জয়পুৰ : আই পি এল ২০২৫ৰ ৬৬ সংখ্যক মেচত দিল্লী কেপিটেলছে পঞ্জাব কিংছক ৬ উইকেটত পৰাস্ত কৰে । জয়পুৰত খেলা এই মেচখনত দিল্লীয়ে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি পঞ্জাবে ২০ অভাৰত ৮ উইকেট হেৰুৱাই ২০৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়, ষ্টয়নিছে ১৬ বলত ৪৪ ৰাণ আৰু অধিনায়ক আয়াৰে ৩৪ বলত ৫৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
২০৭ ৰাণৰ লক্ষ্য খেদি খেদি দিল্লীয়ে মাত্র ১৯.৩ অভাৰত খেলখন জয় কৰে কৰুণ নাইৰে ২৭ বলত ৪৪ ৰাণ আৰু সমীৰ ৰিজভিয়ে ২৫ বলত ৫৮ ৰাণ সংগ্ৰহ কৰে । এই জয়েৰে দিল্লীয়ে আই পি এল ২০২৫ত ১৫ পইণ্টেৰে পইণ্ট তালিকাৰ ৫ম স্থানত নিজৰ স্থান দখল কৰে ৷ ১৪ খন খেলৰ ভিতৰত ৭ খন জয় আৰু ৬ খন খেলত পৰাস্ত হোৱাৰ বিপৰীতে এখন মেচ বাতিল কৰা হয় ।
For his maiden #TATAIPL 5️⃣0️⃣ and finishing act, Sameer Rizvi receives the Player of the Match award 👏👏
— IndianPremierLeague (@IPL) May 24, 2025
Relive his innings ▶ https://t.co/rPYjSTb5J0
#PBKSvDC pic.twitter.com/YRnE5iyjFD
এই মেচখন সকলোতকৈ প্ৰথমে ৮ মে’ত ধৰ্মশালাত খেলখন অনুষ্ঠিত হৈছিল, যেতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত বৃদ্ধি হৈছিল ৷ যাৰ বাবে মেচখন ১০ অভাৰতে ৰখাই দিব লগাত পৰে ৷ তাৰ পাছত আকৌ জয়পুৰত নিশা অনুষ্ঠিত হোৱা মেচত দিল্লীয়ে টছত জয়লাভ কৰে ।
SAMEER RIZVI FINISHED THE MATCH WITH AN EXTRAORDINARY SIX. 🥶pic.twitter.com/ZgMzhpgmxa
— Mufaddal Vohra (@mufaddal_vohra) May 24, 2025
এই মেচত পৰাস্ত হৈ পঞ্জাব কিংছে শীৰ্ষ দুখনৰ দৌৰ এতিয়াও জীয়াই ৰাখিছে । কাৰণ শীৰ্ষ চাৰিটা দলত এতিয়া মাত্ৰ এখনকৈ মেচ বাকী আছে আৰু শীৰ্ষ দুটা দলৰ পইণ্ট এতিয়াও ১৮ আৰু ১৭ । ইয়াৰ উপৰিও এই ছিজনত RCB আৰু PBKS প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰাৰ সোণালী সুযোগ আছে ।