেভিদ ৱাৰ্নাৰক পিছ পেলাই বিৰাট কোহলীয়ে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় । কোহলীয়ে ৪৩টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে । এতিয়া তেওঁৰ নামত ৬৭টা পঞ্চাশ প্লাছ স্ক’ৰ আছে, যিটো প্ৰতিযোগিতাখনৰ ইতিহাসত যিকোনো খেলুৱৈৰ সৰ্বাধিক স্ক’ৰ । এই কৃতিত্ব অৰ্জন কৰিবলৈ বিৰাট কোহলীয়ে ২৫২ ইনিংছ খেলিছিল । আই পি এল ২০২৫ৰ মেগা নিলামত বিক্ৰী নোহোৱা ডেভিদ ৱাৰ্নাৰে ৬৬টা পঞ্চাশ প্লাছ স্ক’ৰ কৰিছে । পঞ্জাব কিংছৰ প্ৰাক্তন অধিনায়ক শেখৰ ধাৱনে ৫৩টা পঞ্চাশ প্লাছ স্ক’ৰেৰে এই তালিকাত তৃতীয় স্থানত আছে ।

আই পি এলত সৰ্বাধিক ৫০+ স্ক’ৰ কৰা খেলুৱৈ

  • বিৰাট কোহলী - ৬৭
  • ডেভিড ৱাৰ্নাৰ - ৬৬
  • শিখৰ ধাৱন - ৫৩

টি-২০ ক্ৰিকেটত ১০০টা অৰ্ধশতক

ইয়াৰ বাহিৰেও টি-২০ ক্ৰিকেটত ১০০টা অৰ্ধশতক অৰ্জন কৰা কোহলী বিশ্বৰ দ্বিতীয়জন ক্ৰিকেটাৰ । ১৩ এপ্ৰিল দেওবাৰে ছাৱাই মানসিং ষ্টেডিয়ামত আৰ চি বি আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ মাজত অনুষ্ঠিত হোৱা খেলখনত তেওঁ এই কৃতিত্ব অৰ্জন কৰে ।

আই পি এল ২০২৫ৰ মেগা নিলামত বিক্ৰী নোহোৱাকৈ থকা ৱাৰ্নাৰে টি-২০ ক্ৰিকেটত ১০৮টা অৰ্ধশতক অৰ্জন কৰিছে । অৱশ্যে বৰ্তমান তেওঁ পাকিস্তান ছুপাৰ লীগ (পি এছ এল)ত ফ্ৰেঞ্চাইজিৰ নেতৃত্ব দি আছে ।

টি-২০ ক্ৰিকেটত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ

  • ডেভিড ৱাৰ্নাৰ - ১০৮
  • বিৰাট কোহলী - ১০০
  • ক্ৰীছ গেইল - ৯৯

পি বি কে এছ বনাম আৰ চি বিৰ মেচৰ ফলাফল

দেওবাৰে মুল্লাপুৰৰ মহাৰাজা যাদবিন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাব কিংছক ৭ উইকেটত পৰাস্ত কৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰে । ১৮.৫ অভাৰত মাত্ৰ ৩টা উইকেট হেৰুৱাই ১৫৮ ৰাণৰ লক্ষ্যত উপনীত হয় আৰ চি বি । বিৰাট কোহলীয়ে ৭৩ ৰাণৰ অপৰাজিত ইনিংছ খেলিছিল । এই জয়ৰ জৰিয়তে আৰ চি বিয়ে পইণ্ট তালিকাৰ তৃতীয় স্থানত উপনীত হৈছে ।

লগতে পঢ়ক : PBKS vs RCB : পুনৰ জয়ী হ'ল RCB; পঞ্জাবক ৭ উইকেটত পৰাস্ত কৰে বেংগালুৰুৱে

আই পি এলৰ অভিষেক মেচত আন্দ্ৰে ৰাছেল আৰু অন্যান্য খেলুৱৈৰ সৈতে অভিজাত তালিকাত যোগদান ১৪ বছৰীয়া বৈভৱৰ

ভংগ হ’ল শচীন তেণ্ডুলকাৰ আন এক অভিলেখ ! এই কাম কৰিলে এজন উদীয়মান ভাৰতীয় বেটছমেনে

Last Updated : April 21, 2025 at 9:37 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.