ETV Bharat / sports

দিল্লী কেপিটেলছ-পঞ্জাব কিংছৰ মেচত আম্পায়াৰিঙৰ মান সন্দৰ্ভত প্রশ্ন প্রীতি জিন্টাৰ

থাৰ্ড আম্পায়াৰৰ হাতত ইমান প্ৰযুক্তি উপলব্ধ থকাৰ পিছতো এনে ভুল গ্রহণযোগ্য নহয় বুলি ক'লে বলিউডৰ অভিনেত্ৰীগৰাকীয়ে ।

UMPIRING STANDARDS IN IPL
আম্পায়াৰিঙৰ মান সন্দৰ্ভত প্রশ্ন প্রীতি জিন্টাৰ (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : May 25, 2025 at 3:58 PM IST

3 Min Read
Choose ETV Bharat

তৃতীয় আম্পায়াৰ সন্দৰ্ভত প্রীতি জিন্টা : আই পি এল ২০২৫ৰ ৬৬ সংখ্যক মেচখন দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হয় । এই মেচখনত দিল্লী কেপিটেলছে ৬ উইকেটত পৰাস্ত কৰে পঞ্জাব কিংছক । প্লে অফৰ পৰা বঞ্চিত হ'লেও মেচখনত দিল্লীয়ে জয়লাভ কৰি ১৮ সংখ্য়ক ছিজনৰ সামৰণি মাৰিলে । ২০৬ ৰাণৰ লক্ষ্য দিল্লীয়ে ১৯.৩ অভাৰত উপনীত হোৱাত পঞ্জাবে তালিকাত শীৰ্ষস্থান দখলৰ পৰা বঞ্চিত হ'বলগীয়া হয় ।

আম্পায়াৰিঙৰ মান সন্দৰ্ভত প্রশ্ন উত্থাপন :

চলিত বৰ্ষৰ আই পি এলত প্ৰথম অৱস্থাৰ পৰাই আম্পায়াৰিঙৰ মান সন্দৰ্ভত প্রশ্ন উত্থাপিত হৈ আহিছিল । দিল্লী আৰু পঞ্জাবৰ মাজত অনুষ্ঠিত খেলখনত আম্পায়াৰিঙৰ মান ইমানেই নিম্নমানৰ হয় যে যেতিয়া ফিল্ডাৰে নিজেই মানি লৈছিল যে তেওঁৰ ভৰি বাউণ্ডেৰী লাইনত স্পৰ্শ হৈছিল, তাৰপিছতো থাৰ্ড আম্পায়াৰে পঞ্জাবক ছিক্সাৰ ঘোষণা কৰাৰ পৰিৱৰ্তে কেৱল এক ৰাণহে দিছিল ।

প্ৰীতি জিন্টাই আম্পায়াৰিঙৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিলে :

বলিউডৰ নায়িকা তথা পঞ্জাব কিংছ (PBKS)ৰ মালিক প্ৰীতি জিন্টাই থাৰ্ড আম্পায়াৰৰ সিদ্ধান্তত নিৰাশ হৈ নিম্নমানৰ আম্পায়াৰিঙৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে । মেচৰ পিছত প্ৰীতি জিন্টাই তেওঁৰ এক্স একাউন্টত লিখিছে যে থাৰ্ড আম্পায়াৰৰ হাতত ইমান প্ৰযুক্তি উপলব্ধ থকাৰ পিছতো এনে ভুল গ্রহণযোগ্য নহয় । তেওঁ কয় যে মেচৰ পিছত স্বয়ং কৰুণ নায়াৰেও তেওঁক কৈছিল যে সেইটো ছিক্সাৰ আছিল ।

প্ৰীতি জিন্টাই তেওঁৰ এক্স একাউন্টত লিখিছে, "এনে হাই প্ৰফাইল টুৰ্নামেণ্টত য'ত থাৰ্ড আম্পায়াৰৰ হাতত ইমানবোৰ প্ৰযুক্তি উপলব্ধ, এনে ভুল গ্ৰহণযোগ্য নহয় আৰু এনে হ'ব নালাগিছিল । মই মেচৰ পিছত কৰুণৰ সৈতে কথা পাতিলো আৰু তেওঁ নিশ্চিত কৰিলে যে এইটো নিশ্চিতভাৱে ছিক্সাৰ আছিল । মই ইয়াতেই মোৰ গোচৰৰ সমাপ্ত কৰিলো ।"

PBKS vs DC ৰ মেচত আম্পায়াৰৰ ভুল ক'ত হৈছিল ?

দিল্লী আৰু পঞ্জাবৰ মাজত অনুষ্ঠিত খেলখনৰ প্ৰথম ইনিংছ ১৫ অভাৰত মোহিত শৰ্মাই বলিং কৰিছিল । ১৫তম অভাৰৰ অন্তিমটো বল শশাংক সিঙে লঙ অনৰ দিশে ঠেলি দিয়ে । বাউণ্ডেৰীত থকা কৰুণ নায়াৰে বলটো বাউণ্ডেৰী হোৱাৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে যদিও বলটো নিশ্চিতভাৱে ছিক্সাৰ হ'ব লাগিছিল । দিল্লীৰ খেলুৱৈয়ে ভাবিছিল যে বলটো তেওঁৰ হাতত পৰাৰ সময়ত তেওঁৰ ভৰিয়ে ৰছী স্পৰ্শ কৰিছিল । সেয়েহে ফিল্ডাৰজনে ছিক্সাৰৰ সংকেত দিছিল । ফিল্ড আম্পায়াৰজনে সিদ্ধান্ত থাৰ্ড আম্পায়াৰলৈ ঠেলি দিয়ে যদিও থাৰ্ড আম্পায়াৰে মাত্ৰ এক ৰাণহে দিয়ে ।

দিল্লীয়ে ৬ উইকেটত বিজয়ী হোৱাৰ পিচত পঞ্জাবে তালিকাৰ শীৰ্ষত উপনীত হোৱাৰ সুযোগ হেৰুৱালে । শীৰ্ষ চাৰিটা দলত এতিয়া মাত্ৰ এখনকৈ মেচ বাকী আছে আৰু শীৰ্ষ দুটা দলৰ পইণ্ট এতিয়াও ১৮ আৰু ১৭ ।

লগতে পঢ়ক:দিল্লীৰ হাতত ৬ উইকেটত পৰাস্ত পঞ্জাব - PBKS VS DC MATCH RESULTS

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুত আঘাত, অধিনায়ক ৰজত পাটিদাৰক জৰিমনা বি চি চি আইৰ - RAJAT PATIDAR FINED